অৰণ্যৰোদন -(৫৬ তম খণ্ড)-নবীন চন্দ্ৰ মেধি ।

©Admin
0
আজি পৰিণীতাৰ জন্মদিন । চাওতে চাওতে পৰিণীতা এঘাৰ বছৰীয়াজনী হৈ পৰিল । ২০১৩ চনৰ ২১ এপ্ৰিল দেওবাৰে নিশা তাইৰ জন্ম হৈছিল । আজি তাইৰ এঘাৰ বছৰ সম্পূৰ্ণ হ'ল । দুৰ্ভাগ্যবশতঃ এইবাৰ তাইৰ জন্মদিন উদযাপন কৰা নহ'ল । প্ৰতিবছৰে জন্মদিন পালন কৰিব লাগিব বুলি কথা নাই । তথাপিও তাইৰ নামত মাক পাটলিয়ে বন্তি এগছ জ্বলাই ভগৱানৰ ওচৰত মূৰ দোৱালে । প্ৰতিবছৰে জন্মদিন উপলক্ষ্যে বিলগাঁৱৰ পৰা বুঢ়ীমাক আহে । এইবাৰ আহিব নোৱাৰিলে । বেমাৰ হৈ আছে । গতিকে এইবাৰ এনেকৈয়ে যাওক । ধনৰ অভাৱ হৈ পৰিছিল । নোৱাৰি আৰু সদায় সদায় এনেদৰে চলিব । 

কেইদিনমানৰ পৰা বতৰ পৰিবৰ্তন হৈ পৰিছিল । নতুন বছৰৰ লগতে হেঁপাহৰ ৰঙালী বিহুৰ বতৰত বৰষা ৰাণীয়েও এপাক নাচিবলৈ ওলাই আহিছিল । ব'হাগ বিহুৰ তৃতীয় দিনাৰ পৰা একেলেথাৰিয়ে বৰষুণ দিবলৈ আৰম্ভ কৰিছিল । তাৰ মাজতে লোক সভাৰ নিৰ্বাচন পাৰ হৈ গ'ল । নিৰ্বাচনৰ পিছদিনাই ছেবাই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে । নিৰ্বাচনৰ কথা তল পৰিল । দুদিনমানলৈ পৰীক্ষাৰ ফলাফলৰ বাতৰি বাজিব । 

মেট্ৰিক পৰীক্ষাৰ গুৰুত্ব কমিল । এইখন চৰকাৰৰ দিনত ক'ত কি যে নহ'ব লগীয়া ঘটনা ঘটিছে । বোপা ককাৰ দিনৰ পৰা মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ কিমান হৈ চৈৰ সৃষ্টি হৈছিল এতিয়া যেন সেইবোৰ আনন্দ উৎসাহ উদ্দীপনা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে । 

অসম ভিত্তিত প্ৰথম কুৰিটা স্থান লাভ কৰিবলৈ সক্ষম হোৱা সকলক ৰাইজে কোলাত লওঁনে বোকোচাতে লওঁ যেন কৰিছিল । কিন্তু এইবাৰ বিশটা স্থানৰ পৰা কমাই আনি আনি পাঁচটা স্থানতে সীমাবদ্ধ কৰি পেলালে । এইখন চৰকাৰৰ দিনত অসম্ভৱো সম্ভৱ হৈছে । আৰু যিটো সম্ভাৱনা আছিল সেয়াও কলিতে মৰহাই পেলাইছে । 

এইবেলি ছাত্ৰ ছাত্ৰীসকলৰ লগত চৰকাৰে হেতালি খেলিলে । প্ৰথম দহটা বা বিশটা স্থানৰ ভিতৰত স্থান লাভ কৰাৰ সপোন দেখিছিল যদিও পাঁচটা স্থানতে সীমাবদ্ধ ৰখাৰ বাবে সিহঁত বঞ্চিত হৈ ৰ'ব লগা হ'ল । 

