ভালপোৱাৰ আন এটি নাম অভিমান-আবিদুজ জামান

©Admin
0
অনুভৱবোৰ সাঁচি ৰাখিছোঁ হৃদয়ৰ নিভৃত কোণত। তুমি তুমি লগা অনুভৱ বোৰ সঁচাকৈ সুকীয়া। অনুভৱৰ মাজেৰে নিজক তোমাৰ মাজত বিলীন কৰি দিয়াৰ মাদকতাও সমানে সুকীয়া।তুমি কোৱা এটা এটা কথাই মোৰ আবেগক চুই যায় তুমি জানানে??চকু জুৰি মুদিলেই তুমি নামৰ ছবিখন স্বত:স্ফুৰ্ত হৈ জিলিকি উঠে।হাঁহি বোৰ ওঠত তোমাৰ বাবেই জিলিকি উঠে ,,চকুপানী বোৰ ও তোমাৰ নামতেই নিগৰে।"তুমি মোৰ"বুলি কল্পনা কৰি ও ভাল লাগে।হৃদয়ে কেৱল তোমাক বিচাৰে,কিন্তু সময়ে আহ্বান জনোৱা নাই তোমাক মোৰ জীৱনলৈ।।ভাল লাগে তোমাৰ লগত কথা পাতি।নাজানো কিয় তোমাৰ লগত কথা পাতিলে তুমি অকণমান মৰম কৰিলে সমস্ত অভিমান তোমাৰ নামতে জাগি উঠে।তুমি যে মোক গালি দিয়া সেইখিনি সময়ত মোৰ কি হয় নাজানো কিন্তু চকুপানী বোৰ দুগাললৈ নিজে নিজে নিগৰি আহে,,নাজানো এইয়া দুখ নে মৰমৰ সলনি দিয়া গালিৰ বাবে কৰা অভিমান ।তুমি মোক অলপো ignore কৰিলে মই সহ্য কৰিব নোৱাৰোঁ তুমি বুজি কিয় নোপোৱা??ভাল পাওঁ বাবেহে অভিমান কৰোঁ কিবা সেইবাবে তুমি মেছেজ নিদিলেও মই নিজে নিজে দি থাকো কিজানি তোমাৰ মনত মোৰ প্ৰতি অলপ হলেও ভালপোৱা জাগি উঠেয়ে ।।তুমি মোক নালাগে দিয়া তোমাৰ জীৱনত ৰাখিব,,কিন্তু মোৰ মনত তুমি সদায় থাকিব আজিৰ দৰে জীপাল হৈ থাকিবা।কথা দিছোঁ তোমাক প্ৰেম মানেইটো প্ৰাপ্তি নহয় ।তোমাক ভাল পাওঁ সঁচা কিন্তু এইটো নহয় যে মই জোৰ কৰি তোমাক মোৰ জীৱনত ৰাখিম ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম সদায় সুখী হৈ থকা তুমি ভবিষ্যত জীৱন সুখৰ হওঁক তোমাৰ....বাকী মই আছোঁ তোমাৰ লগত।ভালকে থাকিবা ।আৰু শুনা চোন... মোৰ মনটোক কেতিয়াবা সময় পালে অলপ বুজিব চেষ্টা কৰিবা কিজানি কিবা অনুভৱ কৰিব পাৰায়ে!! বহুত মৰম তোমালৈ ৰাধা শ্যামে ভালে ৰাখক তোমাৰ লগতে তোমাৰ পৰিয়ালক
শান্তিত থাকা সুখত থাকা।
              
                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)