কোনে কয় আজিৰ অসমীয়া ধোদ নহয়- নবীন চন্দ্ৰ মেধি

©Admin
0
আমি অসমীয়া নহওঁ দুখীয়া 
কিহৰনো দুখীয়া হ'ম , 
সকলো আছিল সকলো আছে 
নুগুণো নলওঁ গম । 

সঁচাকৈ আমি অসমীয়া মানুহবোৰে সকলো আছিল সকলো আছে বুলি ভাৱি গম নোলোৱাকৈ থকাৰ বাবেই আজি অসম ৰসাতলে গৈছে ।  বিদেশী আহি আজি বৰঘৰ পালেহি কিন্তু কোনেও মাত এষাৰ লগাওতা নাই । অসমীয়া আজি নিজ দেশতেই ভগনীয়া হ'ব লগা হৈছে । অসমীয়া ভাষা সাহিত্য সংস্কৃতি আজি বিদেশীৰ হাতত । কাৰণ অসমীয়াই আজি অসমতে থাকিও নিজৰ মাতৃভাষা পঢ়িব নাজানে , লিখিব নাজানে , অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ লাজ কৰে । ইংৰাজৰ গোলাম হ'বলৈ ভাল পায় । 

ইংৰাজী ভাষা সাহিত্য সংস্কৃতি বুলিলে এচামে ক'ব নোৱাৰা হৈ পৰে । জন্মদিন উদযাপনৰ নামত কেক কটা , গালে মুখে কেক ঘহাই দিয়া , মমবাতি জলাই আকৌ ফু মাৰি নুমুৱাই দিয়া আদি বজৰুৱা সংস্কৃতি আজি প্ৰত্যেক অসমীয়াৰ ঘৰে ঘৰে পালন কৰা দেখা যায় । 

গাঁৱৰ বিয়া সবাহতো আজি কালি নিজে নিজে থাল লৈ ভিক্ষাৰীৰ নিচিনাকৈ ভাত দাইল ভাজি মাছ মাংস আদি লৈ লৈ খাব লগা পৰিবেশ সৃষ্টি হ'ল । আগতে গৃহস্থই গাঁৱৰ ভকত বৈষ্ণৱ আৰু সন্মানীয় লোকসকলৰ হতুৱাই আলহীৰ সুশ্ৰষা কৰাইছিল , নতুবা গাঁৱৰ কেইজনমান লোকে ৰন্ধা বঢ়া কৰি ৰাইজক খোৱা বোৱাৰ সম্পূৰ্ণ যোগান ধৰিছিল । এতিয়া বিয়া বুলিলে বোমা ফটকা আদি ফুটাই আতচবাজিৰে দৰা বা কন্যা আদৰা একপ্ৰকাৰৰ নিয়মত পৰিণত হ'ল । 

ধনীক শ্ৰেণীৰ বহুৱালী দেখি দেখি দুখীয়া লোকসকলৰ মন মগজুতো এইবোৰ শিপাবলৈ লৈছে । ধনী সকলৰ বিয়া বাৰুত আজিকালি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীতৰ শৰাই আগবঢ়ায় নতুবা গীত নৃত্য বাদ্য দল আহে । গোটেই নিশাটো বিয়াঘৰত উপস্থিত থকা ৰাইজক আমোদ যোগায়  । আৰু যে কত কি নকৰে । 

এতিয়া বিহু সন্মিলন বুলিলে কোন শিল্পীক আমন্ত্ৰণ কৰি আনিলে বিহু সমিতিৰ লাভ হ'ব তাক লৈয়ে যেন চৰ্চা আৰম্ভ হয় । প্ৰকৃততে বিহু বুলিলে বিহুৱা বিহুৱতী , হুঁচৰি ,  মুকলি বিহু , জেংবিহু আদিবোৰৰ ওপৰত গুৰুত্ব দিব লাগে বুলি ভাৱো । কিন্তু তেখেতসকলক বিহু প্ৰদৰ্শন কৰাৰ বাবদ দহ বিশ ত্ৰিশ হাজাৰ টকা প্ৰদান কৰা হয় আৰু গায়ক একো জনক কেবালাখ টকা দি বিহু মঞ্চত বিহু গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনায় । ভুল ক'ত আৰু কাৰ বাবে এনে হ'বলৈ আৰম্ভ কৰিছে সেয়া আজিও অসমীয়াৰ চিন্তাৰ বাহিৰত । 

