দাদা ৰে দাদা চৈত বিষমাৰ মেলাত -নাছিৰ আহমেদ

©Admin
0
(দেশী ভাষাৰ কবিতা )( অবিভক্ত গোৱালপাৰা জিলা তথা দেশী জনগোষ্ঠীয় অধ্যুষিত অঞ্চলসমূহৰ ভাষা)



দাদা ৰে দাদা
মুঁই চৈত বিষমাৰ মেলাত যাবাৰ চাং।
চৈত বিষমাৰ মেলাত যায়া 
ৰসে টপ টপে পৰা জিলাপি খাইম, 
হাতত পিন্ধিম ৰং বিৰঙেৰ চুড়ী
পাৱত নূপূৰেৰ ৰুণ ঝুন , ৰুণ ঝুন 
গেন্দা ফুলেৰ মালা 
     খোপাৰ মধ্যে গুজি নিম।

দাদা ৰে দাদা
মুঁই চৈত বিষমাৰ মেলাত যাবাৰ চাং--- 
নখত লাগাইম লাল টকটকে আলতা, 
মাথাত বাস্না তেল, 
গাৱে -মুখে পাউদাৰ আৰ আতৰ ঘসিম ।

মোৰ শৰীলেৰ বাস্নাতে
  ৰঙীলা বন্ধুৱা আসিল মোৰ পাছতে
মোৰ মিঠা পাণেৰ পিছকিৰিৰ দাগ
যায়া লাগিল মোৰ বন্ধুৰ গাত
গাছত লাগিল কুঁশি পাতা
কুলিয়ো কৰিল কুউ্ কুউ্ 
বসন্তেৰ এই মেলাতে 
আনন্দেৰ এই খেলাতে
হাউসেৰ বন্ধু হইল মোৰ
পীৰিতিৰ পাগলা!

দাদা ৰে দাদা
মুঁই চৈত বিষমাৰ মেলাত যাবাৰ চাং ------

সগাইকে অসমীয়া নৱ-বৰ্ষ আৰ ৰঙালী বিহু তথা চৈত বিষমাৰ শুভ কামনা জানালুং। সুখ আৰ শান্তিতে ভৰি যাওক সগাইৰে জীৱন।  সগাই ৰঙীল স্বপ্নত বিভোৰ হওক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)