অসমীয়া - চম্পাৱতী কলিতা

©Admin
0
ৰৈ ৰৈ কুলিয়ে মাতে 
ব'হাগৰ গহীন বনতে
ঢাপে ঢাপে 
ঢোলৰ চেঁৱে চেঁৱে ম'হৰ শিঙৰ পেঁপাৰ মাতে 

কলিজা কূটেকূটাই 
শৈশৱ যৌৱনৰ সেউজীয়া পথাৰত 
গৰু বিহু পাতোতে কপৌ ফুলিল নাহৰ 
ফুলিল যৌৱনৰ ভাঁজতে
জেতুকা লৈ জেতুকীবাই ৰহদৈৰ বাটতে খোচোনাৰ তামোল খনি
 টিপতে হাততে ৰংমনৰ ঘাটলৈ
উৰি উৰি বহাগৰ বাতৰি
 আহিবি ককাই ঐ
বাৰী-পিছতে
থাকিম লুকাই,
পিতায়ে নেদেখাকৈ
এপাক নাচিম
হিয়াত হিয়া লগায় 

অলৌগুটি তলৌগুটি
লাউ-বেঙেনাৰ মালাগাঁঠি 
গৰু ধুৱাম নাচি বাগি
দীঘলতীয়ে বাৰীতে আছ যে লুকাই 
মাখি খেদি খেদি পৰে ভাগৰি

আজি এই আবেলি আমনি কৰিছ কুলি
কু-উ কু-উ কিনো কুজন তুলি
অতীতৰ সোঁৱৰণীত বজালি গগনা
যৌৱনৰ পাহে পাহে জিলিকে জাতীয় চেতনা
সমন্বয়ৰ সুৰটিও বাজে ঢৌৱে ঢৌৱে 
ঐক্য-প্ৰীত আৰু সংস্কৃতি।
অসমীয়া নে আমি!!

চম্পাৱতী কলিতা
বিষয় শিক্ষয়িত্ৰী
আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙিয়া।
৯৬৭৮১৮৪৮৭৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)