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সাতদিনীয়াকৈ পালন কৰা হয় । এটা সময় আছিল যেতিয়া অসমীয়াই মাহ দিন ধৰি বিহু গাই ঘুৰি ফুৰিছিল । সেইসময়ত গাঁৱৰ লোকসকলে খেতি-বাতি কৰিছিল কিন্তু আজিৰ অসমীয়া ডেকা গাভৰু জীয়ৰী বোৱাৰীয়ে মাহ দিন ধৰি বিহু গাই ঘুৰি ফুৰিবলৈ সময় নাই । কাৰোবাৰ চাকৰি আছে ,  কোনো কোনো ডেকা গাভৰু বিদ্যালয় ,  মহাবিদ্যালয় , বিশ্ববিদ্যালয় আদিত পঢ়ি আছে । গতিকে সময় তাকৰ । তত স্বত্তেও যদি মাহ দিনলৈ বিহু মাৰি ঘুৰি ফুৰে তেন্তে সেইবোৰ অসমীয়া ধোদ নোহে কোনে কয় । গাঁৱৰ নামঘৰত হুঁচৰি গাবলৈ যাৰ সময় নাই সি আকৌ জেঠ আহাৰ মাহলৈকে বিহু সন্মিলনৰ নামত বিহু নাচি ঘুৰি ফুৰে । সিহঁতৰ বাবে বিহু সংস্কৃতি নহয় বিহু হৈছে বেপাৰ । বিহুৰ নামত বেপাৰীয়ে বিহু সন্মিলনৰ বেপাৰ বাণিজ্য কৰি দেশ বিদেশ ঘুৰি ফুৰে । আৰু কিছুমানে বজৰুৱা বিহু প্ৰদৰ্শন কৰি ফুৰে । 

এইখন দেশৰ তিৰোতা আজি দহ হাজাৰ টকাত বিক্ৰী যায় ।  অৰুণোদয় আঁচনি , লাখপতি বাইদেউৰ দৰে আচঁনিৰ মায়াজালত বন্দী হৈ এটা লেট্ৰিন বা পকাঘৰৰ আশাত বন্দী হৈ কোভিদ কালৰ পৰিস্থিতিৰ কথা পাহৰি যায় । কা আন্দোলনৰ সময়ত চৰকাৰে কৰা হাৰাশাস্তিৰ কথা পাহৰি যায় । প্ৰতি মাহে পাঁচ কেজি চাউল খাবলৈ পাই ভাৱে চৰকাৰে খুৱাই আছে । বাকীকেইদিন কাৰ টকাৰে খাব ? 

গেছৰ দাম বাঢ়ি ১২০০ টকা হ'ল , পেট্ৰ'লৰ দাম ১০০ পাৰ হ'ল , মিঠাতেল ২০০ টকা লিটাৰ হ'ল , চাউল প্ৰতি কিলোগ্ৰামৰ দাম ৪০/৪৫ টকা হ'ল । প্ৰতিটো সামগ্ৰীৰ জুই চাই দাম হ'ল । কোনে নিয়ন্ত্ৰণ কৰিব এই দাম ? এইখন চৰকাৰে ? শিক্ষিত নিবনুৱা লোকক চাকৰি দিছে নে ? লাখ লাখ শিক্ষিত নিবনুৱা লোকক চাকৰি দিবলৈ অপাৰগ আজি এইখন চৰকাৰ । আচঁনিৰ নামত আঁচনি জাপি দিছে কিন্তু যিয়ে পাব লাগে সি বঞ্চিত হৈ ৰৈছে । আমাক আঁচনি নালাগে ,  আমাক চাকৰি দিয়ক । আমাক স্ব নিৰ্ভৰশীল হৈ কাম কৰাৰ সুবিধা প্ৰদান কৰক । চৰকাৰে পাঁচ কেজি চাউল আৰু দহ হাজাৰ টকা প্ৰদান কৰা বন্ধ কৰক । তেতিয়াহে আজিৰ অসমীয়া ডেকা গাভৰু উন্নতিৰ উচ্চতম শিখৰত উপনীত হোৱাত সহায় হ'ব । চৰকাৰ যদি জনসাধাৰণৰ পক্ষত , চৰকাৰ যদি জনকল্যাণকামী চৰকাৰ তেন্তে নিবনুৱা সমস্যা সমাধান কৰক । বাট ঘাটৰ উন্নতি সাধন কৰক । বিশুদ্ধ খোৱা পানীৰ লগতে বিজুলী বাতিৰ সুবিধা প্ৰদান কৰক । জনসাধাৰণক ভূত বনাই কেৱল আপোনালোক ৰজা হ'বৰ বাবে ভোটৰ আশাত জীয়াই নাৰাখিব । শিক্ষা স্বাস্থ্য সেৱা আদি বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰক । তেহে দেশৰ উন্নতি সাধন হ'ব । তেহে সকলোৱে সমস্বৰে ক'ব - 

বাজক দবা বাজক শংখ 
বাজক মৃদংগ খোল , 
অসম আকৌ উন্নতিৰ পথত 
জয় আই অসম বোল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)