নহ'লে কেতিয়াবা গভীৰ নিশা
টোপনিত ছটফটাই থাকি যেতিয়া বিষাদবোৰে হেঁচি ধৰে
সেই সময়ত নিজকে বুজোৱাৰ
শক্তি একেবাৰেই নাথাকে ।
শিতানৰ গাৰুটোক সাৱটি
অকলশৰে উচুপিব লগীয়া হয়
তেতিয়া সঁচাকৈ বৰ কষ্টকৰ হৈ পৰে
সেই মূহুৰ্তৰ যন্ত্ৰণাৰ সময়বোৰ।
অকলশৰে কান্দিবলৈতো সহজ
কিন্তু আনক দেখুৱাই হাঁহি থকা
আৰু নিজৰ সকলো বেদনা
নিজৰ মাজতেই সামৰি ৰাখি
হাঁহি থকাটো কোনোপধ্যেই
ভবাৰ দৰে ইমান সহজ নহয়।
উদাস উদাস লগা সময়ৰ মৌনতাই
অকলশৰে থাকিবলৈ শিকায়
নিজৰ লগত কথা পাতিবলৈ
নিজকে প্ৰশ্ন কৰিবলৈ মনটোক
শক্তিশালী কৰি তোলে জানা।
মৌনতাক প্ৰিয় কৰি ল'লে
বহু কথাই শিকায় থৈ যায়
সেয়া তেতিয়া বুজি পোৱা হয়
যেতিয়া মৌনতাই আমাক সংগ দিয়ে।
দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