ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ৫৫ - নবীন চন্দ্ৰ মেধি

©Admin
0
ভোট বৰ্জন , গণতান্ত্ৰিক প্ৰতিবাদ আদি । 

এই জুই জ্বলিছে , জ্বলিবই । 
ভোট বৰ্জন চলিছে চলিবই । 
বিজেপি গ' বেক । 
কংগ্ৰেছ গ' বেক । 

আজি লোকসভাৰ নিৰ্বাচন । কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে কোন কোন দলৰ পৰা মনোনয়ন দাখিল কৰিছে আৰু কেইজন প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে সেই কথা সি নাজানে । কিন্তু বিশেষ দুটা দলৰ দুগৰাকী প্ৰাৰ্থী , শাসকীয় বিজেপি মৰ্চাৰ মনোনীত প্ৰাৰ্থী ডিব্ৰুগড়ৰ পৰা আমদানি কৃত কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী স্থানীয় ৰ'জলীনা তিৰ্কী দুয়োগৰাকী প্ৰাৰ্থীৰ ওপৰত ভৰসা নাই । লোকেল গৰাকীয়ে এম এল এ হৈ থাকিও একো কৰিব নোৱাৰিলে সাংসদ হৈ কি কৰিব । আৰু আনগৰাকী বিজেপি প্ৰাৰ্থী যাক ভোট দিয়াৰ কথা নাহে । উভয় দলেই চৰকাৰ গঠন কৰিও বিগত বিশ বছৰে তাৰ দৰে হাজাৰ হাজাৰ নিবনুৱা লোকক চাকৰি দিবলৈ অপাৰগ হৈছিল । আজিৰ তাৰিখতো সি শিক্ষিত নিবনুৱা হৈ ৰ'ল । গতিকে কাকো ভোট প্ৰদান কৰাৰ প্ৰয়োজন নাই । লংকালৈ যিয়ে যায় , সিয়ে ৰাৱন হ'ব বিচাৰে । গতিকে কোনে লংকালৈ যায় , কোনে দিল্লীলৈ যায় গৈ থাকক । 


অৱশ্যে গৌৰৱ গগৈ নতুবা অখিল গগৈয়ে এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাহেঁতেন সি ভোট দিবলৈ গ'লহেঁতেন । অখিল গগৈৰ কথা সুকীয়া । গৌৰৱ গগৈকো অলপ ভাল লগা হৈছিল । লুৰিণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ থাকি পুনৰ নতুনকৈ ৰাজনৈতিক দল গঠন কৰি নিৰ্বাচন খেলিছে । সকলোৰে যেন একেটাই স্বাৰ্থ । ছাত্ৰ সন্থা কৰি নেতা হৈ লৈ ৰাজনীতি খেলা । কিবা এটা ফেশ্বন হৈ পৰিছে । তথাপিও তিনি গগৈৰ সমাহাৰ । ভাল লাগে তাৰ । কিন্তু সি নিজে আহোম নহয় । সমষ্টি নিৰ্বাচন কৰাত যিহেতু দলে খেলিমেলি কৰিছে গতিকে সি পছন্দৰ প্ৰাৰ্থী অবিহনে কাকো ভোট প্ৰদান কৰিবলৈ নাযায় । সি ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । 

ৰাতিপুৱাৰে পৰা মানুহবোৰে ভোট দিবলৈ লানি লাগিছে । দুই এজনে দেখা পাই সুধিছে 

: ভোট দিলে নে ছাৰ ? 

: এইবাৰ কাকো ভোট দিয়া নহ'ব । এইবাৰ ভোট বৰ্জন কৰিছো । আমাৰ কথা যিহেতু কোনো চৰকাৰে নাভাৱিলে গতিকে আমি কাকো ভোট দিবলৈ যোৱাৰ প্ৰয়োজন নাই । মোৰ বাবে কোনো ৰজাৰ প্ৰয়োজন নাই । মই স্বাধীন । 

যিয়ে যি ভাৱে ভাৱক । সি কাকো খাতিৰ নকৰে । ৰাজনৈতিক নেতাৰ ভৰিত পৰি থাকিলে নহ'ব । নেতাই ভৰিত ধৰিব লাগিব । ভোট লাগে যদি ভিক্ষা খুজিবলৈ আহিব লাগিব । আগেয়ে ভিক্ষাৰী হ'ব লাগিব তাৰ পিছতহে আমাৰ ভোটেৰে ৰজা হ'ব পাৰিব । কাৰণ ভিক্ষাৰীৰ জোলোঙা কেতিয়াও নভৰে । আমাৰ দৰে লোকৰ জোলোঙা ভৰাবলৈ সিহঁতৰ সময় ক'ত ? 

সি এক কথাৰ মানুহ হৈ থাকিল । ভোট নিদিওঁ কৈছে নিদিলেও । নালাগে চৰকাৰৰ সুবিধা । অতবছৰে চৰকাৰে একো নিদিলে যেতিয়া ভৱিষ্যতেও একো নিদিয়ে আৰু বিচৰাৰ প্ৰয়োজন নাই । দৰকাৰ হ'লে গাঁৱৰ সাধাৰণ খেতিয়ক এজনক বিচাৰিব , শ্ৰমিক এজনক বিচাৰিব , যি পাৰে সহায় কৰিবলৈ আগবাঢ়ি আহে । 

আগলৈ


নবীন চন্দ্ৰ মেধি । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)