নৱবৰ্ষৰ স্তুতি-ৰেণু শৰ্মা

©Admin
0
নৱবৰ্ষ তুমি আহা
তোমাক জনালোঁ আদৰণি
নৱবৰ্ষ! তোমাৰ কোনো স্বৰূপ নাই
প্ৰকৃতি য়ে দিয়ে তোমাক ৰূপ
তুমি এটা অনুভৱ
অনুপ্ৰেৰণাৰ উৎস। 
নতুন কিবা এক অনন্য জগতৰ সন্ধান দিব পাৰে তুমি যি মানুহৰ সত্তাত  
তোলপাৰ লগাব পাৰে
পোহৰাই সকলোৰে অন্তৰ জগত। 
যুগে যুগে মানুহে গাইছে তোমাৰ স্তুতি গান মহানন্দে অপূর্ব উল্লাসে
মিলিত হৈছে মহামিলনৰ ক্ষেত্র খনিত
আদৰিছে বিহুতলীত, মন্দিৰে মছজিদে
নামঘৰে ঘৰে জ্বলিছে হাজাৰ বন্তি
ৰঙালী বিহুৰ ৰঙৰ ফাকুৰে ৰাঙলী হয় 
অসমীয়া জনতাৰ প্ৰাণ, বহাগ মাহত
হে নৱবৰ্ষ! তুমি বছৰে বছৰে আহা আমাৰ ধৰালৈ
মানৱতা, স্নেহ - প্ৰীতি
ভাতৃত্বৰ এনাজৰীডালে বান্ধিবলৈ অসমীয়া জাতি
এটা সুস্থ সবল
জাতি কৰি গঢ় দিবলৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)