অংক-শতাব্দী শৰ্মা

Rinku Rajowar
0
সৰুৰে পৰা ৰিমি অংকত বৰ বেয়া নাছিল। অংকুৰ, মুকুলৰ পৰা প্ৰথম , দ্বিতীয় শ্ৰেণীলৈ যিকেইটা অংক থাকে , সেইকেইটা সহজেই । নেওঁতাবোৰ মুখস্থ হোৱাটোও সহজ আছিল। মৌখিক অংক তাই পাৰিছিল। মোমায়েকেও অংক শিকাইছিল। কিন্তু তাই কোনোবাই মুখতে কিবা সুধিলে, ঘপহকৈ ক’ব নোৱাৰে । অলপ সময় লাগি থাকে। তেতিয়ালৈকে প্ৰতিযোগিতাৰ পৰিৱেশটোও তাইৰ জীৱনলৈ অহা নাছিল, কাৰণ সৰু হৈ আছিল। লাহে লাহে অংকত কেনা লাগিল। অংক কৰিব দিলেই বিপদ। অংকৰ সূত্ৰ ঠিকেই মনত ৰয় কিন্তু কৰিবলৈ ল’লে শেষত উত্তৰ ভুল হয়। বহুদিন দশমিকৰ অংকই ৰাতি তাইক শুবলৈকে নিদিলে। যি মূলা বাঢ়ে , তাৰ দুপাততে চিন। অংকৰ ক্ষেত্ৰতো তাইৰ এনে গতি দেখি , মাক - দেউতাক চিন্তিত হ’ল। মাকে দহাই দহাই কৈ থাকে , অংক নকৰিলে পিছলৈ পস্তাব লাগিব। নাই , তাই নোৱাৰে মানে নোৱাৰেই। তাইৰ বেছি ভয় লাগিছিল , যেতিয়া অংকৰ শিক্ষক মহানন্দ ছাৰে ব'ৰ্ডত মাতি নি অংক কৰিবলৈ দিছিল। দেউতাকে টিউচন দিব বিচৰা নাছিল কিন্তু জীয়েকৰ কিবা এটা ভাল হওঁক বুলি সপ্তম শ্ৰেণীৰ পৰা স্কুলৰ অন্য এজন শিক্ষকৰ ওচৰত টিউচন দিলে। টিউচন ল’লে ল’ৰা - ছোৱালী পৰনিৰ্ভৰশীল হয় , সেয়ে দেউতাকৰ মন নাছিল কিন্তু তথাপি দিলে। যিকোনো প্ৰতিভাসন্ধানী পৰীক্ষাৰ ক্ষেত্ৰত তাইৰ সফলতাৰ প্ৰথম বাধাটো হ’ল - অংক ভীতি। তথাপি দুই এটা পৰীক্ষাত মানপত্ৰ পাইছিল। অন্য কাৰোবাৰ উদাহৰণ দিলেও তাই বেয়া পায়, কিন্তু এইবোৰ দিও লাভ নাই । তাই তাইয়েই। মাকৰ মতে , তাই যত্ন নকৰে । কিন্তু তাই জানে , অংক কিমান টান ! এদিনৰ কথা। গণিতৰ শিক্ষক মহানন্দ ছাৰে ক্লাছ কৰাই আছিল। তাই কিবা এটা বুজি নোপোৱাত ছাৰক গৈ সুধিলেগৈ। ছাৰে কি বুজিলে তাই গম নাপালে। তৎক্ষণাৎ ছাৰে গালি পাৰি দিলে আৰু বৰ বেয়াকৈ তিৰস্কাৰ কৰিলে। তাই মাথোঁ সূত্ৰটো বুজি পোৱা নাছিল। সেয়ে ছাৰক সুধিছিল। ছাৰে তাইক মাৰিবলৈ বাকী থাকিল। তাইৰ চকু দুটা পানীৰে উপচি পৰিল। ৰিমিয়ে মুৰটো তললৈ কৰিলে। বেঞ্চত দুটোপাল চকুপানী পৰাত লগৰ দুজনীয়ে উমান পালে , যে তাই কিমান কষ্ট পাইছে। তাইৰ মনত ছাৰৰ প্ৰতি খং আৰু ক্ষোভ ভৰি পৰিল। 
