বৰদৈচিলা - যুৱৰাজ বাচকোটা

©Admin
0
বৰদৈচিলা তুমি  আহিবা 
বুলি মই অলপ গম পাইছো!
তুমি অহাটো খাটাং প্ৰায় নিশ্চিত 
কোন দিনা আহিবা ! 
কোনটো সময়ত আহি উপস্থিত হ'বা
সেই কথাটো মই নাজানো।
এইবাৰ আহিলে মোক আগতীয়াকৈ 
ফোন এটা কৰি কথাটো জনাবা বুলি মই আশাবাদী
বৰদৈচিলা!
শুনা বৰদৈচিলা বেয়া নাপাবা,
এইবাৰ আঁহোতে তুমি তীব্ৰ গতিৰে নাহিবা,
অলপ লাহে লাহে কৰি ধীৰ স্থিৰ স্বভাৱৰ হৈ আহিবা!
কিয় জানানে!
যোৱাবাৰ তুমি একো নোকোৱাকৈ অহা বাবে
মই বহুত ভয় খাইছিলো।
আজিলৈকে কাৰো দৃষ্টিত নপৰা 
মোৰ শান্তিৰ আশ্ৰয়স্থল সেই ভগা পজাঁত
হয়তো তোমাৰ প্ৰথম দৃষ্টি
পৰিলে, 
পলকতে মোৰ হিয়াত অশান্তিৰ সৃষ্টি কৰিব পাৰে। 
কাৰণ পদূলি মুখত
সমাগত ৰঙালী বিহু ।
সেইবুলি তোমাক মই বাধা,
দিব বিচৰা নাই ।
আহিলেও আহা,
 মই কোৱা কথাটো তুমি
এবাৰৰ বাবে হ'লেও দকৈ
মনত পেলাই ল'বা !

    ✍️যুৱৰাজ বাচকোটা
চতিয়া,বিশ্বনাথ(অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)