অণুগল্প -বেটি বচাওঁ ,বেটি পঢ়াওঁ

Rinku Rajowar
0
ৰাজে অন্য দিনা দৰে সন্ধিয়া হাত-মুখ ধুই  অলপ দেশৰ খবৰ পঢ়োঁ বুলি টেবুলৰ ওপৰত থকা দৈনন্দিন বাতৰি কাকত খন তুলি প্ৰথম পৃষ্ঠাৰ শিৰোনামাত  চকু ফুৰাব লওঁতে চুবুৰীয়া অৰুণৰ ঘৰত হুলস্থুলীয়া পৰিৱেশ শুনি বাতৰি কাকত খন  টেবুলতে এৰি  সিহঁতৰ ঘৰলৈ বুলি দৌৰ দিলে।
চুবুৰীয়া অৰুণৰ তিনিজনী কন্যা সন্তান আছে।তাৰে সৰু জনী যোৱা  কালি স্বাভাৱিক অৱস্থাত জন্ম হৈছে।ৰাজে অৰুণৰ ঘৰত গৈ দেখিলে যে অৰুণে সৰু ছোৱালী জনীক  গাখীৰে ভর্তি ষ্টীলৰ চচপেন এটাৰ আগত ৰাখি  আকাশলৈ চাই নেদেখা জনক উদ্দেশ্যি-"হে ভগৱান, তাইক উভতাই লোৱা, অহা বাৰ লৰা হৈ জন্ম দিবা বুলি কৈ ডুবাই মাৰিব ধৰিছে। ৰাজে কোনোমতে দৌৰি কণমানি জনীক থাপ মাৰি তাৰ হাতৰ পৰা কাঢ়ি নি অৰুণক উদ্দেশ্যি গালি পাৰি কলে-"ঐ পাগল, তই ছোৱালী জন্ম হল বুলি ডুবাই মাৰিব বিচাৰিছ যে ! সৰুতে যদি তোৰ মাৰক এনেকৈ বাপেকে মাৰি পেলোৱা হলে তই এই পৃথিৱীলৈ নাহিলি হয়।নাৰী নহলে সৃষ্টিৰ পাতনি নেমেলিব।একবিংশ শতিকাৰ মানুহ হৈ এনে নিকৃষ্ট মানসিকতা লৈ জীয়াই থাকিলে নহব।এজনী কন্যা সন্তান এখন ঘৰৰ লক্ষ্মী। ইহঁত এদিন  এখন ঘৰৰ মাতৃ হব। মাতৃ হল ঘৰ খনৰ শিক্ষাৰ মূল কঠীয়া তলী।কন্যা সন্তানৰ সফলতাৰ কথা সদায় চিন্তা কৰা উচিত যাতে সময়মতে সময়ৰ কাম কৰি যাব পাৰে ৷ৰাজে অৰুণ ঘৰত উপস্থিত থকা ওচৰ চুবুৰীয়াক উদ্দেশ্যি কলে- ''আহক আমি সকলোৱে মিলি কন্যা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলো । সকলোয়ে মিলি বেটি বচাওঁ ,বেটি পঢ়াওঁ ।''


◾ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)