             ভুল ৰিমিৰ নহয় , ভুল সমাজৰ । সমাজে ভাবে অংক, বিজ্ঞানত গোটা নম্বৰ পাই যদি কেনেবাকৈ লেটাৰ মাৰ্ক্স পায়, তেন্তে বিজ্ঞান বিষয়ত আগবাঢ়ি গৈ ডাক্তৰ, ইঞ্জিনিয়াৰ হ’ব পাৰিব। এনেকৈয়ে আজিকালি ল’ৰা - ছোৱালীবোৰক খেদি ফুৰে প্ৰতিযোগীতাই। কোনেও চিন্তা নকৰে, উপযাচি জাপি দিয়া কিছুমান বস্তুৱে মানুহক মানসিকভাৱে ইমান বেয়াকৈ যে ভাঙি পেলাব পাৰে! আজিকালি শিক্ষা মনৰ পৰা খুব কমেহে হয় , সকলো আনৰ হেঁচাত । তদুপৰি শৈক্ষিক ব্যৱস্থাতো দোষ আছে যেন লাগে। কাৰণ এজন শিক্ষাৰ্থীয়ে যেতিয়া কোনোবা এটা বিষয়ত দুৰ্বল অনুভৱ কৰে তেতিয়া খঙেৰে নহয় মৰমৰ জৰিয়তে বুজাব লাগে। প্ৰতিটো বিষয় ভালকৈ বুজিলেহে আগ্ৰহ বাঢ়ে। কিন্তু ৰিমিৰ আজিকালি অংক বুলি ক’লে জ্বৰেই উঠা হৈছে। কৰিবলৈ মন নাযায়, সূত্ৰ মুখস্থ নহয় । তদুপৰি মহানন্দ ছাৰৰ দিনক দিনে বৃদ্ধি হোৱা শাসনে তাইক আৰু ভাঙি পেলাইছে । ইমান খং কৰে , ইমান গালি পাৰে চিঞৰি চিঞৰি স্কুলৰ সকলোৱে শুনাকৈ। মহানন্দ ছাৰ বৰ অহংকাৰী মানুহ। 
অংক বহী দিলেও ঘৰত গালি, স্কুলত পিতন খায়। অংকৰ সূত্ৰ তাইৰ মাথোঁ দুদিন মনত থাকে, আকৌ পাহৰি যায়। একপ্ৰকাৰ অশান্তি। ওপৰৰ পৰা ভালকৈ কৰি অহা অংকৰ সমীকৰণ শেষলৈ যোগ - বিয়োগত ভুল হৈ যায়। আটাইতকৈ তাই ভাল পায়, ল: সা: গু: উলিয়াই। কি উজু! এনেকৈ থাকোতেই মেট্ৰিক পৰীক্ষা পালেহি। তাই অংক কৰিব পাৰিব নে নাই, সন্দেহ হয়। সেই হেতুকে মাকে সদায় বাহিৰত ৰ’দত বহুৱাই দিয়ে আৰু অংক অনুশীলনীৰ পৰা কৰিব দিয়ে। তাই অংক কৰে, খুব নোৱাৰিলে চাই চাই কৰি থৈ দিয়ে। ভাল কথা নহয় বুলি জানিও তাই তাকেই কৰে। মাকে মন কৰে মাজে মাজে। মাকে বিৰাট আশা কৰে ছোৱালীয়ে অংকত লেটাৰ পাব। টেষ্টৰ পিছত পঢ়ি থকাৰ লগতে অংকও কৰিছে। শেষলৈ চেষ্টা কৰিলে তাই, কৰি গৈছে, ভুল হৈছে আকৌ চাই চাই কৰিছে । মুঠতে মাকৰ আশাত চেঁচাপানী নপৰাৰ অপৰিসীম চেষ্টা।  
                 যা হওঁক, অংক পৰীক্ষা প্ৰথমদিনাই আছিল। মাকে ধুনীয়াকৈ বুজাই - বঢ়াই পঠিয়াইছে। তাই পৰীক্ষা দি আহিল, দেউতাকে জানে তাই কি কৰিব! সেয়ে নুসুধে। মাকে মুখ দেখি গম পালে , তাইৰ বৰ ভাল হোৱা নাই। খুব গালি পাৰিলে প্ৰশ্ন কাকতখন হাতত লৈ। তাই উচুপি উঠিল। সেই দিনটো তাইৰ বৰ বেয়াকৈ পাৰ হ’ল। ৰিমিৰ বাকী পৰীক্ষা ভাল হ’ল। তাই আগতেও বহুত ভাল হ’ব বুলিও ক’ব নোৱাৰে। এতিয়াও তাই স্বাভাৱিক। মাকে বাদ দিলে তাইক কথা সুধিবলৈ। তাইৰ ৰিজাল্টৰ দিন আহি পালেহি। ফোনেই ফোন সিহঁতৰ ঘৰলৈ। ৰিমিৰ ৰিজাল্ট ভাল হ’ল । ষ্টাৰ মাৰ্ক পালে, চাৰিটা বিষয়ত লেটাৰ। ফাৰ্ষ্ট ডিভিজন। মাৰ্কশ্বিটখন আহিল, ৰিমিৰ চকু গ’ল অংকৰ মুঠ নম্বৰলৈ। তাই ৬০ নম্বৰ পালে। ৰিমিৰ মুখত হাঁহি। মাকৰ সন্তুষ্টি, তাই যে ফেইল নকৰিলে। 
( সমাপ্ত) 

• শতাব্দী শৰ্মা
      নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)