বেষমা ৰঙালী বিহু-মইনুল হক

©Admin
0
গুৰু জনাৰ সপোনৰ বৰ অসম মানেই বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ। বিহুৰ সৈতে অসমৰ সকলো থলুৱা জনগোষ্ঠীৰে ওতঃপ্ৰোত সম্পৰ্ক আছে । অসমৰ থলুৱা লোকসকলৰ উমৈহতীয়া লোক-বিশ্বাস, লোকাচাৰ , গীত-নৃত্য আদি সংস্কৃতিৰ সমন্বয়ৰ ফলত বিহু সংস্কৃতিয়ে গঢ় লৈছে বুলি ক'ব পাৰি আৰু এই সাংস্কৃতিক সমন্বয়ৰ ফলতে অসমীয়া সংস্কৃতি যিমানেই চহকী হৈ আহিছে ঠিক সেইদৰে অসমীয়া জাতি সু-সংগঠিত হৈছে।অসমৰ সকলো জনগোষ্ঠীয়ে নিজস্ব স্বকীয়তাৰে বিহু পালন কৰে, দেশী জনগোষ্ঠীৰ লোক সকলে ৰঙালী বিহুক "বেষমা' ৰূপে পালন কৰি আহিছে । জনগোষ্ঠীয় দৃষ্টিভঙ্গীৰে এই বিহুৰ অঞ্চলভেদে ভিন্ন নাম আছে, উজনি অসমত বহাগ বিহুক ৰঙালী বিহু বুলি জনা যায় যদিও নামনিত বড়োসকলে বৈশাগু, ৰাভা সকলে বৈষু, কোচ ৰাজবংশীসকলে বিষমা বা বিষুৱা বুলি কোৱাৰ দৰে থলুৱা মুছলমান দেশী জনগোষ্ঠীৰ লোক সকলে ৰঙালী বিহুক বেষমা বুলি কয় । দেশী জনগোষ্ঠীত এই বিহু পালনৰ ক্ষেত্ৰৰ বহু নীতি-নিয়ম আৰু পৰম্পৰা আছে এইখিনিতে উল্লেখ কৰিবই লাগিব যে-
দেশীসকল হ'ল পশ্চিম অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া তথা ভূমিপুত্ৰ । অবিভক্ত গোৱালপাৰা জিলাত দেশীসকলৰ মূল বসতি যদিও কামৰূপ জিলাৰ বকোৰ কেইবাখনো গাঁওৰ লগতে মেঘালয়ৰ গাৰো পাহাৰৰ পাদদেশ ( টিক্ৰিকিল্লাৰ পৰা মহেন্দ্ৰগঞ্জ) লৈকে দেশী সকলৰ জন বসতি বিস্তাৰিত।

ৰঙালী বিহুৰ দৰেই বেষমা পৰ্ব চ'তৰ শেষ দিনা গৰু বিহুৰ পৰা আৰম্ভ কৰি বহাগ লৈকে পালন কৰা বাবে অঞ্চলভেদে এই বিহুক 'চৈত-বৈষণে' বুলিও কয়।
চ'তৰ শেষ পুৱা দেশী জনগোষ্ঠীয় লোক সকলে এই উৎসৱত সাতশাকী অৰ্থাৎ সাত প্ৰকাৰৰ শাক খোৱা,আটকৰাই অৰ্থাৎ বুট, মগু, গম, চাউল ...আদি কৰি আঠ প্ৰকাৰ মাহজাতীয় শস্য ভজা খোৱা, তিতা খোৱা, গোহালী ঘৰত বিষপানী ছটিওৱাই পৰিষ্কাৰ কৰে আৰু গৰুক নতুন পঘা পিন্ধায়। গৰু, গোহালী, ডেকা গাভৰু আদি যে বিহুৰ এক অবিচ্ছেদ্য অংগ এই কথা বিহুনামত বিৰাজমান।
 যেনেঃ  
 "ধনচেং ধনৰ মালা
ফুলচেং ফুলৰ মালা
আইদেউ গোবৰ পেলা
সইতে ৰাম তোমাকে পাম
জেঠেৰি বৈনাই মিলাই লৈ চাম"

