বৰ অকলশৰীয়া,
অথচ বুকুত জোনবাই জনী মেৰিয়াই লৈ থাকে
তথাপি যেন ই ক্লান্ত,নীৰৱ, নিস্তব্ধ!
গোটেই নিশা যেন উজাগৰে থাকে
কোনোবা আহিব বুলি জোনাক বুলিয়া বাটেৰে
বকুল ফুলৰ দৰে জোনাকী পখী হৈ
এন্ধাৰৰ মাজে মাজে।
তাৰ বুকুৰ তেজেৰে যেন লিখি থাকে কাৰোবাৰ বাবে
আধৰুৱা প্ৰেমৰ কবিতা!
তাৰ বিষন্ন হৃদয়ে যেন লৈ থাকে কাৰোবাৰ বাবে
হেজাৰ অভিযোগৰ টোপোলা,
তাৰ বুকুৰ মাজেৰে যেন বৈ থাকে এখন শুকাই যোৱা নৈ
যাক কোনো সেউজীয়া বৰষুণৰ টোপালেও
হয়তো জীয়াই তুলিব নোৱাৰে ,
সময় সলনি হৈছে কিন্তু ই ৰৈ আছে একেদৰে
একেখিনি নীৰৱতাকেই বুকুত বান্ধি
কোনোবা জোনাক নিশাত আধৰুৱা কাহিনীবোৰ
শেষ কৰিব পাৰিম বুলি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