চৰকাৰীখণ্ডৰ বিদ্যালয় একত্ৰিকৰণ বনাম ব্যক্তিগতখণ্ডৰ বিদ্যালয়

Rinku Rajowar
0
আমি সকলোৱে দেখিবলৈ পোৱা অসমৰ শিক্ষাখণ্ডৰ এটা অতি চৰ্চিত বিষয় হৈছে চৰকাৰী খণ্ডৰ বিদ্যালয় একত্ৰিকৰণ । সততে শুনা যায় বিজেপি চৰকাৰ অসমৰ শাসনলৈ অহাৰ পিছৰ পৰা অসমৰ শিক্ষাখণ্ড পতনৰ দিশে অগ্ৰসৰ হৈছে । এয়া কিমান দূৰ সঁচা ? তাৰে এটি নিৰ্মোহ বিশ্লেষণ দাঙি ধৰিবলৈ চেষ্টা কৰিলো । 

২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি ৬-১৪ বছৰ বয়সৰ সকলো শিশুকে ভাৰত চৰকাৰে প্ৰাথমিক শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে । সেই অনুসৰি গাঁৱ অঞ্চলৰ প্ৰতি এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত একোখনকৈ নিম্ন  প্ৰাথমিক বিদ্যালয় আৰু প্ৰতি তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত একোখনকৈ উচ্চ প্ৰামিক বিদ্যালয় স্থাপন কৰিব লাগে । 

চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাত অত্যাধুনিক ডেক্স বেঞ্চ চকী মেজ ব্লেকব'ৰ্ড কম্পিউটাৰ প্ৰজেক্টৰ বিনামূলীয়া কিতাপ পত্ৰ আদিৰ যোগান ধৰাৰ উপৰিও চিকিৎসা সেৱা প্ৰদান , মধ্যাহ্ন ভোজনৰ ব্যৱস্থা , বিদ্যালয়ৰ ইউনিফৰ্ম আদি সকলো ব্যৱস্থা চৰকাৰে ৰাজকোষৰ পৰা খৰচ কৰি  যোগান ধৰাৰ ব্যৱস্থা কৰিছে । অথচ চৰকাৰী বিদ্যালয়ত নামভৰ্তিকৰণ হ্ৰাস পোৱাৰ কাৰণ কি ? 

চৰকাৰী বিদ্যালয়ত সকলো উপলব্ধ যদিও গুণগত মানদণ্ডৰ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ পৰাৰ বাবেই হয়তো অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা যায় ।  

পাঠ্যক্ৰম সলনি হৈছে কিন্তু পাঠদান কৰা শিক্ষকসকলৰ যোগ্যতা সলনি হোৱা নাই । আজিৰ পৰা বিশ ত্ৰিশ বছৰ আগতেই যেনেতেনে কলেজীয়া শিক্ষা গ্ৰহণ কৰি ভেঞ্চাৰ বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰা সেইসকল শিক্ষাগুৰুৰ শিক্ষণ পদ্ধতিৰ তুলনাত বৰ্তমানৰ নৱনিযুক্ত প্ৰশিক্ষিত নতুনচাম শিক্ষকৰ শিক্ষাগত অৰ্হতাৰ লগতে শিক্ষা প্ৰদান কৰা শিক্ষণ পদ্ধতি উন্নত মানদণ্ডৰ বুলি বিবেচিত হৈছে । কম্পিউটাৰ প্ৰজেক্টৰ লেপটপ আদিৰ সহায়ত শিক্ষা প্ৰদান কৰিব পৰা যোগ্যতা হয়তো আগৰ শিক্ষকসকলৰ নাই ।  

