ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড ৪২

©Admin
0
সৌ সিদিনা মাথো বায়েকৰ একমাত্ৰ ছোৱালী জনীৰ জন্মদিন পাৰ হৈ গৈছিল । গৈ দেখিছিল ক'ৰবাৰ পৰা অহা সিহঁতৰ অচিনাকী এজন মানুহক ভাগিনীয়েকহঁতে মামা মামা কৰি মাতি আছে । তাকে দেখি খং উঠি গৈছিল । যেতিয়া দেখিছিল মোমায়েকে কেক আনি দিছে আৰু সেই কেক সেইজন মোমায়েকে দিয়া উপহাৰ বুলি গম পাই হতভম্ব হৈছিল । ক'ৰ পৰা টপকিল এইজন মোমায়েক ? 

তিনি চাৰি মাহ মানৰ আগতে এদিন বায়েকে লগ ধৰাত ভাইবোৱাৰীয়েকে বজাৰলৈ গৈছিল । বায়েকে হেনো বজাৰৰ পৰা কিছু প্ৰয়োজনীয় বস্তু কিনিব । তাই গৈ বজাৰ পালেগৈ । বায়েকক দেখা পাই তাই লাহেকৈ সুধিলে - 

: বাইদেউ , ভাগিন ছোৱালীজনী ক'লৈ গ'ল ? 

: চিন্তা কৰিব নালাগে তাই মোমায়েকৰ লগত আছে ।  

হঠাতে পিছফালৰ পৰা অহা মাতত ঘুৰি চাই দেখে এজন ক'লা ম'লা মানুহৰ লগত ভাগিনীয়েকে বজাৰত মুকলি মনেৰে ঘুৰি ফুৰি আছে । 

খুদ মামীয়েকৰ মুখৰ আগত সেই অচিনাকী মানুহজনে নিজকে মোমায়েক বুলি চিনাকী দিয়াত তাই আচৰিত হৈ পৰিছিল । ক'ৰ পৰা টপকিল এইজন মোমায়েক ? ঘৰলৈ উভতি আহি যেতিয়া তাৰ আগত কথাষাৰ কৈছিল তেতিয়া খঙেই উঠি আহিছিল । 
তাৰ পিছত দেখিবলৈ পাইছিল দেউতাকৰ সতে সেই মানুহজনে প্ৰায়েই বায়েকৰ ঘৰলৈ অহা যোৱা কৰিবলৈ লৈছিল । কি কথা । দেউতাকে সেই মানুহজনক বৰ পুত্ৰ মানি লৈছিল নেকি ?

গ'ল কথা গুচিল । কিন্তু মামীয়েকৰ চকুৰ আগতে বায়েক আৰু ভাগিনীয়েকক যেতিয়া সাৱতি ধৰি জন্ম দিনৰ শুভেচ্ছা জনাইছিল তেতিয়া মামীয়েকৰ মনটো কেনে লাগিছিল ? সেই কথা যেতিয়া নিজৰ মোমায়েকৰ কাণত পৰে তেতিয়া কথাই নাই । 

বিয়া হোৱা দিনাৰে পৰা সিহঁতৰ পৰিয়ালটোৱে ইটো সিটো নকৰাহেঁতেন আজি এইটো পৰ্যায় নাপালেগৈহেঁতেন । বেচেৰীজনীলৈ বেয়াই লাগে । এতিয়া নিজৰ ককায়েক ভায়েকহঁততকৈ দাস হে আপোন হৈ পৰিল । সি হে তাৰ ভাগিনীয়েকহঁতৰ বাবে মোমায়েক হৈ পৰিল । এনে স্বাৰ্থপৰ লোভীয়া জীৱ নহয় এইবোৰ । কেইটামান দামী দামী উপহাৰ পাবৰ বাবে কিমান কি যে নকৰে । পিছে সেইজন মোমায়েকৰ পৰিয়ালৰ মানুহবোৰক বিয়ালৈ নিমন্ত্ৰণ দিলে নে নাই বা । নে মামীয়েকে গমেই নাপায় মোমায়েকৰ যে বায়েক আৰু ভাগিনীয়েক দুটাও আছে । এইবোৰ সচৰাচৰতে পুলিচ বিভাগৰ মানুহবোৰৰ মাজত বেছি দেখা যায় , যাক সি অলপো ভাল নাপায় । পুলিচ বুলিলে তাৰ এলাৰ্জি হয় । তাতে আকৌ তাৰ বাপেকৰ চৈধ্য গোষ্ঠীৰ আঁতৰৰ পুতেক । কেনেকৈ সহ্য কৰে । নিজৰ বায়েকৰ মুখত এনে কথা শুনি সি আৰু ৰৈ নাথাকিল । হুৰহুৰাই কোঠাটোৰ পৰা ওলাই আহি বাইকখন লৈ ঘৰলৈ উভতি আহিছিল । 

