এটি অজান চৰাইৰ বিননি,
হৃদয় ভগা স্বপ্নত দোলাদি ওলমি থাকে
মন আকাশত বিষণ্ণ আবেলি।
বুকুৰ ভাঁজত কঢ়িয়াই ফুৰা আশাৰ প্ৰাপ্তিৰ
এটি বিহঙ্গম কাম চৰাই,
এন্ধাৰৰ মাজত ক্ৰমশঃ ৰাতিবোৰ জ্বলি উঠে।
পাঞ্চজন্য শংখত শংকাৰ ফুঁ
সময়ৰ সন্ধিক্ষণত জগত জুৰি আতংকিত বুভুক্ষা ,
কলিজাৰ কোনো অজান কোণত
পম্পীয়াই নগৰ পুতাদি পুতিছে উত্তপ্ত লাভাই।
সাগৰৰ তলিতো উন্মূক্ত ছুনামী -------
কবিৰ হৃদয়ৰ ভগা বীণত বাজি উঠা
অস্তৰাগৰ সপ্ত সুৰৰ গুঞ্জন ,
সমীৰৰ উতলা আবেগত
জোনাক বিহীন নিশা বাজে দুখৰ বাঁহী ।
নিনাদিত শব্দৰ নৈৰাশত বুকুৰ ফাগুনত,
হেজাৰ গোলাপৰ সুগন্ধি পখিলা।
নিপুকুমাৰ দাস
কাজিপাৰা, নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