মই যাম-আছাদুুৰ ৰহমান

©Admin
0
মই যাম বৰপেটাত
 পাম তাত হাতীৰ দাঁতৰ অলংকাৰ,
 কোৱা হয় ইয়াক সত্ৰনগৰী বহুতো সত্ৰৰে আছে ভৰি।

মই যাম তেজপুৰত তেজপুৰক কোৱা হয় প্ৰেমৰ নগৰী
, কিয়নো ইয়ে সোৱৰাই ঊষা-অনিৰুদ্ধৰ স্মৃতি।

মই গোৱালপাৰাত যাম এছিয়াৰ সবাতোকৈ ডাঙৰ কলৰ বজাৰখন চাম।
 'শালৰ দেশ' বুলি আছে ইয়াৰ এক সুনাম।

মই ডিমা হাছাও লৈ যাম 
তাত থকা জাতিংগাত
 চৰাইয়ে আত্মহত্যা কৰা নিজ চকুৰে চাম।

মই যাম গুৱাহাটীত 
দৰ্শন কৰিম কামাখ্যা মন্দিৰ, ইয়াত হোৱা অম্বুবাচী মেলাত হয় বহুত ভীৰ।
 অসমৰ একমাত্ৰ আই.আই.টি. ইয়াতেই পাবা য'ত পঢ়িবলৈ থাকে সকলোৰে আশা, 
গুৱাহাটীত আছে চিৰিয়াখানা এশিঙীয়া গড়, বাঘ, হৰিণা ইয়াতে চাবলৈ পাবা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)