বহাগৰ ৰং আঁকি জীৱনলৈ আহিবা তুমি -নিপু কুমাৰ দাস

©Admin
0
মোৰ যেন প্ৰেয়সীৰ বাখৰুৱা মনত
বহাগৰ চেনেহী ৰং আঁকি দিলোঁ 
বাপতি সাহোন ৰঙালী বিহুটিক
জনাবলৈ হৃদয়ৰ পৰা ওলগনি

জেতুকা কোমল পাত দুহাতত বোলাই
ওঁঠত বৰ্হমথুৰি সানি লই
মোৰ প্ৰেয়সী ওলাইছে নাচনী সাজত
বহাগীক আঁদৰিবলৈ হিয়া-মন উজাৰি

আহিবহি প্ৰেয়সী মোৰ নিচে কাষত
আঁকি দিম উকা কপালত ৰাঙলী বেলি
বহাগতে ৰং-বোলাই জীৱনৰ মেলিম পাতনি
সুখে-দুখেই হ'মহি দুয়ো জীৱন লগৰী  

অসমীৰ প্ৰাণৰ প্ৰাণ স্বাভিমান
ৰঙালী বিহুটি জগতেই জানিব বুলি 
ঢোল পেঁপাৰ বাজি উঠিব খলকনি
অসমীৰ মান উঠিব জগতত জিলিকি----।

                     
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)