ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ৪৪ - নবীন চন্দ্ৰ মেধি

©Admin
0
অৱশেষত এটা ভাল দিন বাৰ চাই ২৮ মাৰ্চ , ২০২৪ বৃহস্পতিবাৰৰ দিনা কৌশিক প্ৰতাপ আৰু পৰিণীতা দুয়োৰে নামভৰ্তি নিৰ্মল কুমাৰে পঢ়ি অহা চুঙাজান মধ্য ইংৰাজী বিদ্যালয়ত কৰাৰ মানসেৰে তিনিও বাপ বেটা আৰু বেটি বাইকেৰে ৰাওনা হ'ল । প্ৰধান শিক্ষক চন্দ্ৰ মোহন দত্ত ছাৰক লগ পালে । পদ্ম গোহাঁই ছাৰ আৰু অন্যান্য শিক্ষকসকলৰ সৈতেও মত বিনিময় কৰিলে । পৰিণীতাৰ সপ্তম শ্ৰেণীত আৰু কৌশিক প্ৰতাপৰ চতুৰ্থ শ্ৰেণীত নামভৰ্তি কৰা হ'ল । 

দুবছৰ চৰকাৰী বিদ্যালয়ত পঢ়াৰ পিছত যদিহে জৱাহৰ নবোদয় বিদ্যালয়ৰ নামভৰ্তি কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় তেতিয়া গোলাঘাট চিনাতলী স্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তি কৰাই দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে । পৰিণীতাই জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো যেতিয়া নামভৰ্তি কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল তেতিয়াই সি সিদ্ধান্ত লৈছিল চৰকাৰী অনুমতি আৰু স্বীকৃতি বিহীন জাতীয় বিদ্যালয়ত পঢ়া-শুনা কৰাৰ পৰা একো লাভ নহয় । শিক্ষা সকলোতে ভাল মাথো ছাত্ৰ ছাত্ৰীৰ মেধা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে । ভাল বিদ্যালয়ত পঢ়া শুনা কৰিলে ভাল হয় । প্ৰতিযোগিতাৰ মনোভাৱ থাকিব লাগে । কিন্তু সহযোগিতাৰ আদিপাঠ অবিহনে এই পৃথিৱীত প্ৰতিযোগিতা বিফল । সহযোগিতা অবিহনে মানুহ স্বাৰ্থপৰ হৈ পৰে । 

এইখন এখন স্বাৰ্থপৰ সমাজ । গতিকে ইয়াত মূৰ তুলি জীয়াই থাকিবলৈ প্ৰতিযোগিতা লাগিবই । শিক্ষা দীক্ষা ধন ধান তীক্ষ্ণ বুদ্ধিমত্তা আৰু চতুৰতাৰ অবিহনে মানুহ মানুহ হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ এইখন পৃথিৱীত জটিল হৈ পৰিছে । 

চুঙাজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা শিক্ষকতা কৰি অহা শিক্ষা গুৰুসকলে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছিল । নিৰ্মল কুমাৰ শৰ্মাই পঢ়া সময়ত প্ৰধান শিক্ষক হিচাপে শ্ৰীযুত কণৰাম বৰা ছাৰ , সহকাৰী ( ইংৰাজী শিক্ষক ) শিক্ষক শ্ৰীযুত চন্দ্ৰকান্ত শইকীয়া ছাৰ , শ্ৰীযুত নৰেন গগৈ ছাৰ , হিন্দী শিক্ষক স্বৰ্গীয় অজিত শইকীয়া ছাৰ , শ্ৰীযুক্তা ৰুণু বৰা বাইদেউ , গণিত শিক্ষক শ্ৰীযুত শালেগ্ৰাম মিশ্ৰ ছাৰ আৰু বিজ্ঞান শিক্ষক হিচাপে শ্ৰীযুত চন্দ্ৰ মোহন দত্ত ছাৰ আছিল । বৰ্তমান চন্দ্ৰ মোহন দত্ত ছাৰৰ বাদে আটাইকেজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে । এতিয়া দত্ত ছাৰেই প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলে ।  
১৯৯১/৯২ চনতে ছাৰে বিজ্ঞান শিক্ষক হিচাপে এইখন বিদ্যালয়ত নিযুক্তি লাভ কৰিছিল । নিৰ্মল কুমাৰে তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ হিচাপে এইখন বিদ্যালয়ত নামভৰ্তি কৰিছিল । 

পুৰণি শিক্ষকসকলে অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০১২ চনৰ পৰা কেবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰীয়ে টেটৰ শিক্ষক হিচাপে যোগদান কৰিছিল । এম এ , এম এছ চি , বি এড , এল এল বি ডিগ্ৰীধাৰী বহুতো শিক্ষক আহিল আৰু দুই চাৰিবছৰ শিক্ষকতা কৰি আঁতৰি গ'ল । কোনোবাই প্ৰফেছাৰ ৰূপেও নিযুক্তি পালে , কোনোবাই উকিল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । কিন্তু সৰুপথাৰ গন্ধকৰৈৰ পদ্ম গোহাঁই ছাৰে এতিয়াও একেখন বিদ্যালয়তে বিজ্ঞান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । দুবছৰ পিছত হয়তো তেখেতেই প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব । বৰ্তমান টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰা শিক্ষক সকলৰ লগত বিশেষ চিনাকি নাই যদিও যোগ্যতা আছে বাবেই টেট শিক্ষক হিচাপে নিযুক্তি পাইছে বুলি সি নিশ্চিত । ডেকা ল'ৰা । বয়সত নিৰ্মল কুমাৰতকৈ হয়তো বহুত সৰু হ'ব । সি নিজেই বিগত বিশ বছৰে এখন স্বীকৃতি প্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিলে । টেট , ডি এল এড আদি থকাৰ পিছতো টেট শিক্ষক হিচাপে বা চৰকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে । গতিকে শিক্ষকতাৰ মূল বুজি পায় সি । শিক্ষকতা কৰি কৰিয়েই জীৱন যৌৱন পাৰ কৰিলে সি । 

দত্ত ছাৰে নিৰ্মল কুমাৰ আৰু বায়েক ভায়েক তিনিওটাকে পঢ়াইছিল । এতিয়া নিৰ্মল কুমাৰৰ পুতেক জীয়েক হঁতকো পঢ়াবলৈ পাইছে । ভাল কথা । নাতিনীয়েকৰ বয়সৰ ল'ৰা ছোৱালী পঢ়াবলৈ পাইছে ককাসম ছাৰে । নিৰ্মল কুমাৰে ছাৰৰ সতে ল'ৰা ছোৱালী দুয়োটাকে চিনাকি কৰাই দিলে । ছাৰে নামভৰ্তি কৰাৰ পিছত কিতাপ পত্ৰ দি পঠিয়ালে । বিদ্যালয়ৰ আৰম্ভণিৰ দিনাই অভিভাৱক সভা অনুষ্ঠিত হ'ব গতিকে ছাৰে নিৰ্মল কুমাৰকো সেইদিনা উপস্থিত থাকিবলৈ অনুৰোধ জনালে ।  

প্ৰথম দিনাৰ চিনাকি পৰ্ব আৰু নামভৰ্তি প্ৰক্ৰিয়া সিমানতে সামৰণি মাৰি সিহঁত তিনিও ঘৰলৈ উভতি আহিল ।   

( আগলৈ )

নবীন চন্দ্ৰ মেধি 
গোলাঘাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)