পৱিত্ৰ ৰমজান - এহিয়া আহমেদ

©Admin
0
ভক্তিৰ খিৰিকীৰে আগমন 
পৰম কৰুণাময়ৰ দান;
সৃষ্টিৰ স্ৰষ্টাৰ অশেষ নিয়ামত
পৱিত্ৰ ৰমজান।

পৱিত্ৰ ৰমজানৰ সমস্ত 
ইবাদত তথা আৰাধনা;
কবুল কৰিব মহান আল্লাহ
দোৱা আৰু বন্দনা।

এই মাহতে হৈছিল নাযিল
পৱিত্ৰ কোৰআন;
ইবাদত আৰু তিলাৱতত
আযাবৰ পৰিত্ৰাণ।

ৰহমত, মাগফিৰাত আৰু নাজাত
তিনটি ভাগৰ ৰোজা;
চেহেৰী, ইফতাৰ আৰু নামাজ পঢ়ি
কমিব পাপৰ বোজা।

লাইলাতুল ক্বদৰ নামে
আছে পৱিত্ৰ ৰজনী; 
ভাগ্য নিৰ্ধাৰণ হয় মু'মিনৰ
আল কোৰআনৰ বাণী।


 এহিয়া আহমেদ
বৰথল কছাৰী গাঁও, মৈৰাবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)