তোমাৰ স্মৃতি - সৰিফুল আলম

©Admin
0
গধূলিৰ  ৰিম ৰিম বতাহ জাকে 
সুৱৰাইছে আজি তোমাৰ স্মৃতি 
মনত আছেনে বাৰু তোমাৰ,
গধূলিৰ খোলা আকাশত
আমি দুয়ো নৈৰ পাৰত
ৰচিছিলো হাজাৰটা সপোন ।
প্ৰত্যেকটো সপোনৰ মুখ্য চৰিত্ৰ তুমি আৰু তুমি।
অন্তৰত ঠাই লয় নিলা হৃদয় কাঢ়ি
মনত মোৰ তোমাক লৈ 
গঢ়ালা যি সপোন
ৰূপ লয় যেন দিঠকত ।
দুচকুত আজি মোৰ তপত অশ্ৰু 
হেৰুৱাব ভয়ত তোমাৰ, 
তুমি মোৰ স্মৃতিৰ উজ্বল বন্তি
তোমাৰ স্মৃতিতেই ,
মোৰ নিশা উজাগৰী ।
ৰাখিছোঁ তোমাক সাঁচি 
জীৱন ডায়েৰীৰ বুকুত
মচিব নোৱাৰাকৈ।
জীৱনৰ বাটত তোমাক সংগী কৰি থাকিম চিৰ সুখী ।।


‌                  নাম : সৰিফুল আলম 
                   মায়ং, মৰিগাঁও
                  ফোন : ৮৬৩৮৮৮৮৬৫২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)