অভিমানী হৃদয়ৰ অনুভৱ
বৰ হেঁপাহেৰে লিখি পঠাইছোঁ
অভিমান সামৰি পঢ়ি চাবা
অচিনাকী চৰাইজনী.....
সঁচা আৱেগৰ শব্দবোৰ পঢ়ি
এবাৰ বুজিবলৈ চেষ্টা কৰিবা
মোৰ হৃদয়ৰ বিষাদগাথাবোৰ।
বিষাদবোৰে আহি আশাৰ
পৰিধি নোহোৱা কৰিলে
ভাৱনাবোৰে আহি আমনি কৰিবলৈ
এতিয়া চোন প্ৰায় এৰি দিলে
আধৰুৱা শব্দবোৰেও অভিমান কৰে।
লাহে লাহে বুজি উঠিলো
নিজক সুখী কৰি ৰখাৰ দায়িত্ব
কেতিয়াও আনৰ নহয়
সেই চেষ্টা কেৱল মাথোঁ মোৰ ।
জোনাক নিশাৰ ছবিবোৰ
ক্ষন্তেকৰ বাবে আঁতৰাই
ব্যতিক্ৰম হ'বলৈ চেষ্টা কৰাতেই
মোৰ ভুল আছিল চাগে
সেইবাবে আজিও ইমান নিঃসংগ
চাৰিওফালে ইমান নীৰৱতা।
নিজকে প্ৰশ্ন কৰোঁ সঁচা
কিন্তু উত্তৰ বিচাৰি নাপাওঁ
যিবোৰ প্ৰশ্নৰ কোনো উত্তৰ নাই
তাৰ জানো উত্তৰ বিচাৰি পাম!
ঠেহ পাতি জোনটোৰ সৈতে
অভিমান কৰিবলৈও মন নাযায়
অকলশৰে থাকিবলৈ মন যায়।
নিৰ্জনতাই বাৰে বাৰে প্ৰশ্ন কৰে
কিয় ইমান উদাস কিয় ইমান বিষাদ?
তাৰো উত্তৰ মই দিব নোৱাৰোঁ
কেৱল মৌন হৈ স্তব্ধ হৈ ৰও
এতিয়া যে মৌনতাক প্ৰিয় কৰিছোঁ
সেয়া যে বুজাব নোৱাৰোঁ
নিজৰ মাজতেই হেৰাই যাওঁ মই।
অভিমানবোৰ এচুকত ৰাখি
কিছু প্ৰয়াস মাথোঁ নিজক বুজি উঠাৰ
নিজক ভালপোৱাৰ বাবে
অকণমান সময় মৌনতা
কিন্তু উত্তৰ নোহোৱা প্ৰশ্নবোৰ!
তাৰ উত্তৰ হয়তো মই
কেতিয়াও দিব নোৱাৰিম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