ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড - ৪৩

©Admin
0
ইমান দিনে দোকান বন্ধ কৰি কবি সন্মিলন আৰু ভাগিনীয়েকৰ বিয়াৰ বাবে ব্যস্ত হৈ থাকোতে দোকানৰ লালবাতি জ্বলিবলৈ আৰম্ভ কৰিছিল । পিছদিনাখন দুপৰীয়া সময়ত এপাক দোকানখনলৈকে ওলাই যাও বুলি সি বাইকখন লৈ ওলাই আহিছিল । দোকানৰ অৱস্থা নাইকীয়া হৈ পৰিছিল । বিক্ৰী বাৰ্তা নোহোৱা হৈছিল । দোকানৰ বস্তু বাহানি গোটাবলৈ মানে মাল ভৰাবলৈও হাতত ধনৰ অভাৱ হৈ পৰিছিল । ফেব্ৰুৱাৰী মাহৰ পৰা খৰচৰ মাত্ৰা ইমান বাঢ়ি গৈছিল যে নিৰ্মল কুমাৰে উপায় বিহীন হৈ পৰিছিল । প্ৰতি সপ্তাহে বন্ধন গোটৰ ধাৰ মৰা , পষেকে পষেকে চেটিনৰ ধাৰ মৰা আৰু মাহৰ আৰম্ভণিতে আৰোহণৰ ধাৰ মৰা , তাৰ উপৰিও বাইকখনৰ কিস্তি মাৰিব লাগে । ইফালে দহ হাজাৰ টকা দহটকীয়া সুদত অনা মাহে মাহে এহেজাৰ টকাকৈ দিব লাগে । জাতীয় বিদ্যালয়ত পঢ়া-শুনা কৰা দুয়োটা ল'ৰা ছোৱালী মিলাই বছৰি ২৫,০০০ টকাকৈ দিব লগা হয় । মুঠতে মাহে পোন্ধৰ হাজাৰ টকাৰ ওপৰত খৰচ কৰিব লগা হৈছে । উপাৰ্জন বুলিবলৈ এটকাও নাই । দোকানখনৰ পৰাও উপাৰ্জন নাই । পৰীক্ষা আৰম্ভ হোৱাৰ পিছৰ পৰাই দোকানৰ বিক্ৰী কমি গৈছিল । এতিয়া পৰীক্ষাও শেষ হ'ল । বিদ্যালয় এমাহলৈ বন্ধ । গতিকে বিক্ৰী বাৰ্তা নোহোৱা হ'ল । সপ্তাহৰ মূৰত গোটৰ ধাৰ মাৰিবলৈ আকৌ আনৰ ওচৰত হাত পাতিব লগা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে । কি কৰি যে সংসাৰ চলাব ভাৱিবলৈ ভয় লগা হৈছে । 

চ'তৰ এক তাৰিখৰ পৰা চুঙাজান  আঞ্চলিক বৰ নামঘৰত অখণ্ড ভাগৱত পাঠ আৰম্ভ হৈছে । নিৰ্মল কুমাৰে যাবলৈ ইচ্ছা নকৰিলে । ধৰ্ম ধৰ্ম কৰি থাকোঁতে ধৰ্মই লগ নিদিয়া হৈছে । ভগৱানে চকু মেলি নোচোৱা হৈছে । কিমান আৰু দুখ কষ্ট সহ্য কৰিব সি ।  

চাওঁতে চাওঁতে ল'ৰা ছোৱালীৰ পৰীক্ষাৰ ৰিজাল্ট দিবৰ হ'ল । ১৮ মাৰ্চ তাৰিখে জাতীয় বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিলে । কৌশিক প্ৰতাপে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৯১% নম্বৰ পাই শ্ৰেণীটোৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । বিদ্যালয়খনৰ প্ৰথম দহটা স্থানৰ ভিতৰত সপ্তম স্থানেৰে নিজৰ স্থিতি সৱল কৰিবলৈ সক্ষম হয় । আৰু পৰিণীতাই ৮০% নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । পৰিণীতাইয়ো শ্ৰেণীটোৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে । 

ল'ৰা ছোৱালী দুটাৰ এই প্ৰাপ্তিত সিহঁত দুয়ো মাক বাপেক যেন সন্তোষিত হোৱা নাছিল । যোৱাবছৰৰ দৰেই এইবাৰো একেই ফলাফল । আশা কৰা মতে প্ৰথম স্থান লাভ কৰিব নোৱাৰাৰ বাবেই দুয়োটা ল'ৰা ছোৱালীক জাতীয় বিদ্যালয়ৰ পৰা আন কোনোবা এখন বিদ্যালয়ত নামভৰ্তি কৰাই দিয়াৰ উদ্দেশ্যেৰে চাৰ্টিফিকেট উলিয়াই আনিবলৈ বাধ্য হৈ পৰিছিল । যাওক দুই এবছৰ অন্ততঃ আন বিদ্যালয়ত পঢ়ি আহিলে এটা শিক্ষা লাভ কৰিব । দুবছৰ চৰকাৰী বিদ্যালয়ত পঢ়াই নৱোদয় বিদ্যালয়ৰ পৰীক্ষা দিওৱাৰ কথা চিন্তা কৰিলে । 

বাহিৰত কঠোৰ ভাৱ প্ৰদৰ্শন কৰিলেও ভিতৰি ল'ৰা ছোৱালী দুটাৰ পৰীক্ষাৰ ভাল খবৰ পাই নিশাৰ সাজত মাংস ভাতৰ ব্যৱস্থা কৰিলে । অন্ততঃ সিহঁত সুখী হওক । সন্তুষ্ট হ'ব । মাক দেউতাকৰ অৱস্থাৰ কথা সিহঁতে জানে । এটা ভাল চৰকাৰী চাকৰি নাই । কিদৰে পৰিয়ালৰ ভৰণ পোষণৰ ব্যৱস্থা কৰিছে দেখি আছে । গতিকে অন্য বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ সিহঁতে আপত্তি কৰা নাই । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)