বিশ্ব অটিজিম সজাগতা দিৱস উপলক্ষে দুআষাৰ-ডাঃ মুনীন্দ্ৰ মেধি

©Admin
0
২০০৭ চনৰ পৰা প্ৰতিবছৰে ২ এপ্ৰিলত বিশ্ব অটিজিম দিৱস পালন কৰি অহা হৈছে।ৰাষ্টসঙ্ঘৰ উদ্যোগত প্ৰতিবছৰে পালন কৰা স্বাস্থ্য সম্পৰ্কীয় সাতটা দিৱসৰ ভিতৰত ই এটা। জনসাধাৰণক ,বিশেষকৈ অভিভাৱক সকলক অটিজিম সম্পৰ্কে সচেতন কৰাটোৱেই এই দিৱস পালনৰ মূল উদ্দেশ্য যাতে আক্ৰান্ত শিশু সকলক যথাসময়ত চিনাক্ত কৰি চিকিৎসা আৰম্ভ কৰিব পাৰি।
  অটিজিমত ভোগা শিশু সকলৰ স্নায়বিক বিকাশ বাধাগ্ৰস্ত হয় ।জন্মৰ সময়তেই এই ৰোগৰ আৰম্ভণি হয় যদিও দুবছৰ মান বয়সত স্পষ্ট হৈ পৰে।কিছুমান শিশুৰ ক্ষেত্ৰত পাঁচ বছৰমান বয়সলৈ স্বাভাৱিক বিকাশ হোৱাৰ পিছত বিকাশ বাধাপ্রাপ্ত হয়   বা আগতে হোৱা বিকাশখিনি হেৰুৱাবলৈ ধৰে।দেখা যায় যে এই শিশু সকলে পাৰিবাৰিক বা সামাজিক ক্ষেত্ৰত অইন ব্যক্তিৰ সৈতে স্বাভাৱিক যোগাযোগ স্থাপনৰ কৌশল আয়ত্ব কৰিব নোৱাৰে।কাৰো সৈতে চকুত চকু থৈ কথা পাতিব নোৱাৰে। অকলে থাকি ভাল পায়। কথা কব পৰা ক্ষমতাৰ পূৰ্ণ বিকাশ নহ’ব পাৰে। কিছুমানৰ ক্ষেত্ৰত বৌদ্ধিক বিকাশো বাধাপ্ৰাপ্ত হয়।
  অটিজিমৰ বাবে হোৱা অক্ষমতা সমূহ গোটেই জীৱনলৈ থাকে।
   অটিজিমত আক্রান্ত শিশু সকলক বিশেষ শিক্ষা প্ৰদানৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হোৱাৰ  সুযোগ দিয়াটো দেশ আৰু সমাজৰ দায়িত্ব।
   অটিজিমৰ ওপৰত আলোকপাত কৰি 'তাৰে জমিন পৰ','কোই মিল গয়া' আদি হিন্দী চিনেমা নিৰ্মিত হৈছে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)