তাতে আলোড়ন হয় নিলয়ৰ অৰোধি ,
দুবাহুৰে সানিলো সাগৰৰ বালি ৷
তুমি জীৱন ,তুমি প্ৰলয়
হৃদয় কম্পন আকাশৰ দৰে বিশাল মন ৷
মোৰো আছে দুটি নয়নত
তোমাৰ সম পানী ,
হৃদয়ৰ আলোড়নত নিগৰে
টোপ -টোপ কৰি ৷
প্ৰভাতীৰ পলত তোমাৰ হৃদয়ত
অংকন কৰা অৰ্ধৰক্ত বেলি ,
মোৰ নীলা দুচকুত জাগে তোমাৰ
প্ৰতিচ্ছবি ৷
উৰি উৰি যায় ইপাৰৰ পখী সখীহঁত সাগৰৰ সিপাৰলৈ
যৌৱনৰ বিয়লিত তোমাৰ সতে কথা পাতো চঞ্চল
মনৰ দাপোনত তোমাক সাৱটিম
পৃথিৱীৰ হেঙুল তুমি ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