ধাৰাবাহিক উপন্যাস -অৰণ্যৰোদন খণ্ড ৫৩ -নবীন চন্দ্ৰ মেধি

@admin
0
এইবাৰ নতুন বছৰৰ পৰা নিৰ্মল কুমাৰে নতুন কামত হাত দিয়াৰ কথা চিন্তা কৰিছে । এইদৰে আৰু কিমান দিন চলিব । জীৱনৰ সৰহভাগ সময় সি আনৰ বাবে দান দিলে । মাথোঁ ত্যাগ স্বীকাৰ কৰোঁতেই জীৱনটো গ'ল । নিজৰ বাবে একোৱেই কৰা নহ'ল । নিজৰ পৰিবাৰ গৰাকীৰ প্ৰতি তাৰ যি দ্বায়িত্ব , কৰ্তব্য সেয়াও সি ভালদৰে পালন কৰিব পৰা নাই । ল'ৰা-ছোৱালী দুটাৰ প্ৰতিও সি যেন অন্যায় কৰিছে তাৰ মনলৈ এনে ভাৱ আহিবলৈ লৈছে । এই সকলোৰে বাবে দায়ী মাথোঁ ধন । আৰ্থিক সমস্যাই জুৰুলা কৰি পেলাইছে তাৰ সংসাৰ । 

ভাগ্যৰ সকলো দুৱাৰ তাৰ বাবে যেন বন্ধ হৈ পৰিছে । কিয় এনে হ'ল সি ধৰিব নোৱাৰিলে । লগৰ ল'ৰা-ছোৱালী উন্নতিৰ উচ্চতম শিখৰত আৰোহণ কৰিলেও সি যেন উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ অকণো সক্ষম হোৱা নাই । অথচ পঢ়া-শুনা ক্ষেত্ৰত সি পিছপৰি থকা নাছিল । কোনোবাই যেনেতেনে অষ্টম শ্ৰেণীলৈকে পঢ়া-শুনা কৰিও এতিয়া চাকৰি কৰি আৰ চি চি ঘৰ সাজিলে । কোনোবাই যেনেতেনে মেট্ৰিক পৰীক্ষা দি চি আৰ পি এফৰ চাকৰিত যোগদান কৰিলে । কোনোবাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ নহ'লেও কোম্পানীৰ চাকৰি কৰি পকা ঘৰ সাজিলে । আৰু সিহঁতৰ দৰে আন কেইটামানে কলেজৰ ডিগ্ৰী লোৱাৰ মোহত পৰি আজি বেকাৰ জীৱন পাৰ কৰিব লগা হৈছে । কেইটামানৰ চাকৰি হ'ল । টেট শিক্ষকৰ চাকৰি পালে । এটাই প্ৰফেছাৰ হ'ল । এটাই ইঞ্জিনিয়াৰিং পঢ়ি আহি এতিয়া ইঞ্জিনিয়াৰ হ'ল । তিনি চাৰিজন উকীল হ'ল । এম বি বি এছ ডক্তৰ এজনো নহ'ল । কিন্তু একমাত্ৰ সি ভেঞ্চাৰ স্কুলৰ শিক্ষক হিচাপে যোগদান কৰিলে । কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা বিজেপি চৰকাৰৰ দিনলৈকে বিশ বছৰ শিক্ষকতা কৰিলে । কিন্তু কোনো এখন চৰকাৰে চাকৰি নিয়মীয়াকৰণ নকৰিলে । 

সেয়াই ভাগ্য । মানৱ সেৱা কৰাৰ উপযুক্ত পুৰস্কাৰ লাভ কৰিছে আজি । মন্ত্ৰী বিধায়কে কোটি কোটি টকাৰ হেৰফেৰ কৰে কিন্তু সিহঁতৰ নিচিনা দুৰ্ভগীয়া শিক্ষকসকলৰ ভাগ্যত জীয়াই থাকিবৰ বাবে খাবলৈ ফুটা কড়ি এটাও কাৰোঁ পৰা সৰি নপৰে । এয়াই ৰাজনৈতিক নেতাৰ লীলা । আৰু এয়াই হৈছে ভগৱানে নিৰ্ধাৰণ কৰা বিধিৰ বিধান । ব'হাগ বিহুৰ আজি দ্বিতীয় দিনাখনেই সিহঁতৰ দৰে বেতন বঞ্চিত এজন শিক্ষকে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । তথাপিও এইখন চৰকাৰে শিক্ষকসকলক সামান্যতম সুবিধাকণৰ পৰাও বঞ্চিত কৰি ৰাখিছে । সামান্যতম দৰমহা দিবলৈও অপাৰগ এইখন চৰকাৰ । কিন্তু নিজৰ বেংক বেলেঞ্চ হাজাৰ কোটি টকাৰ ওপৰত । 

