নিশাৰ শুৱনি কোঠা - পল উৎপল গোহাঁই

©Admin
0

মাতিছা যেতিয়া তুমি
যাবইতো লাগিব, 
নিশাৰ টোপনিত সোনালী সপোন হৈ, 
গুচি যাম তোমাৰ কাষলৈ।
বুকুত এসাগৰ মৰম বান্ধি,
লৈ যাম তোমালৈ,
ওপচাই তুলিম মোৰ মোৰ মৰমেৰে।
আৰু তুমি সাঁতুৰিবা
মোৰ মৰম নদীৰ ঘাটত,
বুকুত মৰম নথকালৈকে
উজাৰি দিম তোমাক।
চেনেহৰ বান্ধোনেৰে
সাৱটি ৰাখিম তোমাক,
তুমি মৰমৰ বাগিচাৰ পৰা
ওলাব নোৱাৰাকে।
শুৱনি কৰিম তোমাৰ লগত
নিশাৰ শুৱনী কোঠা,
আৰু দুগালত চুমা দি 
উভতনি নাৱেৰে,
উভতি আহিম
তোমাৰ সপোন ভাঙি ৷

✍️পল উৎপল গোহাঁই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)