উপাসনা তুমি অনুপমা-মানস কুমাৰ শইকীয়া

©Admin
0
দিঠক দিঠক লগা সপোন তুমি
এপাহ ৰঙা গোলাপ হৈ ফুলা 
মোৰ ফুলনিৰ তুমি নিয়ৰৰ টোপাল, 
মোৰ স্বপ্ন ভৰা কাৰেংৰ
জীপাল কৰা মোৰ শুকান পৃথিৱীৰ
তুমি হৃদয় মন্দিৰৰ উপাসনা। 
উপমা বিহীন তুমি অনুপমা ৰূপে 
মোৰ জীৱনত ভূমিকা মাৰিছা,
মোৰ মন মন্দিৰত উপাস্য দেৱী হৈ
জিলিকাবা ছাগে প্ৰেমৰ দলিচা।
নাজানো তুমি মোক কি ভাবা
কি হিচাপে মোক আঁকোৱালি ল'বা;
তোমাক মাথো মই ৰাণী ৰূপে ৰাখিম
মোৰ কুটিৰ ৰাজপ্ৰসাদত, 
য'ত মাথো জিলিকি থাকিব 
তোমাৰ প্ৰতিচ্ছবি চৌপাশে;
তাত জিলিকি ৰ'ব এটি মাথো ভাষা
উপাসনা তুমি অনুপমা। 
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)