তুমি-পল উৎপল গোহাঁই

©Admin
0
যিদিনাই তুমি 
মোৰ কাষৰপৰা হেৰাই যাবা
মোৰ অন্তৰে তোমাক বিচাৰিব
তোমাক লৈয়ে কান্দিব,
আৰু তেতিয়াই
গুচি যাম দূৰণিলে
বহু দূৰ দিগন্তলে
কোনোবা অজান দেশলে
বাজি উঠিব মেঘৰ গাজনি
বিজুলী ঢেৰেকনিত
ধৰণীলৈ বৰষুণ নামিব,
আৰু মই
অনাই বনাই
যেনিয়ে পাওঁ তেনিয়ে
উজায়ে ভাটীয়ে গৈ থাকিম
কিজানিবা তোমাক
বিচাৰি পাওঁৱে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)