ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন - খণ্ড ৪৬

©Admin
0
কুলিৰ কোমল মাত 
দীঘলীয়া বাট , 
ক'লৈ যোৱা ভণ্টি তুমি 
লগাই যোৱা মাত ।  

ডেকা ল'ৰাবোৰৰ এই সময়ছোৱা যেন নাযায় নুপুৱায় । কুলি চৰাইৰ বিননিত শুৱ নোৱাৰা অৱস্থা । ক'ৰবাৰ পৰা ধুনীয়া গাভৰু ছোৱালী এজনী সন্মুখেৰে পাৰ হৈ গ'লে মাতষাৰ লগাও লগাও যেন লাগে । চকুৱে চকুৱে যেন চাব , চাৰি চকুৰ মিলন হ'ব । বিহুৰ বতৰত গাঁৱলৈ ক'ৰবাৰ পৰা ৰূপহী গাভৰু ছোৱালী দুজনীমান আহিলে কেনেদৰে চিনাকি হোৱা যায় , তাৰ চিন্তাত ব্যাকুল হৈ পৰে । 

এনেবোৰ দিনতেই নিৰ্মল কুমাৰৰ মনত পৰে কলেজীয়া দিনবোৰলৈ । কলেজীয়া দিনৰেপৰা ভাল পাই অহা তাৰ ৰূপহী নহ'লেও মনে প্ৰাণে ভাল পোৱা প্ৰেমিকাজনীৰ সতে পাৰ কৰা নিবিড় মূহুৰ্তবোৰৰ কথা । কিন্তু তৎক্ষণাৎ ঘুৰি আহে বাস্তৱলৈ । এতিয়া আৰু অতীতলৈ উভতি যোৱাৰ সময় নাই । সেই সময়তে তাইৰ আন এজন ডেকা ল'ৰাৰ সতে বিয়াৰ দিন বাৰ ঠিক হৈছিল । মাক দেউতাকৰ মনত দুখ দিব বিচৰা নাছিল তাই । সেয়ে নিজৰ সন্মতি নথকা স্বত্তেও একমাত্ৰ মাক দেউতাকৰ মনত সুখৰ কথা চিন্তা কৰি তাই এই বিয়াত মান্তি হৈছিল । কাৰণ সিহঁতৰ মাজত চলি থকা এই প্ৰেমৰ সম্পৰ্ক কোনোমতেই সিহঁতৰ পৰিয়ালে মানি লোৱা নাছিল । যি হওক বিয়াৰ আগে আগে তাই তাৰ ওচৰত ক্ষমা বিচাৰিলে - 

: এই জনমত মই আপোনাৰ হ'ব নোৱাৰিলোঁ । আকৌ যদি জন্ম লাভ কৰোঁ তেতিয়া আমি পুনৰ এক হ'ম । এইবাৰলৈ ক্ষমা কৰক । 

সি খং কৰিবও পৰা নাছিল আৰু ক্ষমা কৰিবও পৰা নাছিল । ব'হাগ মাহৰ প্ৰথম সপ্তাহতে তাইৰ বিয়া ঠিক হৈছিল । নিৰ্মল কুমাৰক বিয়ালৈ নিমন্ত্ৰণ কৰিছিল কিন্তু সি বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিব লাগে বুলি ভবা নাছিল । 

তাৰ পৰিৱৰ্তে এসপ্তাহৰ ছুটি লৈ সি বিশেষ কামত তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈ ঢাপলি মেলিছিল । বিহু চলি আছিল । প্ৰথমবাৰৰ বাবে তিনিচুকীয়া জিলাৰ গছতলৰ বিহু চালে সি । টিলিঙা মন্দিৰলৈও পাক মাৰিলে । তিনিটা মান নিশা তিনিচুকীয়াত কটোৱাৰ পিছত সি ডিব্ৰুগড়লৈ ঢাপলি মেলিছিল । ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন গাঁৱত বিহুৰ ভৰ পক দিয়া বতৰত মনে মিলা ধৰণৰ এজনী ছোৱালী চালে । 

ইফালে হয়তো বিয়াৰ ধামখুমীয়াত প্ৰেমিকাজনীয়ে সিদিনা তালৈ মনত পেলাবলৈও পাহৰি পেলাইছিল । আজৰি নাছিলেই । তাৰ মাজতে কন্দা কটাৰ সময়ত যদিহে অকণমান সময় তাৰ কথা ভাৱি কান্দিছিল তেন্তে বেলেগ কথা । 

এনেদৰে আৰু নহ'ব । ইমান দিনৰ প্ৰেম ভালপোৱা যদিহে অথলে যায় তেন্তে জীৱন দিয়াতকৈ নতুনকৈ জীৱন জীয়াবলৈ চেষ্টা কৰা দৰকাৰ । সি সিদ্ধান্ত লৈছিল নতুনকৈ প্ৰেমত পৰিব । ডিব্ৰুগড়লৈ গৈ সি মণিষাৰ প্ৰেমত পৰিছিল । চাৰি চকুৰ মিলন হৈছিল । প্ৰতিশ্ৰুতি দিলে এক হোৱাৰ । ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই গাঁৱখন সাক্ষী হৈ ৰ'ল । সেই বৰ গছৰ পুলিটো যিটো পুলি সিহঁত দুয়ো ৰাস্তাৰ দাঁতিতে থকা পথাৰখনৰ মাজৰ টিলাটোত একেলগ হৈ ৰুইছিল , সাক্ষী হৈ ৰৈছিল । 