একঘেয়ামী জীৱন পাৰ কৰি অহাৰ বাবে পুৰণি শিক্ষকসকলে নতুনকৈ একো শিকিবলৈ নিবিচাৰে । " চাকৰিৰ পৰা অৱসৰ ল'বলৈ আৰুনো কেইটা দিন আছে । যেনেতেনে দিনকেইটা পাৰ কৰিব পাৰিলেই হ'ল আৰু " বুলি ভৱা চাম শিক্ষক আছে । তেনে  শিক্ষকসকলৰ শিক্ষণ পদ্ধতি আৰু যোগ্যতা তেনেই তথৈবচ । প্ৰধান শিক্ষকসকলে শিক্ষাদান কৰা বহু দূৰৰ কথা , মধ্যাহ্ন ভোজনৰ চাউল , আলু , দালি , নিমখ , তেলৰ হিচাপ কৰি থাকোতেই দিনটো যায় । ইফালে অফিচৰ কামত অ'লৈ তলৈ অহা যোৱা কৰোতে পঢ়াবলৈ সময় নহয় । এতিয়া আকৌ শিক্ষা সেতু এপ / পৰ্টেলৰ জড়িয়তে উপস্থিতিৰ তথ্য দি থাকোতেও বোলে দিনটো যায় । তেতিয়াহ'লে পঢ়াব কেতিয়া ? চৰকাৰৰ এনে কিছুমান আঁচনিৰ বাবে আজিকালি অভিভাৱক সকলে চৰকাৰী বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক  নামভৰ্তি কৰাবলৈ টান পোৱা হৈছে । চৰকাৰী বিদ্যালয় বুলিলে আজিকালি " ভাত খোৱা স্কুল " বুলিহে যেন উপলুঙা কৰে । ভাতখোৱা স্কুলত পঢ়াতকৈ ঘৰতে থাক । 

চৰকাৰী শিক্ষানুষ্ঠান ধ্বংসৰ আন কিছুমান কাৰণ হ'ল চৰকাৰী শিক্ষকসকলক চৰকাৰে বিভিন্ন কামত জড়িতকৰণ । চৰকাৰে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন কামত নিয়োগ কৰে । প্ৰিজাইডিং অফিচাৰ , পুলিং অফিচাৰ আদি কামত নিয়োগ কৰে । তিনি চাৰিদিনীয়াকৈ  প্ৰশিক্ষণৰো ব্যৱস্থা কৰে  । এনেদৰে প্ৰতিটো নিৰ্বাচনতে শিক্ষকসকলৰ নিযুক্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কাৰ্যত ব্যাঘাত জন্মে । 

তদুপৰি লোকপিয়ল , অৰ্থনৈতিক পিয়ল , ৰাষ্ট্ৰীয়  নাগৰিক পঞ্জী , আধাৰ আদি বিভিন্ন কামত শিক্ষকসকলকে দায়িত্ব প্ৰদান কৰাৰ ফলত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ শিক্ষা আহৰণত ব্যাঘাত জন্মে ।  

ইয়াৰ উপৰিও অসমীয়াৰ বাৰ মাহত তেৰটা বিহু , পূজা , উৎসৱ পাৰ্বন , চৰকাৰী বন্ধ 
আদিৰ বাবে যেন চৰকাৰী বিদ্যালয় শিক্ষাৰ বাবে উপযুক্ত নহয় তেনে অনুভৱ হয় । 

আন কিছুমান কাৰণো আছে যেনে শিক্ষকসকলে সময়মতে বিদ্যালয়লৈ নাহে । আজিকালি ফেচবুকৰ জড়িয়তে বা ইউটিউৱৰ  জড়িয়তে সকলোৱে এনেবোৰ দৃশ্য দেখা পাই থাকে । আন কিছুমানে আকৌ বিদ্যালয়লৈ আহি পেট পেলাই শুই থাকে ।   আগবেলা দুটামান পিৰিয়দত পাঠদান কৰাৰ পিছত দুপৰীয়া মধ্যাহ্ন ভোজনৰ অন্ন মুঠি বিশেষভাৱে ৰান্ধনীৰ হতুৱাই ৰন্ধাই লৈ খাই বৈ অফিচতে পেট পেলাই শুই থাকে । এনে দৃশ্য দূৰ্লভ নহয় । খোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক যি দিয়া হয় শিক্ষকে তাতকৈ অতিৰিক্তভাৱে মাছ মাংস কণী বা আলুগুটি ভাজি কিবা এটা বনাই খায় । আৰু ছাত্ৰ ছাত্ৰীয়ে দাইল পানীৰেই আধাপেটীয়াকৈ খাই বৈ ঘৰলৈ আহে । বহুতে বিদ্যালয়ত সেইবাবেই মধ্যাহ্ন আহাৰ খাবলৈ ইচ্ছা নকৰে । 

সাজপাৰৰ ক্ষেত্ৰতো দুৰ্নীতি কৰা দেখা যায় । কিন্তু আটাইতকৈ বেছি ক্ষতি হয় পাঠদান প্ৰক্ৰিয়াত । সেয়ে অভিভাৱকসকলে চৰকাৰী বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰাবলৈ নিবিচাৰে । 

