তুমি খোৱাইছা মই খাইছো ।
তুমি নাচিছা মই গাইছো
তোমাৰ অনুকম্পা মই পাইছো ।
হয় , এইখন পৃথিৱীলৈ পঠিয়ালে কোনে , আহিলো কেনেকৈ , কিয় আহিলো , এনে হাজাৰটা প্ৰশ্নৰ উত্তৰ নজনাকৈ আমি মাথো জীয়াই আছো । একো নজনাকৈয়ে কোনোবাই গীতা ভাগৱত , ৰামায়ণ মহাভাৰত পঢ়িছে , কোনোবাই কোৰান পঢ়িছে , কোনোবাই বাইবেল পঢ়িছে । মই হিন্দু , মই মুছলমান , মই খ্ৰীষ্টিয়ান , বৌদ্ধ জৈন আদি বুলি নিজকে নিজে পৰিচয় দিছে । কোনে ক'লে তুমি হিন্দু ? কোনে ক'লে তুমি মুছলমান ? কিয় নিজৰ পৰিচয় পৰিত্যাগ কৰি নিজকে হিন্দু মুছলমান খ্ৰীষ্টান বুলি পৰিচয় দিবলৈ আগ্ৰহী হৈ পৰা তোমালোকে ? প্ৰথমে তুমি মানুহ হোৱা , তাৰ পিছত তোমাৰ পৰিচয় জগতে জানিব । ভগৱান ঈশ্বৰ আল্লাহ সকলো এক । গতিকে মানুহৰ মাজত ভেদভাৱ সৃষ্টি কৰা এই ধৰ্মীয় মনোভাৱ পৰিত্যাগ কৰি সকলো মানুহে একতাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে ।
এইযে হিন্দু ধৰ্মৰ লোকসকল নিজকে বৰ হিন্দু হিন্দু কৈ থাকে সিহঁতে জানে নে হিন্দু শব্দৰ উৎপত্তি ক'ৰ পৰা আৰু কেনেকৈ হ'ল ? হিন্দু ধৰ্মৰ প্ৰথম প্ৰচাৰক বা গুৰু কোন আছিল ? তেত্ৰিশ কৌটি দেৱতা কি ? সকলো কথা ভালদৰে নজনাকৈয়ে আমি কেৱল ধৰ্ম ধৰ্ম কৰি মৰি আছো । হেৰৌ তুমি ধৰ্ম নকৰিলেও ধৰ্ম শেষ হৈ নাযায় । ধৰ্ম বচাও , ভাষা বচাও , জাতি বচাওকৈ চিঞঁৰি ফুৰা সকলে দেশ জাতি ভাষা আৰু ধৰ্ম বচাবলৈ ৰৈ নাথাকে । নিজৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেহে তেওঁলোক সেইবোৰ কৰি ফুৰে । এইযে ৰাজনৈতিক নেতাৰ ৰামঠগন খোৱা এচাম মানুহ আছে সিহঁতে ভালদৰেই জানে ।
নেতাই যেতিয়া দুৰ্নীতি কৰি দল বাগৰি এটা দলৰ পৰা আনটো দললৈ জাপ মাৰে সেই সময়ত পালিনেতাসহ দলৰ অনুচৰ সাংগু পাংগু সকলৰ অৱস্থা চাবলগীয়া হৈ পৰে । কি কৰিম ক'লৈ যাম অৱস্থাত পৰি কিছুমানে ৰাজনীতিৰ পৰাই সসন্মানে অৱসৰ লয় । আৰু সুবিধাবাদী সকলৰ চৰিত্ৰ ওলাই পৰে । ৰাজনীতিত মানৱতা বুলি এটা ধৰ্ম নাথাকে । কিন্তু ধৰ্মৰ ক্ষেত্ৰত সকলো ধৰ্মৰে লোকসকলৰ মাজত মানৱতা পৰম ধৰ্ম হৈ পৰে । এয়াই পাৰ্থক্য ।