পুৱা ভাগত গৰু বিহুৰ এইবোৰ নিয়ম কৰাৰ উপৰিও ডেকা গাভৰু সকলে "বেষমা" মেলা বা খেল-ধেমালি প্ৰতিযোগিতা আদিতো ভাগ লয়। ৰাতিপুৱা ঘৰৰ গৃহিনীয়ে দীঘলতী , নৰসিংহৰ পাত, ভাং গছৰ পাত নিমপাত আদিৰ সৰু সৰু ঠানি আদি এটা চৰিয়াত পানী লৈ তাতে আদা , তিতা গুটি, হালধি আদিৰ টুকুৰা পেলাই দি গৰম কৰে আৰু সেই পানী নৰসিংহৰ ঠাৰি বা বাৰণিৰে ঘৰ আৰু গোহালিৰ চাৰিওফালে ছটিয়াই দিয়ে।তেনে কৰিলে লৰা-ছোৱালীক "চৈতেৰ বাও" নাইবা "খৰান লাগা" (বেমাৰ-আজাৰ বা বিপদক বুজোৱা হয় ) নালাগে বুলি লোক বিশ্বাস আনহাতে শুকান হালধিৰ টুকুৰা, পানী লাউৰ শুকান খোলাৰ টুকুৰা, কড়ি(এবিধ সাগৰীয় শামুক) এটা কলা সূতাৰে গাঁথি কণ কণ লৰা-ছোৱালীৰ কঁকালত মেৰিয়াই বান্ধি দিয়ে আৰু পানী ছটিওৱা সেই ঠাৰি বা বাৰণি ডাল ঘৰ দুৱাৰ মুখৰ ওপৰত চালত গুজি দিয়ে। এনে কৰিলে বছৰটো ধৰি সৰু লৰা ছোৱালীৰ বেমাৰ নহয় আৰু ঘৰ -দুৱাৰ বিপদমুক্ত হোৱাৰ উপৰিও ধুমুহাৰ পৰা একো ক্ষতি নহয় বুলি বিশ্বাস। আনহাতে চ'তৰ শেষ দিনা ঘৰৰ সমূহ আচবাব,চকী, মেজ আদি ধুই চাফা কৰাৰ উপৰিও গাভৰু আৰু মহিলাই বৃষ্টি তিতাৰ গুটি আৰু ভূঁই তিতাৰ পাত একেলগে বাটি লৈ মূৰত সানিছিল, যাতে মূৰৰ ওকণি সমূহ মৰি যায় আৰু বছৰটো জুৰি মূৰত ওকণি নহয়।

সাধাৰণতে চ'তৰ শেষ ৰাতি বা- মাৰলিৰে তুফান (ধুমুহা)আহে, বা আহিব বুলি দেশী সকলৰ বিশ্বাস।
তুফান কেবা প্ৰকাৰৰ আছে তাৰ ভিতৰত "মুণ্ডী ছেৰা" তুফান অতি ভয়ানক। এইবিধ ধুমুহাত মৰাপাটৰ আগ বিভিন্ন আঞ্জা , ফুল, আনকি গছ- গছনিৰ আগ প্ৰচণ্ড জোৰে বলা বতাহৰ কোবত ছিঙি যায় সেয়ে এইবিধ ধুমুহাক মুণ্ডিছেৰা তুফান বুলি কয়। আনহাতে প্ৰবল গা- গাজনি আৰু শিল বৰষুণৰ ধুমুহা বা "শস্য" ( ভূত) চলা কালিন লোহা নাইবা পুৰণি লেংটা কাঁচি (কাঠৰ মাৰি বিহীন) চোতালত দলিয়াই দিয়ে। তেনে কৰিলে ধুমুহা নিয়ন্ত্ৰণ হয় বুলি দেশী সকলৰ লোকবিশ্বাস।

বি: দ্র: _
শস্য: _ অদৃশ্য আত্মা বা ভূত, যাৰ গতি ৰকেটতকৈও তীব্ৰ। এই ভূতে যেতিয়া গতি কৰে , মাথো সোঁ-সোঁৱনি শব্দ আৰু বতাহৰ উমান পোৱা যায়। শস্য যি অঞ্চল বা দিশেৰে গতি কৰে তাত বতাহৰ গতি ইমানেই তীব্ৰতৰ হয় যে মানুহৰ ঘৰ বাৰী , গছ, গছনি...আদি উৰুৱাই লৈ যায়। 
এইবিধ অপ-আত্মাই তুফানৰ সময়ত চলে বা 
ই চলা বাবে তুফান (ধুমুহা)হয় বুলি দেশী জনগোষ্ঠীৰ লোক সকলে আজিও বিশ্বাস কৰে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)