সততে শুনা যায় চাইকেল মিস্ত্ৰীৰ ঘৰত ভাল চাইকেল এখনো নাথাকে । পুৰণি ভঙা চিঙা চাইকেল চলাই ঘুৰি ফুৰে । কিন্তু চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰা শিক্ষকৰ ক্ষেত্ৰত তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা পোৱা যায় । বাপেকে যিখন বিদ্যালয়ত শিক্ষকতা কৰে সেইখন বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালী নপঢ়ায় । চৰকাৰী চাকৰি কৰিবলৈ ভাল পায় কিন্তু চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী পঢ়াবলৈ বেয়া পায় । এয়াই হৈছে চৰকাৰী বিদ্যালয়ৰ মহিমা । আনৰ ল'ৰা গোট গৰু হওক কিন্তু নিজৰ ল'ৰাক ব্যক্তিগত খণ্ডৰ নামী দামী বিদ্যালয়ত পঢ়াই ডাঙৰ মানুহ কৰাৰ প্ৰৱণতা এচাম চৰকাৰী শিক্ষকৰ দেখা যায় । 

চৰকাৰী বিদ্যালয়ৰ অৱনতি ঘটাৰ এইবোৰ কাৰণ সমুলি মিছা নহয় । আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ । নিজস্বতা নাথাকিলে একো সন্মান নাথাকে । গতিকে ধনীলোকসকলে নিজৰ ষ্টেণ্ডাৰ্দ বজাই ৰাখিবলৈ চেষ্টা কৰোতে গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন ধ্বংস হৈ যায় । ফলত চৰকাৰে উপায় বিহীন হৈ বিদ্যালয় একত্ৰিকৰণৰ জড়িয়তে গাঁৱৰ বিদ্যালয়সমুহ বন্ধ কৰি দিয়ে । 

দোষ কেৱল চৰকাৰৰ নহয় ৰাইজৰ গাতো আছে । চৰকাৰী চাকৰিয়ালৰ গাতো আছে । চৰকাৰী শিক্ষক কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালী  যদিহে চৰকাৰী বিদ্যালয়ত পঢ়ায় তেন্তে গাঁৱৰ সাধাৰণ মানুহখিনিয়ে নিজৰ ল'ৰা ছোৱালী গাঁৱৰ বিদ্যালয়খনতে পঢ়াবলৈ যত্ন কৰিব । 

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উৎপাতত চৰকাৰী খণ্ডৰ বিদ্যালয়ত তলা উলমাব লগীয়া হোৱাটো বৰ পৰিতাপৰ কথা । চৰকাৰী খণ্ডৰ বিদ্যালয়ত এজন বা দুজন শিক্ষকৰ দ্বাৰাই পাঁচ ছয়টাকৈ শ্ৰেণীত পাঠদান কৰিব লগা হোৱাটো বৰ অসুবিধাজনক কাম । ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত বহুতো অসুবিধাৰ সৃষ্টি হয় । চৰকাৰে নিবনুৱা ,  শিক্ষিত আৰু যোগ্য যুৱক যুৱতীসকলক টেট শিক্ষক হিচাপে নিযুক্তি দি চৰকাৰীখণ্ডৰ বিদ্যালয়ৰ উন্নতি সাধন কৰক । উচ্চ প্ৰাথমিক বিদ্যালয়সমুহত কেৱল দুজন বা তিনিজন শিক্ষকক নিযুক্তি দি যদিহে প্ৰাদেশীকিকৰণ কৰা হয় তেন্তে চৰকাৰী খণ্ডৰ বিদ্যালয় ধ্বংস হৈ যাবলৈ আৰু বেছিদিন অপেক্ষা কৰিব নালাগিব । চৰকাৰে উপযুক্ত সময়ত উচিত পদক্ষেপ গ্ৰহণ নকৰিলে এদিন অসমত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় নোহোৱা হৈ যাব । 

আহক আমি সকলোৱে মিলি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰো । ভাষা থাকিলেহে জাতি থাকিব । ভাষা অবিহনে কোনো জাতি জীয়াই নাথাকে । ভাষা জীয়াই ৰাখিবলৈ আমাক নিজা নিজা ভাষাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন । গতিকে নিজৰ নিজৰ অঞ্চলৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমুহ সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য।


নবীন চন্দ্ৰ মেধি
গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)