ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন-খণ্ড ৪৫

©Admin
0
আমে মলিয়ালে 
চামে মলিয়ালে
কঠালে পেলালে মুচি  , 
এইবেলি ব'হাগতে 
পলুৱাই নিব নোৱাৰিলে
আনলৈ যামে মই গুচি । 

সময়ে কাৰোলৈকে বাট চাই নাথাকে । ঋতু অনুসৰি প্ৰকৃতিয়েও ৰূপ সলায় ।  গতিকে মানুহৰ মনহে । সলনি হ'বলৈ কেত পৰ । 
কুলি চৰাইজনীয়ে গছৰ ডালে ডালে পৰি বসন্ত অহাৰ আগজাননী দিলে । কুলিৰ মাত শুনি আমাৰ নাচনী গাভৰুহঁতৰ গা মন ৰাই জাই কৰিবলৈ ধৰিলে । ইফালে বসন্তৰ আগমনৰ বাতৰি পাই গছে বনেও সলালে পাত । আমে মলিয়াইছে , কঠালে মুছিয়াইছে । তামোল নাৰিকলেও ডবিয়াইছে । বতৰ সলনি হৈছে । ফাগুনৰ ধূলিয়ৰি বাটত এতিয়া চ'তৰ আগমনৰ লগে লগে বৰষুণে জীপাল কৰি তুলিছে । লঠঙা ফাগুনৰ পৰিৱেশ এতিয়া আৰু নাই । বসন্তৰ আগমনত লঠঙা গছৰ ডালত ন কুঁহিপাত মেলিছে । ফুলনি বাগিছাসমুহত গোলাপ তগৰ খৰিকাজাই কপৌ ভাটৌ আদি ৰঙা বগা নানা ৰঙৰ ফুল ফুলিছে । বতৰৰ লগতে প্ৰকৃতিৰ এনে পৰিৱৰ্তন দেখি বুঢ়া দেহাতো যৌৱন জাগি উঠে ।  
এনে এক মনোমোহা পৰিৱেশ পাই গাভৰু দেহত জুই জ্বলাটো স্বাভাৱিক । কেৱল গাভৰুৰ দেহতেই নে মনতো  জুই জ্বলে । দেহ মনৰ এই জুইৰ উপসম ঘটাব নোৱাৰিলে ভাল পাই থকা ডেকা ল'ৰাকো এৰি থৈ অন্য ডেকাৰ সতে পলাই যোৱাৰ সিদ্ধান্ত লয় । এই সময়ছোৱাত ভাল পাই থকা প্ৰেমিক প্ৰেমিকাৰূপী ডেকা গাভৰুৰ উফন্দ অলপ বেছি হয় । কথা নিমিলিলে ভালপাই থকা ডেকা গাভৰুকো এৰি থৈ অন্য ডেকা গাভৰুৰ সতে বিয়া হোৱা দেখা যায় । 
কেৱল সেয়ে নহয় আজি কালি ডেকাসকলে কামৰ তাগিদাত প্ৰায়ে ঘৰৰ পৰা বহু আঁতৰত থকা দেখা যায় । অসমৰ পৰা বহু ডেকা ল'ৰা আজিৰ তাৰিখত চেন্নাই বাংগালোৰ হাইদৰাবাদ পুনে আহমেদাবাদ কেৰেলা আদি ঠাইলৈ কোম্পানীৰ কামত ওলাই যোৱা দেখা যায় । একমাত্ৰ টকাৰ অভাৱৰ বাবেই তালৈ যাবলৈ বাধ্য হয় । তেনেকুৱা ন কৈ বিয়া পতা  ডেকা ল'ৰাৰ ঘৰত গাভৰু পত্নী থকাসকলৰ বিপদ বেছি । কিছুমান তিৰোতাই টকাৰ লালসাত ভোগে আৰু আন কিছুমান তিৰোতাই যৌৱনৰ ভোক সহ্য কৰিব নোৱাৰি অন্য মতা বা অন্য ডেকা ল'ৰাৰ লগত পলাই যাবলৈ বাধ্য হৈ পৰে । দোষ কাৰ ? দোষ সময়ৰ । কেৱল ধন ঘটিলেও নহ'ব , পৰিয়ালৰ সদস্যসকলকো সময় দিব পাৰিব লাগিব । বিশেষকৈ পাটীৰ তিৰোতাগৰাকীৰ কথা চিন্তা কৰিব লাগিব । দুখীয়ালোকৰ ধনৰ অভাৱৰ বাবে বাহিৰত যাব লগা হয় , গতিকে ঘৰত সময় দিব নোৱাৰে । কিন্তু ধনী লোকৰ ধনৰ অভাৱ নাই তথাপিও ধনীলোকৰ ঘৈণীও পলাই যায় । কিয় ? একমাত্ৰ স্বামীসুখৰ পৰা বঞ্চিত হৈ ৰোৱাৰ বাবেই এনে হয় । কিন্তু আন এচাম তিৰোতাৰ লগতে পুৰুষো আছে যি জন্ম সূত্ৰেই বদমাচ প্ৰকৃতিৰ । তেনেলোকৰ বাবে কোনো কাৰণৰ প্ৰয়োজন নাই । খাবলৈ পালেও পলাব আৰু খাবলৈ নাপালেও পলাব । মুঠতে সন্তুষ্ট নহয় । বোৱাৰী লাভাৰ বোলা এটি শব্দৰ নতুন আৱিস্কাৰ হৈছে যিটো ডেকাল'ৰাৰ ক্ষেত্ৰত প্ৰযোজ্য । আৰু বোৱাৰীবোৰৰ ক্ষেত্ৰতো একেই কথা । নিজৰ স্বামীক এৰি থৈ কোনোবা কম বয়সীয়া ডেকা ল'ৰাৰ লগত পলাই যোৱা আজি কিছুবছৰৰ পৰা এটা ট্ৰেণ্ড চলিছে । গতিছে সাৱধানৰ মৰণ নাই । অত্যাধিক মৰম আৰু অত্যাধিক শাসন দুয়োটাই বেয়া । কিন্তু সেইবুলি তিৰোতাক শাসনৰ মাজত নাৰাখিলে এদিন তেনেকুৱা কিছুমান তিৰোতাই বিপদ ঘটোৱাটো স্বাভাৱিক । লাও যিমানে ডাঙৰ হ'লেও পাতৰ তলতে থাকে । এইষাৰ কথা অতীতত খাটিছিল কিন্তু আজিকালি নাৰী পুৰুষ সকলো সমান । সকলোৰে স্বাধীনতা আছে । ইচ্ছা কৰিলে অকলশৰে কটোৱাৰ অধিকাৰ আইনে প্ৰদান কৰিছে । গতিকে নিজৰ মৰ্জি অবিহনে কোনো জোৰ জবৰদস্তি নাখাটে । 
গাঁৱৰ নামঘৰত বিহুৰ আখৰা আৰম্ভ কৰিছে । আগতে গাঁওখনৰ এটি ভাল প্ৰশিক্ষিত বিহুৱা দল আছিল । আজিকালি ডেকাল'ৰাবোৰ ওলাই আহিবলৈ টান পোৱা হ'ল । নিৰ্মল কুমাৰৰ শৈশৱ আৰু যৌৱন কালছোৱা এইখন গাঁৱৰ বিহুদলৰ লগতে  বিহু মাৰি পাৰ হৈছিল । কেতিয়াবা যুৱক সংঘৰ হৈ বিহু গাইছিল আৰু আন কেতিয়াবা গাঁৱৰ নামঘৰৰ হৈ বিহু গাইছিল । বিভিন্ন অঞ্চলৰ বিহু সন্মিলনত গৈ হুঁচৰি আৰু মুকলি বিহু পৰিবেশন কৰিছিল । পুৰস্কাৰো পাইছিল । কিন্তু আজিকালি যেন নিজৰ স্বাৰ্থৰ বাবেহে বিহু গাবলৈ লয় তেনে লাগে । ডেকা গাভৰুসকলে কেইহাজাৰমান টকাৰ লোভত নিজৰ গাঁৱত বিহু নাগাই আন ক'ৰবালৈ ঢপলিয়াই ফুৰা দেখা যায় । গতিকে সি বিহুৰ প্ৰতি থকা তাৰ ৰাপ কমাই দিছিল । এতিয়া সি বিহু বুলিলে ক'লৈকো নোযোৱা হ'ল । মন গ'লে কেতিয়াবা গাঁৱৰ খেলৰ হুঁচৰিজোৰাৰ লগত ওলাই গৈ দুই চাৰিঘৰ হুঁচৰি গাই ঘৰলৈ গুচি আহে । এতিয়া ল'ৰা ছোৱালী দুটাৰ লগত ওলাই যাব লগা হয় । নগ'লে নহয় বাবেহে যায় । 

এতিয়া বৈবাহিক জীৱনৰ এটা যুগ পাৰ হোৱাৰ পিছত বিহু বুলিলে বৰ বিহ যেন লগা হ'ল । অভাৱ অনাটনৰ মাজেৰে চলোতে চলোতে তাৰ মনৰ পৰা বিহুৰ ৰং আনন্দ দূৰতে বিদূৰ হ'ল । ঢোল পেঁপাৰ মাতে এতিয়া তাৰ হিয়া গলাব নোৱাৰে । এতিয়া তাৰ হৃদয় গোট মাৰি শিল যেন টান হ'ল । বিহুৰ ৰং আনন্দ তেতিয়া লাগিছিল যেতিয়া সি দেউতাকৰ উপাৰ্জনেৰে খাই আছিল । এতিয়া ধনৰ উপাৰ্জন কৰিব পাৰিলে সদায় বিহু আৰু উপাৰ্জনহীন হোৱা মাত্ৰে বিহু নহয় যেন বৰ বিহ হ'ল ।
   
 ✍️নবীন চন্দ্ৰ মেধি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)