এটি কবিতা ৰচা নাই;
লিখো বুলি ক'লেও
শব্দবোৰ হেৰাই যায়
অচিন মায়াজালত।
বেদনা গধুৰ ভাববোৰ
মনত লৈ নোৱাৰা হৈছো
সেই বোজা বহন কৰিবলৈ
লিখো বুলি ক'লেও হাতৰ
কঁপনি ঢৌ উঠে;
বগলী ঠেঙীয়া আখৰেৰে
লুকা-ভাকু খেলে!
আশা-ভৰষা কৰি
জীৱন উৎযাপন কৰিছো
যান্ত্ৰিক পৃথিৱীৰ মেধা দৌৰত
তথাপিও ফেৰ মাৰিব পৰা নাই।
▪️লহৰজ্যোতি মৰাণ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