অভিমান-দিৱ্যজ্যোতি মালো

©Admin
0
এবাৰ আহা না উভতি
কিয় তুমি আছা আজিও
মোৰ সেই সামান্য কথাটিত
এমুঠি অভিমান গাত সানি।

এতিয়াও তুমি নাহিলা উভতি
বুজিবা এদিনা মোৰ হৃদয়ৰ
বেদনাৰ সপোনৰ মৰম
নেলাগে তুমি মোৰ দিঠক সৰগ।

নিষ্ঠুৰ তোমাৰ হৃদয়ে
আজীৱন মাথোঁ মোক দিলে আঘাতহে
নুবুজিলা আজিও
মোৰ হৃদয়ে তোমাক মাথোঁ বিচাৰে।

অভিমান কৰা তোমাৰ মনে
আহিব উভতি এদিন মোলে
নাথাকিব মোলৈ অলপ ঠাই
অংশুমানৰ দৰে উজলিম যিদিনা
অভিমান ভাঙিব তোমাৰ সিদিনা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)