মানুহবোৰৰ মন বৰ ঠেক আছিল । ক'বলৈ গ'লে ধনৰ ইমান ধনীও নাছিল । তথাপিও মাক দেউতাকক কথাষাৰ সুধি চাইছিল । মাক দেউতাকৰ ইমান আপত্তি নাছিল । কিন্তু ইমান দূৰ ! 

সকলো ঠিকেই আছে কিন্তু দাইলত নিমখ কম হ'ল । এইযে মানুহবোৰে একো খুট উলিয়াব নোৱাৰিলে অমুকটোহে হ'ল বুলি কথা এষাৰ কয় , তাৰ ক্ষেত্ৰতো একেই হৈছিল । ডিব্ৰুগড়ৰ পৰা গোলাঘাট বহুদূৰৰ বাট । মাক দেউতাকৰ আপত্তি তাতেই । ছোৱালীৰ মনৰ বেদনা বুজি পোৱা মাক দেউতাকৰ যেন জন্মই হোৱা নাই । কিয় ইমান নিষ্ঠুৰ হয় বাৰু ? 

ছোৱালীক সুধি চাইছিল । সিদিনাই লৈ আহিবলৈ মন আছিল তাৰ । এনে বিহুৰ বতৰ । ইয়াতকৈ ভাল দিন কেতিয়াও নাহে । কিন্তু ছোৱালীৰ সিদিনাই আহিবলৈ মন নাছিল । ছমাহ পিছত দুৰ্গাপূজাৰ সময়ত আহিবলৈ কৈ পঠিয়ালে । আহিনৰ বতৰ , শাৰদীয় দুৰ্গা পূজাৰ সময়ত আহিব । পূজা চোৱাৰো মন । প্ৰতিশ্ৰুতি দিলে সেইবাৰ একো আপত্তি কৰাৰ থল নাথাকিলে । 

দুধোৰ মুধোৰ অৱস্থাত পৰিছিল সি । সামাজিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰাৰ বাবে সি সেইসময়ত ডিব্ৰুগড়লৈ যাব পৰা নাছিল । একে অঞ্চলতে থকা এটি অনুষ্ঠানৰ এখন স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ কামত ব্যস্ত হৈ পৰিছিল সি । ক'লৈকো যাবলৈ সময় নাছিল । 

এইদৰে এটি অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰাৰ অজুহাতত সি সময়মতে মণিষাক লগ কৰিবলৈ ডিব্ৰুগড়লৈ যাব পৰা নাছিল । ফলত ভুল বুজাবুজিৰ উপক্ৰম হৈছিল । ইয়াৰ পিছতো ছমাহ পাৰ হৈ গৈছিল । লাহে লাহে ডিব্ৰুগড়লৈ যোৱা এটা বছৰ বাগৰি গৈছিল । ব'হাগ পাৰ হৈ জেঠ সোমাইছিল । ইফালে গাঁৱৰ নামঘৰত বাৰ্ষিক সভা আৰু ভাওনা । দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হৈ গৈছিল । আলহী আহিছিল । বন্ধুবৰ্গ আছিল । 

সিদিনাই সন্ধিয়া সময়ত ডিব্ৰুগড়ৰ পৰা ফোন আহিছিল । ডিব্ৰুগড় মৰাণৰ এজন লোকৰ লগত মণিষা সিদিনাই আবেলি সময়ত পলাই গৈছিল । 

খা বাপেকে ভীমকলটো । এটা বছৰৰ অন্তৰালত দুজনীকৈ ছোৱালীয়ে ঠগিমেলি অকলশৰীয়া কৰি আঁতৰি গৈছিল । তাৰ পিছত আৰু সি ছোৱালী বুলিলে বিশ্বাস কৰিবলৈ টান পোৱা হৈছিল । তাৰ জীৱন কাহিনীৰেই যেন এখন উপন্যাস হ'ব । 

লাহে লাহে সমাজ জীৱনৰ পৰা সি বিচ্ছিন্ন হৈ পৰাৰ বাবে সিদ্ধান্ত লয় । নালাগে এনে স্বাৰ্থপৰ সমাজ । অকলশৰে থকাই ভাল । 

এনেদৰেই কিছুদিন পাৰ হৈ গৈছিল । সাহিত্য চৰ্চা কৰা , খেলা ধূলা কৰা সকলো বাদ দিছিল । কেৱল বিদ্যালয়লৈ অহা-যোৱা কৰিছিল কাৰণ সি যে মাষ্টৰৰ চাকৰি কৰে ।

✍️নবীন চন্দ্ৰ মেধি  
গোলাঘাট ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)