ক'ত উপাৰ্জন কৰে সিহঁতে ইমান টকা ? কোনো অনুসন্ধান নহয় । সকলো চৰকাৰৰ হাতৰ মুঠিত আৱদ্ধ হৈ পৰিছে । চৰকাৰে যি কয় সেয়াই আইন হৈ পৰে । বেলেগকৈ ন্যায় ব্যৱস্থাৰ প্ৰয়োজন নাই । মাথোঁ চৰকাৰৰ দৰমহা খোৱা ভৃত্য হৈ পৰে সকলো । ইমান অন্যায় অত্যাচাৰ ভগৱানে কেনেকৈ সহ্য কৰে সি ভাৱি নাপায় । ধনৰ অভাৱত জীয়াই থাকিবলৈ আনৰ পৰা ধন ধাৰ কৰিব লগা হৈছে । অভাৱেই আৱিস্কাৰৰ মুল নে অভাৱত স্বভাৱ নষ্ট হয় ? সোনকালে মাৰি নিলে স্বভাৱ নষ্ট নোহোৱাকৈ যাব পাৰিলেহেঁতেন । কিন্তু জীৱন নিৰ্বাহ কৰিবলৈ ইমান জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বুলি সি ভৱা নাছিল । সি যেন আজি জীয়াতু ভোগ কৰিবলগা হৈছে । 

চাকৰি গ'ল । কোম্পানীৰ কামৰ পৰাও অব্যাহতি ল'ব লগা হ'ল । ব্যৱসায় আৰম্ভ কৰিছে যদিও ফ্লপ মাৰিছে । এতিয়া কেনেকৈ সংসাৰ চলাব সি ভাৱি পোৱা নাই । 

কেতিয়াবা কেতিয়াবা তাৰ এই সংসাৰ ত্যাগ কৰি বহু দূৰলৈ গুচি যোৱাৰ কথা মনলৈ আহে ।‌ বহুতো ধৈৰ্য ধৰি জীয়াই থাকিব লগা হৈছে সি একমাত্ৰ ল'ৰা ছোৱালী দুটাৰ কথা ভাৱি । সি জীয়াই থাকোঁতেই সিহঁতৰ এই গতি । যদিহে সি কেনেবাকৈ মৰি থাকে তেন্তে সিহঁতৰ কি গতি হ'ব ? কোনে চাব সিহঁতক ? 

এইবোৰ কথাই ভাৱি আছিল সি । এনে দিন কাল পৰিছে বিহু বুলি ল'ৰা ছোৱালী দুটাক মোমায়েকৰ ঘৰলৈ ফুৰাবলৈ নিবলৈও সক্ষম হোৱা নাই । খোৱা বোৱাৰ কথাই চিন্তা কৰিব নে পিন্ধা উৰাৰ কথাই চিন্তা কৰিব নে ফুৰা চকা কৰাৰ কথা চিন্তা কৰিব । সি একো চিন্তা কৰিব নোৱাৰা হৈ পৰিছিল । ইফালে সপ্তাহে পষেকে গোটৰ কিস্তি পৰিশোধ কৰিব লাগে । ইমান যে অভাৱ অনাটনৰ সন্মুখীন হৈছে সি ।গাড়ীখন বিক্ৰী কৰাৰ কথা চিন্তা কৰিছিল যদিও গ্ৰাহকৰ অভাৱ । কোনো এজন আগবাঢ়ি অহা নাই । এইবাৰ গোটৰ কিস্তি দিবলৈ অসুবিধা হ'ব । কি কৰা যায় । সি চিন্তাম্বিত হৈ পৰিছিল । 

আগলৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)