ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ৫৪ - নবীন চন্দ্ৰ মেধি

©Admin
0
চাওঁতে চাওঁতে ব'হাগ বিহু পাৰ হ'বৰ হ'ল । কিন্তু সি এতিয়াও গাঁৱৰ পৰা বাহিৰলৈ ওলাই যাবলৈ সক্ষম নহ'ল । ভঙা ভৰিখনেৰে ক'লৈনো যাব । আজি অতদিনে ভৰি ভাঙি পৰি আছে খবৰ লবলৈ কোনো এজন অহা নাই । তেনে বন্ধু বা মিতিৰ কুটুমৰ ঘৰলৈ নিজে উপযাচি ফুৰিবলৈ যোৱাতকৈ ঘৰতে পৰি থকাই ভাল । 

বিহুৰ আগদিনাই বন্ধু এজনৰ মাক ঢুকাইছিল । বিহুৰ দিনা ৰাতিপুৱাই বন্ধুৰ শহুৰেকৰ ফোন আহিল । 

: যাবি নেকি আজি ? খবৰ এটা লৈ আহো। 

: নোৱাৰিম নহয় আজি গৰু বিহুৰ দিনাই ইমান দূৰলৈ যাবলৈ । তাতে আকৌ ভঙা ভৰিখনেৰে কেনেকৈ যাম । বিহুৰ বতৰত এপাক শহুৰৰ ঘৰলৈ গ'লে তালৈকো যাম দিয়ক । 

ইফালে ভৰিৰ বিষত তত পোৱা নাই । চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই । হাতত ফুটা কড়ি এটাও নাই । বিহুৰ বতৰত আনৰ পৰা ধাৰ কৰি হুঁচৰি গাবলৈ অহা হুঁচৰি দলক শৰাই দিব লগা হৈছে । আকৌ বন্ধন গোটৰ কিস্তি পৰিশোধ কৰিবলৈ বেংকৰ পৰা উলিয়াব নোৱাৰি গোটৰে আন এগৰাকীৰ পৰা ৫০০ টকা লৈ দিব লগা হৈছে । সন্ধিয়া সময়ত দেউতাকৰ পৰা ৫০০ টকা লৈ আকৌ তাইক দি থৈ অহাতহে তত । 

বিহুৰ বতৰত ফেচবুকত সি এটা পষ্ট দিলে । এজন বিশেষ মানুহৰ সদিচ্ছাৰ প্ৰয়োজন । মিছা বন্ধুৰ প্ৰয়োজন নাই । কোনো বিশেষ ব্যক্তিয়ে ইচ্ছা কৰিলে মোৰ এই নম্বৰত যোগাযোগ কৰিব পাৰে বুলি কৈ ফোন নম্বৰ উল্লেখ কৰিলে । আবেলি সময়ত এগৰাকী প্ৰফেছাৰৰ ফোন আহিল । সি ৰিচিভ কৰিবলৈ সক্ষম নহ'ল । গধুলি সময়ত সি ছাৰলৈ সেই নম্বৰত যোগাযোগ কৰিলে । 

: ড্ৰাইভিং কৰিব পাৰিবা ? 

: ছাৰ মোৰ লাইচেন্স নাই নহয় । অৱশ্যে মই অট'ৰিক্সা বা টমটম এখন লোৱাৰ কথা ভাৱিছো । কিন্তু বাইকখনৰ লগত একচেঞ্জ কৰিব নে নকৰে বা । পুঁজি বুলিবলৈ হাতত অলপো নাই । গতিকে ক'ৰবাত কিবা এটা সহায় পোৱা হ'লে কথা নাছিল । 

: মই যোৱা মাহত মাটি এডোখৰ ল'লো । এতিয়া মোৰ হাতত টকা বৰ বেছি নাই । তুমি কাম এটা কৰা । তোমাৰ চিনাকি বন্ধু চাই দহজনমানৰ লিষ্ট এখন কৰা । প্ৰত্যেকৰে পৰা কিবা এটা সহায় লোৱা। তাৰ পিছত তোমাৰ হাতত পুঁজি গোট খালে কিবা এটা কৰিব পাৰিবা । মোৰ ফালৰ পৰা সামান্যতম কিবা এটা সহায় কৰিম বাৰু । তোমাৰ গুগল পে নম্বৰটো দিবা । 

: মই ছাৰ তেনেদৰে সহায় কৰাৰ কথা কোৱা নাছিলো । এই ধৰক ক'ৰবাত কিবা এটা কাম কৰিবলৈ সুবিধা কৰি দিব পাৰে নেকি বুলি কথাষাৰ উল্লেখ কৰিছিলোঁ । যাতে স্বনিৰ্ভৰশীল হ'ব পাৰো । 

ছাৰে সামান্য ভাৱে সহায় কৰাৰ কথা ক'লে । ৰাতি লগৰ দুগৰাকী বান্ধৱীয়ে ফেচবুকত কমেণ্ট কৰিলে 

: মই তোমাক কৰিবলৈ দিয়া কামটো কৰাহেঁতেন একো দিগদাৰ নহ'লহেঁতেন । কিন্তু তুমি নকৰিলা আৰু । 

: কোম্পানীৰ কামৰ কথা নক'বা আৰু । কোম্পানীয়ে দিয়া ৰাম ঠগন খাই এতিয়া এইটো অৱস্থা । কোনোদিনে এনে কাম নকৰোঁ বুলি সিদ্ধান্ত লৈছো । অৱশ্যে স্থায়ীভাৱে কাম কৰিব পৰা কোম্পানীৰ চাকৰি কৰিম । 

এনেবোৰ খেলিমেলিৰ মাজতে তাৰ জীৱন আগবাঢ়ি গৈছিল । না ইপাৰ না সিপাৰ । আৰ পাৰ হ'বলৈ উপায় নাই । 

বিহু বুলি সি হুঁচৰি গাবলৈও ওলাই নগ'ল । ভঙা ভৰিখনেৰে লেকেচিয়াই লেকেচিয়াই ক'লৈনো যাব । ৰাইজে বেয়া পালেও পাওক । আপত্তি নাই । যিখন খেলত থাকি আজি অতদিনে কোনো এজন লোকে খবৰ এটা ল'বলৈ নাহিল সেইখন খেলৰ সদস্য হৈ বিহু মাৰি কষ্ট খাই ফুৰিবলৈ প্ৰয়োজন ক'ত ? য'ত সন্মান নাই তাত থকাৰ প্ৰয়োজন নাই । তথাপিও ল'ৰা ছোৱালী দুটাকে লগত লৈ মাক ডালিমীয়ে আনবোৰ মহিলাৰ লগত বিহুলৈ ওলাই গৈছে । গ'লেও যাওক আপত্তি নাই । সি নাযায় ।

নবীন চন্দ্ৰ মেধি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)