নিৰ্মল কুমাৰৰ মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ৰ কথা মনত পৰিছিল । সেইসময়ত এতিয়াৰ দৰে লাখে লাখে ল'ৰা ছোৱালীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা নাছিল ।  ষ্টাৰ আৰু ডিষ্টিংচন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও কম আছিল । কোনোবাই হয়তো দুই তিনিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল । সেইসময়ত ৯০০ নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল । আঠ দহ নম্বৰ থকা দীঘল প্ৰশ্ন পৰীক্ষাত লিখিব লগা হৈছিল । আৰু তাৰ ভিতৰত ৪/৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু এতিয়া এক/দুই নম্বৰৰ প্ৰশ্ন সৰহ । দীঘল উত্তৰ লিখিব লগা প্ৰশ্ন একেবাৰে নাথাকেই হয়তো । আৰু এশৰ ভিতৰত এশ নম্বৰেই লাভ কৰিবলৈ সক্ষম হয় । আও ইমান মেধা বুদ্ধি সম্পন্ন ছাত্ৰ ছাত্ৰীৰ জন্ম হ'ল নে ? সি আচৰিত হয় । সি নিজে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল । প্ৰথম বিভাগত উৰ্ত্তীণ হ'ব বুলি নিশ্চিত হৈ আছিল যদিও পৰীক্ষকৰ বাচনিত সেয়া সম্ভৱ হৈ উঠা নাছিল । কিন্তু আজিকালি সকলো সম্ভৱ । পৰীক্ষাত বহিলেই হ'ল । পৰীক্ষাৰ উত্তৰ বহী গৰুৱে খাব । ক'ৰবাত জ্বলি পুৰি ছাঁই হৈ যাব । ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকৰ হেঁচাত সৈমান হৈ কেতিয়াবা একেখন বিদ্যালয়ৰ আঠ দহ জনে স্থান লাভ কৰিব । এইবোৰ সি মাজে মাজে টিভিৰ পৰ্দাত টক শ্ব পাতিলে দেখা পায় । গতিকে বৰ্তমানৰ শিক্ষা কিমান আগবাঢ়ি গৈছে সি বাৰুকৈয়ে দেখিবলৈ পাইছে । দ্বিতীয় তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা শিক্ষকসকলৰ শিক্ষাৰেই আজি প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ইমান নিৰ্ভেজাল শিক্ষা প্ৰদান কৰিব পাৰেনে সিহঁতে ? ভাৱি আচৰিত হয় সি । যিহওঁক তাত আৰু মূৰ ঘমাব লগা একো নাই । দুদিন পাছত হয়তো তাৰ ল'ৰা ছোৱালীয়েও কেনেবাকৈ অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হ'ব পাৰে । সি আশা কৰে । পিতৃ মাতৃয়ে সদায় সন্তানৰ ভাল হোৱাটোৱেই কামনা কৰে । কিন্তু চৰকাৰখনেহে বৰ টোগলকী কাৰবাৰ কৰে । এদিন হয়তো মেট্ৰিক পৰীক্ষা বুলি পৰীক্ষা এটা নাথাকিবগৈ । কাৰণ মেট্ৰিক পৰীক্ষাৰ এটা নম্বৰেও বেকাৰ জীৱনলৈ জীৱিকা কঢ়িয়াই আনিব নোৱাৰে । এতিয়া মাথো স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰহে প্ৰয়োজন হৈ পৰিছে । বিনা শিক্ষাত চাকৰি নাপায় । স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতো চৰকাৰী পিয়ন আৰু চকিদাৰৰ চাকৰি কৰি থকা বহুতো লোকক সি দেখিবলৈ পাইছে । নিজেই ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ বিশ বছৰ পিছতো আজিলৈকে চাকৰি লাভ কৰিবলৈ সক্ষম নহ'ল । গতিকে কি লাভ এনে শিক্ষাৰ পৰা । য'ত মাথো এসোপা শিক্ষিত নিবনুৱা লোকৰ সৃষ্টি কৰে , যাৰ নিযুক্তি লাভ কৰাৰ ক্ষমতা নাই । ধিক্কাৰ এনে শিক্ষা ব্যৱস্থাক । তাতকৈ উচ্চতৰ মাধ্যমিকৰ শিক্ষা লাভ কৰাৰ পিছত সৰু-সুৰা কৈ কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰিলে পিছত সেয়াই ভাগ্যৰ পৰিৱৰ্তন ঘটাব পাৰে ।   জীৱনটো উপভোগ কৰিবলৈ চাকৰিৰ প্ৰয়োজন নহ'ব বুলি ভাৱি ল'ব পাৰি । তাৰ দৰে ভেঞ্চাৰ স্কুলৰ শিক্ষক নহ'লেও জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ'ব পাৰিব । সি নিজকে ধিক্কাৰ দিলে । কুৰি বছৰে শিক্ষকতা কৰিও একো এটা কৰিব নোৱাৰিলে । এতিয়া কাৰোবাৰ ঘৰলৈ হাজিৰা কৰিবলৈ যাব লগা বাধ্য হৈ পৰিব । নহ'লে যে ঘৰ নচলে । 

আগলৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)