সম্পাদকীয় - পঞ্চম বৰ্ষৰ চতুৰ্থ সংখ্যা

@admin
0
ব'হাগৰ বতৰ। এইবাৰৰ সম্পাদকীয়ত নিঃসন্দেহে ব'হাগৰ কথাই লিখিম, এনে এটা ভেমত বহি লৈছোঁ।  কথাবোৰ ভাবিবলৈ আৰম্ভ কৰোঁতে লাহেকৈ শংকা এইখিনিয়েও চুই গৈছে মনক। সেইখিনি বাৰু পিছলৈ থলোঁ। প্ৰথমে মিত্ৰদেৱ মহন্তদেৱৰ শব্দৰেই আৰম্ভোঁ-
             শুনা ঐ চ'তাই পেঁপাটি বজাই
             ৰঙালীক আহাঁ লৈ
             পদূলি মুখত বাট চাই চাই
             থাকিম কিমান ৰৈ।
     
          চ'তৰ শেষত ৰঙালীক আদৰি লৈ এতিয়া সকলোবোৰ ব্যস্ত। এই বাপতি সাহোন ৰঙালীৰ ৰঙত সকলোটি ৰঙীণ হৈ থাকক তাকে স্তুতি কৰি  অসমীয়া সাহিত্যৰ চানেকিৰ ফালৰ পৰা আপোনালোকলৈ জনালোঁ ৰঙালী বিহুৰ উষ্ম ওলগ।
          দিগন্তৰ কোনোবা এপাৰত বিনাই থকা কুলি কেতেকীৰ নিনাদ, পুৱা ছয় সাত বজাতেই ওলোৱা তেজাল ৰ'দটো,  ঘৰৰ বাৰীৰ তামোল জোপাত ফুলা কপৌপাহ, শালত লগাই থোৱা টিকটিকীয়া ৰঙা পাৰিৰ গামোচাযুতি - যথেষ্ট, বিহু বুলি গা সাতখন আঠখন কৰিবলৈ ইমানখিনি আয়োজন যথেষ্ট। আমাৰ বাপতি সাহোন বিহুটো অসম আৰু অসমীয়াৰ প্ৰাণস্বৰূপ আয়ুসৰেখা। অসমীয়া সংস্কৃতিৰ  এফাল। এই সংস্কৃতিয়ে আমাক এক কৰি ৰাখে। নানান গীত মাতেৰে অসমীয়াই বিহু পাতি একতাৰ এনাজৰীডাল কটকটীয়া কৰি ৰাখিছে। কিন্তু  সময়ৰ পৰিৱৰ্তনৰ সোঁতত হাতে হাত ধৰি সংস্কৃতিও ৰূপ সলাই আগবাঢ়ি যায়। কিন্তু পৰিতাপৰ কথা যে তেনে পৰিৱৰ্তনৰ বা লাগি আধুনিকতাৰ ধামখুমীয়াত আমাৰ বুকুৰ আপোন বিহুটোত কৃত্ৰিমতাৰ পৰশ লাগিছে। এসময়ৰ গছতলৰ, মুকলি পথাৰৰ বিহু আহি ঘৰৰ চোতাল পালেহি আৰু চোতালৰ পৰা মঞ্চ। শালত বোৱা গামোচাখনৰ ঠাই লৈছেহি আমদানিকৃত বাহিৰৰ গামোচাই। ঘৰে ঘৰে ঢেঁকীত খুন্দা চিৰা, সান্দহ, পিঠাৰ পৰিৱৰ্তে বজাৰৰ সহজলভ্য পিঠা। পতাত পিহি লোৱা জেতুকাৰ ঠাই হৈছে মেহেন্দীয়ে। মুঠতে আগৰ যি মাদকতা, বিহুৰ উখল-মাখল প্রস্তুতি সেয়া আজি নাই যেন ভাৱ হয়। 
          কেৱল সেয়াই নহ‌য়, অসমীয়া ভাষাৰ ক্ষেত্ৰতো অশুভ লক্ষণ কিছুমান পৰিস্ফুত হৈছে। আজিৰ দিনত মা, দেউতা, খুড়া, খুড়ীৰ সংখ্যা কমিছে। মম, ডেড, আংকল, আণ্টিৰ সংখ্যা বাঢ়িছে। ইংৰাজী মাধ্যমৰ সংখ্যা বাঢ়িছে, অসমীয়া মাধ্যমৰ সংখ্যা কমিছে। থলুৱা জনগোষ্ঠীৰ সংখ্যা কমিছে, অভ্যাগতৰ সংখ্যা বাঢ়িছে। নামঘৰৰ ডবা- শঙ্খৰ শব্দ ক্ৰমশঃ স্তিমিত হৈ আহিছে। এনে ধাৰাবাহিকতা অক্ষুণ্ণ থাকিলে কম দিনৰ ভিতৰতে সকলো সমাধিস্থ হোৱাটো নিশ্চিত। যিদিনাই নামঘৰৰ ধূপ চাকি নুমাব, ডবা শঙ্খৰ শব্দ স্তব্ধ হ'ব তেতিয়াই অসমীয়া ভাষাটো দোৱানত পৰিণত হ'ব। আৰম্ভণিতে কোৱা শংকাৰ কাৰণবোৰ এয়াই।
          গতিকে সময় থাকোঁতেই আমি অন্তৰৰ পৰা অসমীয়া হ'ব লাগিব, বিহুক অক্ষতভাৱে জীয়াই ৰাখিবলৈ চেষ্টা কৰিবই লাগিব, ভাষাটো বিজতৰীয়া হোৱাৰ পৰা বচাবই লাগিব। শেষত  ভূপেন হাজৰিকাই কৈ যোৱা গীতৰ ভাষাৰে কওঁ - 
          "আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্ত্বনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।"


◾ৰেবিকা নেওগ
সম্পাদক 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)