অৰ্পণ-সীতা দেৱী

©Admin
0
অস্তগামী সূৰুযৰ হেঙুলী আভা,
নীড়মুখী বিহগৰ কাকলি ।
ভাগৰুৱা পথিকৰ আৰাধনা সুন্দৰৰ,
মানৱৰ সুদূৰপ্ৰসাৰী সৌন্দৰ্যৰ চিন্তা ।
হৃদয়ত প্ৰাপ্তিৰ আত্মিক হেঁপাহ,
জিলমিল ৰ'দত আশাৰ সপোন এজাক।
সৃষ্টিকামী অযুত প্ৰতিশ্ৰুতি,
সেউজ বননিত চিৰ প্ৰৱাহিত জ্ঞান দীপ্ত আলোক।
যুগমীয়া স্নিগ্ধ পূৰ্ণিমাৰ জোনাক,
সফল চিত্ৰকৰৰ নান্দনিক ভাস্কৰ্য।
বিশ্বৰ বৰ্নিল ইতিহাসত,
মুখৰিত আনন্দৰ সুৰধ্বনি।
সমন্বয়ৰ যাউতীযুগীয়া অনুভৱৰ কাব্যিকতা,
শান্তিৰ অনল শিখা প্ৰজ্বলিত।
অমল ভাৱনাত উজ্জীৱিত এখন জীয়া ছবি,
প্ৰস্ফুটিত চিৰ চিনাকি অমৃতধাৰা।
পৰস্পৰ বিশ্বাসৰ অটুট এনাজৰী,
যুগযুগান্তৰৰ নিৰাপত্তাৰ আশ্বাস।
আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ,
আন্তৰিকতাৰ লব্ধ সংজ্ঞা।
সুখৰ মন্দাকিনী মোৰ সৃষ্টিৰ বাকৰি,
যৌৱনৰ মিঠা যন্ত্ৰণাত বিশ্বাসৰ নৈ।
হিৰন্ময়ী জীৱনী শক্তি,
সম্প্ৰীতিৰ অনন্য মালাধাৰি।
উন্মনা ৰামধেনুৰ আহ্বান,
আৰ্জিত কৃতিত্ব কৰো অৰ্পণ।

     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)