এইবোৰ কথাকে চিন্তা কৰি কৰি নিৰ্মল কুমাৰে দোকানত বহি আছিল । তাৰ জীৱনত এনে দিন আগতেও দেখা পাইছে । কিন্তু এইবাৰ যেন আগতকৈও অলপ বেলেগ । প্ৰতিবছৰে বিহুৱে পূজাই তাৰ হাতত ধনৰ অভাৱ হয় । এইবাৰ যেন কল্পনাতীত কাইলৈ গৰু বিহু । হাতত ধন আছিল মাত্ৰ পাঁচ শ দহ টকা । তাকো পৰহীদিনা অৰুণৰ পৰা লোৱা টকা কেইটা আজি আবেলি সময়ত গৈ ঘুৰাই দি আহিছিল । এতিয়া হাত খালি । খেতিয়কৰ সন্তান যদিও খেতি কৰিবলৈ দেখোন মাটি বাৰী নায়েই । অতীজতে দেউতাকৰ বাৰ বিঘা মাটি আছিল । তাতেই খেতি বাতি কৰিছিল । কিন্তু এতিয়া তিনিজন কৈ ককাই ভাইৰ মাজত মাটি বাৰীৰ ভাগ বতৰা কৰাৰ পিছত সেই অকণমান মাটি বাৰীত ঘৰ দুৱাৰ বনোৱা , তামোল পাণৰ বাৰী পতা , পুখুৰী খন্দা , ৰাস্তা বনোৱা , জেওৰা জপনা দি নলা মৰালৈকে চোন ধান খেতি কৰিবলৈ মাটি ভাগত নপৰেই । গতিকে অকণমান দ মাতি আছিল তাকো নিজে খেতি নকৰি আনক দিয়ে । যোৱা তিনি বছৰে খৰাং পৰিস্থিতিৰ বাবে খেতিয়কসকলে খেতি কৰিবলৈ সক্ষম নহ'ল । এইবাৰ কি হয় নতুন বছৰে ক'ব । ৰেচন কাৰ্ড নথকাৰ বাবে বিগত চৈধ্য বছৰে চৰকাৰী চাউল আটা কেৰাচিনতেল আৰু চেনী খিনিৰ পৰাও বঞ্চিত হৈ ৰৈছিল । কাৰণ সি মাষ্টৰৰ চাকৰি কৰে । হেৰৌ ভেঞ্চাৰ স্কুলৰ শিক্ষক হিচাপে কাম কৰি থাকোঁতেই ৰেচন কাৰ্ড খনৰ পৰা বঞ্চিত হ'ব লগা হ'ল নে ? এয়াই আছিল পঞ্চায়তৰ সদস্য , গাঁওবুঢ়া আৰু কণ্ট্ৰলৰ দোকানৰ দোকানীৰ ন্যায় ব্যৱস্থা । ২০১২ চনত এবাৰ আবেদন কৰি চাইছিল কিন্তু সিহঁতে যেতিয়া নিদিও নথওঁ কৰিছিল তেতিয়াৰ পৰা আবেদন কৰা বাদ দিছিল । আনহে নালাগে পয়সত্তৰ বছৰীয়া দেউতাকৰ বৃদ্ধ পেঞ্চনটোও লাভ কৰিবলৈ সক্ষম নহ'ল । চৰকাৰী আন কিবা আচঁনিৰ বাবে আবেদন কৰা বাদ দিছিল সি । নিজে ইমান বছৰে কৰি থকা শিক্ষকতাৰ চাকৰিটোও চৰকাৰী কৰি নিদিলে , টেটৰ চাকৰিও লাভ নকৰিলে যেতিয়া তাৰ হাতত আন একো উপায় নাই । মৰিলেও মৰিল তৰিলেও তৰিল । সি আৰু চৰকাৰী দৰমহাৰ আশা নকৰে । সেয়ে স্বাধীন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱি সি দোকানখন খুলিছিল । কিন্তু দোকানৰ লাভালাভৰ পৰিমাণক লৈ সি সন্তুষ্ট নহয় । আজি কিছুদিনৰ পৰা তাৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছিল যে ভাবিব নোৱাৰা ধৰণৰ মনোকষ্ট খাব লগা হৈছে । আকৌ মানুহৰ জন্ম লোৱাৰ ইচ্ছা নাইকীয়া হৈ পৰিছিল । এই জনমে আঁতিছে আৰু । নতুনকৈ জন্ম নল'লেও হ'ব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