ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন - খণ্ড ৪৭

Rinku Rajowar
0
নিৰ্মল কুমাৰৰ সেই দিনবোৰ পাৰ হৈ যোৱা এটা যুগ হ'ল । 
নিৰ্মল কুমাৰে ভাগিনীয়েকৰ বিয়াৰ পাছত কেইদিনমান দোকান খোলা নাছিল । ৰাতি থকাটো দূৰৰ কথা । কিন্তু যোৱা সপ্তাহৰ পৰা আকৌ দোকান খুলিবলৈ আৰম্ভ কৰিছিল । দোকানৰ ভিতৰত কঠালগুটীয়া নিগনিৰ উৎপাতত বিস্কুট ৰাখিব পৰা নাছিল । 

যোৱানিশা সি দোকান ৰখীয়া হৈছিল । গোটেই নিশাটো শুৱ পৰা নাছিল । টোপনি যাবলৈ বাগৰ মাৰেহে নিগনিৰ উৎপাতত আকৌ সাৰ পায় । উঠি আহি নিগনি খেদাত লাগে । এনেদৰেই গোটেই নিশাটো পাৰ হৈ গৈছিল । 

সি আজি শোৱাৰ সময়খিনি লিখা-মেলা কৰি পাৰ কৰাৰ সিদ্ধান্ত ল'লে । এনেদৰে সি কেইবাদিনো টোপনি নহা সময়ত লিখা মেলা কৰি পাৰ কৰি দিছিল ।  

টোপনিৰ আলজাল । ৰাতিপুৱা সময়ত এল আই চিৰ গ্ৰাহক এগৰাকীৰ ফোন আহিল । প্ৰিমিয়াম আনিবলৈ মাতিছিল তাক । দহ মান বজাত ভাত কেইটা খাই বৈ সি  এল আই চিৰ গ্ৰাহকগৰাকীৰ ঘৰলৈ বুলি ৰাওনা হৈছিল । গাঁৱৰ পথটো পাৰ হৈ ঠিক সিহঁতৰ পদুলিটোৰে সিহঁতৰ ঘৰলৈ বুলি সোমাইছিল । হঠাতে সন্মুখতে থকা এফুটমান বহল পুল এটাত বাইকখনৰ আগ চকাটো উঠিছিল যদিও পিছ চকাটো উঠি পাৰ হৈ যাবলৈ অস্বীকাৰ কৰিলে । কি হ'ব এতিয়া । ৰাস্তাৰ দুয়োপাৰে পথাৰ । ভৰি দি ৰখাবলৈ প্ৰাণপণে চেষ্টা কৰিলে যদিও কোনো ফালে ভৰি দিবলৈ সুবিধা নাছিল । অৱশেষত গাড়ীয়ে মানুহে সোঁফালে হাউলি পৰি গৈছিল । সোঁ ভৰিখনেৰে খোপনি পুতিবলৈ চেষ্টা কৰিছিল যদিও নোৱাৰিলে সি । মূৰত হেলমেটটো আছিল যদিও ভৰিত জোতা পিন্ধি যোৱা নাছিল সি । গতিকে সোঁ ভৰিখনৰ আঙুলিৰ সতে আগভাগত বৰ বেয়াকৈ দুখ পাইছিল । যেনেতেনে অকলেই উঠি ঠিয় হৈ গাড়ীখনো উঠাই সি আকৌ গাড়ীখন চলাই সিহঁতৰ ঘৰলৈ সোমাই গৈছিল । 

ইফালে টোপনি খটি । চকুত টোপনিৰ আৱেশ , দেহত অৱসাদ । হাতে পাঁচে মিলি বলে নোৱাৰা কাম এটা কৰিবলৈ গৈ এতিয়া সোঁ ভৰি আৰু বাওঁ হাতৰ বিষত তত পোৱা নাছিল । 

মানুহ ঘৰত প্ৰিমিয়াম লৈ বৰ বিশেষ সময় বহি নাথাকিলে সি । সিদিনা আছিল শনিবাৰ । শনি দেৱতাই যেন খাপ পিটি আছিল । আধুনিক যুগৰ মানুহ হৈও যেন অন্ধবিশ্বাস আঁতৰ কৰিব পৰা নাছিল সি । 

যেনেতেনে মটৰচাইকেল খন চলাই সি ঘৰলৈ গুচি আহিছিল । মটৰ চাইকেল খন ভিতৰত ভৰাই থৈ সি পোনে পোনে গৈ বিছনা পাইছিল । ভৰি খন ভালদৰে লৰচৰ কৰিব পৰা নাছিল সি । দুপিয়াই দুপিয়াই খোজ কাঢ়িব লগা হৈছিল । লেকেচিয়াই লেকেচিয়াই খোজ কাঢ়ি ফুৰিছিল । গতিকে ভিতৰত সোমাই সি আৰু ওলাই নাহিল । বিষত যেন জঠৰ হৈ গৈছিল তাৰ ভৰি । সি বিচনাতে বাগৰ দি শুই পৰিছিল । 

ইতিমধ্যে দোকানৰ পৰা ডালিমি আহি পাইছিল আৰু গৰম পানী কৰি গা ধোৱা ডাঙৰ গামলাটোতে ভৰি দুখন সোমোৱাই দি তাক বহি থাকিবলৈ দিলে । জাৰ এটাত গৰম পানী আনি তাৰ ভৰি দুয়োখনতে লাহে লাহে ঢালি দিলে । গৰম পানীত অকণমান নিমখ মিহলাই দিছিল যাতে বিষ কাটে । ওপৰৰ পৰা গৰম পানী ঢালি দিছিল আৰু সি সহ্য কৰিব পৰা লৈকে গৰম পানীত ভৰি দুখন সোমোৱাই থৈছিল । অলপ যেন ভাল পাইছিল । 

এনেদৰেই দুটা দিন বিষত তত নেপাই তৃতীয় দিনা সি বাইক চলাই সৰুপথাৰৰ পদুমণিত অৱস্থিত ধনশিৰি মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৰাওনা হৈছিল । এক্স ৰে কৰাই লৈ প্ৰকৃততে ভৰিত কি হৈছে সেই কথা জানিব বিচাৰিলে । এঘাৰ বজাৰ পৰা ডেৰ বজালৈকে সি অপেক্ষা কৰি এক্স ৰে খনৰ ৰিপোৰ্ট ল'লে । বুঢ়া আঙুলি সহ মাজৰ দুটা আঙুলিৰ হাড় ফাটি গৈছিল । 

উহ বিপদৰ ওপৰতে বিপদ । ইফালে হাতত টকা পইচা নাই । হাড় ফাটি গৈছে যেতিয়া প্লাষ্টাৰ কৰিব লাগিব নতুবা হাড় জোৰা লগোৱা দৰৱ বান্ধিব লাগিব । কিন্তু সৰুপথাৰত সেইখিনি সুবিধা নথকা বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ যোৱাৰ কথা ক'লে । 

সি অন্য এদিন তালৈ যোৱাৰ কথা ক'লে । তাৰ পিছত সি ঘৰলৈ গুচি আহিছিল ।

▪️নবীন চন্দ্ৰ মেধি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)