কেতেকীৰ বিননি-কাব্য নন্দিনী নিজৰা বৰ্মন ডেকা

©Admin
0
নিজান বনত দোভাগ ৰাতি 
ইনাই বিনাই চিঞৰি আমনিখন কৰহি
কৰেনো বন কেতেকী?
মৌ-বৰষা মৰমসনা মাতেৰে মাতি
বসন্তক আনিলি আদৰি ।
হিমালয়ৰ সিপাৰে আছিলি চাগে শুই 
কোনে বাৰু তোক জনালে বিহুৰ বাতৰি ? 
মই কেতেকী বুলি চৌদিশে ৰজনজনাই
জগতক জনালি বিহুৰ ওলগনি ।
তোৰ মাত শুনিলেই পুৰণিক দিয়ে বিদায়
নতুনক স্বাগতম জনায় ।
গছৰ ডালত পাতৰ আঁৰত লুকাই
কিনো সুৰ তোলা তই হিয়া যে তগবগাই।
তোৰ আবেগময়ী সুৰীয়া মাততে দেখোন মোৰ হৃদয়ত
এৰি অহা পুৰণি মিঠা সুৰ এটি ৰিণিকি ৰিণিকি আহে ভাহি ।
আকৌ উভতি যাবিগৈ বুলি
বুকুৰ যমুনাত উঠে খলকনি।
এইবেলি লগ পালে তোক সুধিম--- 
বহাগ গ'লে তই কলৈ যাবি উৰি ? 
তোক ক'বলৈ মোৰ বৰ মন যায়
হিয়াৰ একোনত তোক ৰাখিম সদায়।

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)