ঘৰলৈ উভতি আহি খঙতে কি কৰো কি নকৰোঁ হৈ অকলে অকলে বহি কথাবোৰ ভাৱিবলৈ লৈছিল । সি ৰন্ধা বঢ়া নকৰি ঠাণ্ডা পানী এগিলাচকে খাই শুই পৰিছিল । কিয়নো , ঘৰখনত আন কোনো নাছিল । 

পিছদিনাখন ৰাতিপুৱা কি কৰিব কি নকৰিব ভাৱি পোৱা নাছিল । যিমানে খং উঠি আহিছিল সিমানে জুইকুৰাই অসুবিধা দিবলৈ লৈছিল । অৱশেষত ৰন্ধা মেলা বাদ দি বয়ামত ভৰাই থোৱা সান্দহ গুৰি কেইটামান বাটি এটাত উলিয়াই লৈ ঠাণ্ডা পানীকে এগিলাচ ঢালি লৈ কেইগৰাহমান খাই ল'লে । বিয়া ঘৰলৈ নগ'লেও নিজে নিমন্ত্ৰণ কৰি থৈ অহা আলহীবোৰ আহিলে আকৌ তাৰ কথাই সুধিব । সি নাই অহা নেকি ? ক'লৈ গ'ল সি ? কিয় নাই অহা ? গতিকে কথা নাবাঢ়ক বুলি এৰা ধৰাৰ মাজেৰে বিয়াখন পাৰ হৈ যাওক বুলি অলপমান দেৰিকৈ হ'লেও বিয়া ঘৰলৈ ৰাওনা হৈছিল । 

সুকলমে পাৰ হৈছিল সকলো । বাইদেউৱেকৰ মুখ গোমা হৈ পৰিছিল যদিও ভালদৰেই মাতবোল কৰিছিল । সি জেং কৰিবলৈ ইচ্ছা নকৰিলে । ভিনিহিয়েকক লগত লৈ ইটো সিটো আনিবলৈ বাইকেৰে ইফালে সিফালে সময়মতে যাব লগা হৈছে । ভাগিন ল'ৰাৰ সৈতেও অহা যোৱা কৰিব লগা হৈছে । মুঠতে বায়েকে বেয়া পালেও সি নোযোৱা হ'লে বিয়াঘৰত অলপ হ'লেও অসুবিধা ভোগ কৰিব লগা হ'লহেঁতেন । 

ভাগিনীয়েকৰ কিন্তু নিজৰ মোমায়েকে দিয়া মুগাৰ কাপোৰযোৰহে পছন্দ হ'ল । গা ধুওৱাৰ পাছতে দুযোৰমান কাপোৰ পিন্ধাই সলোৱা মেলা কৰিলে । তাৰ পিছত সি দিয়া মুগাৰ সাজ পিন্ধি ৰভাতলত বহিলে । সঁচাই ধুনীয়া লাগিছিল তাইক । মাকে ভিতৰি ভিতৰি যিয়েই নাভাৱক জীয়েকে কিন্তু অনাদৰ কৰা নাছিল । সোণৰ আ অলংকাৰ আদি দিবলৈ মোমায়েকৰ ইমানো ধন নাই । মামীয়েকৰ ডিঙিলৈ চালেই তাই অনুভৱ কৰিব পাৰে । গতিকে যি বস্তু মোমায়েকে মামীয়েকক দিব পৰা নাই সেই বস্তু ভাগিনীয়েকক ক'ৰ পৰা দিব । মাকৰ মতে হয়তো ইয়াতকৈ দামী কিবা এটা দিব লাগিছিল । 

বিয়াঘৰত দাসৰ উপস্থিতি ক'তো দেখা পোৱা নগ'ল । ৰাতি দহ বজালৈকে বিয়াঘৰতে ব্যস্ত হৈ থকাৰ পিছত সপৰিয়ালে ঘৰলৈ উভতি আহিছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)