মাজ নিশাৰ বন্ধ কোঠাৰ খিৰিকী খুলি
নিবিড়ভাৱে আকাশলৈ চাই থকাৰ পৰাই
তোমালৈ বৰকৈ মনত পৰিছে ।
মনত পৰেনে?
সেয়া হয়তো কোনো এটি ব’হাগেই আছিল
তুমিও হয়তো গম পাইছিলা
বসন্তৰ আগমনত হিয়াখন যে ন-কৈ ফুলিছিল।
প্ৰকাশ কৰিব নোৱাৰা সেই সময়ৰ প্ৰতিটো মূহুৰ্তই,
নিজে জ্বলি নিজেই নুমাই যোৱা বন জুইৰ দৰে
ক্ষণে ক্ষণে আজিও জ্বলি উঠে
অকণি কলিজাত।
বিদায়ী মূহুৰ্তৰ মৌন সেই ভাষা
বুজিব পৰাকৈ হয়তো নাছিলেই কোনোবা.....
তথাপিও অবুজ মনৰ বাহুবন্ধনত
আজিও মনে কৰে শোক
অনামী বিৰহত।
কিদৰে ভাঙিছিল তেজেৰে গঢ়া মোৰ আলফুলীয়া পঁজা ,
সপোন আৰু হেঁপাহবোৰ
দুচকুৰে বৈছিল তেজৰ নৈ হৈ
কল্পনাবোৰো উত্তপ্ত দীৰ্ঘশ্বাসত জ্বলি ছাঁই হৈ উৰিছিল।
এই যে আকাশলৈ চাই ৰওঁ
নিৰলে ক'ৰবাৰ পৰা ভাহি আহে
অজানিত এটি কৰুণ সুৰ......
য'ত জীৱনৰ মোহনীয়তাকো নেওচি
কোনোবা অচিন পাৰত
উৰি যায় মন পৰম প্ৰিয়ৰ সন্ধানত।
শুনিছানে?
দূৰণিত নিশাচৰৰ কোলাহল
গহীন হৈ আহিছে ক্ৰমে নিশীথিনীৰ ৰং,
অনাক্ষৰ কথাবোৰ আৰু দীঘলীয়া নকৰোঁ.....
জগতৰ নিয়ম মানি
সামৰিলোঁ .....
অযুত মৰম জানিবা।
ইতি,
তোমাৰ......
✍️ মাৰ্জিনা বেগম
বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