ভাগ্যশ্ৰী - শ্রীদানিয়েল ওৰাং

©Admin
0
 আবেলিৰ পোৰহত গৃহৰ কাষত
 তুমি হাঁহি দিয়াচোন এবাৰ ভাগ্যশ্রী
মই পাহৰিব খোজো তোমাৰ হাঁহিত শোকৰ আত্মাপাঠ
দুখৰ পৃষ্ঠা লুটিয়াই  চাব খোজো 
তোমাৰ মুখত হাঁহিৰ সেউজ বসুন্ধৰা। 
শোকৰ পৰিধি ভাঙি ময়ো হাঁহিব খোজো 
আঁকিব খোজো শূণ্যতাৰ আকাশত যন্ত্ৰণাৰ ছবি। 
গোলাপৰ পাপৰিত সৌন্দর্যত বিভোৰ হৈ 
খোজ দিছিলো কাঁইটীয়া বাটত 
পাহৰি গৈছিলো জোনাকীৰ মাত 
অৱশেষত আজি সাৱটিলো নিৰ্মল  আঘাত। 
এতিয়া মই বিচাৰি পাওঁ ।
গোলাপৰ অবিহনেও পলাশ-মদাৰ
নি-সঙ্গতাৰ মাজতে বিচাৰি পাওঁ
 এখন হৃদয় উদাৰতাৰ।
এই হৃদয় - সূৰ্যোদয় যিয়ে শিকাইছে মোক 
পাহৰিবলৈ বিষাদৰ যন্ত্ৰণা:
প্রতিদিনে দিয়ে মোৰ উদাসী মনত 
জীয়াই থকাৰ অসীম প্রেৰণা।
ভাগ্যশ্রী! যোৱাৰ পৰত তুমি মাথোঁ হাঁহি দিবা
তোমাৰ হাঁহিতে বিদায় জনাম ।
তোমাৰ প্রতি থকা মোৰ আশা -আকাঙ্খা
তোমাৰ হাঁহিতে বিসর্জন দিম তুমিহীনতাৰ বিষাদ - যন্ত্রণা।। 

       শ্রীদানিয়েল ওৰাং
       ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)