যুগৰ পৰিৱৰ্তনত নাৰীৰ স্থিতি-নিবেদিতা হাজৰিকা

©Admin
0
সময় পৰিৱৰ্তনশীল। সেই বাবে সময়ে  আনি দিয়া পৰিৱৰ্তনক সহজাত আৰু স্বাভাৱিক বুলি ভবা হয়।আমাৰ চকুৰ সন্মুখতে বিভিন্ন দিশত পৰিৱৰ্তন সাধন হোৱা পৰিলক্ষিত হৈছে। আৰ্থ-সামাজিক দিশৰ লগতে মানুহৰ জীৱন ধাৰণৰ মানদণ্ডৰো পৰিৱৰ্তন সাধন হোৱা পৰিলক্ষিত হৈছে।এই পৰিৱৰ্তনৰ ঢৌ নাৰী সমাজৰ ওপৰতো পৰা দেখিবলৈ পোৱা গৈছে।
   এটা সময় আছিল যেতিয়া নাৰীক মানুহ বুলিয়ে গণ্য কৰা হোৱা নাছিল।' লাও সদায় পাতৰ  তল ' হিচাপে ভবা হৈছিল। নাৰীক পুৰুষৰ সমকক্ষ বুলি ভাবিব পৰা ক্ষমতা বা মানসিকতা প্ৰায় নাছিল বুলিয়ে ক'ব পাৰি।কিন্তু সময়ৰ লগে-লগে নাৰী জাতিৰ প্ৰতি থকা মানুহৰ ধাৰণা সলনি হ'বলৈ ধৰিলে ।নাৰী শিক্ষাৰ প্ৰচলনে নাৰী  সকলক শিক্ষা লাভৰ লগতে নিজৰ অধিকাৰ সমূহৰ বিষয়েও সজাগ-সচেতন কৰি তুলিলে। নিজৰ ভৱিষ্যৎ সম্পৰ্কে ও  বহু পৰিমাণে সচেতন হ'ল।যুগৰ পৰিৱৰ্তনৰ বতাহে নাৰী জাতিকো স্পৰ্শ কৰিবলৈ সক্ষম হৈছে ।ৰক্ষণশীলতাৰ  বেহু  ভেদ কৰি  আজিৰ নাৰীয়ে পুৰুষৰ সমানে আগবাঢ়ি নিজৰ প্ৰতিভা বিকাশ আৰু প্ৰকাশৰ বাবে ওলাই  আহিব পাৰিছে।
 আজিৰ এই বিজ্ঞানৰ যুগত , আধুনিক প্ৰযুক্তি বিদ্যাৰ জয় যাত্ৰাৰ দিনত  এজনী ছোৱালীয়ে নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে। আৰ্থিক ভাৱে ঘৰ খনক ,মানুহ জনক সহায় কৰিব বিচাৰে, সকাহ দিব বিচাৰে। আগৰ দৰে ঘৰৰ চাৰি বেৰৰ মাজতে আৱদ্ধ থাকিব নিবিচাৰে আজিৰ নাৰীয়ে । এক প্ৰকাৰ উচ্চাকাংক্ষী বুলি ক'ব পাৰি আজিৰ নাৰী সমাজক। নিজক প্ৰতিষ্ঠা কৰাৰ দৌৰত, কেৰিয়াৰৰ প্ৰতি থকা উচ্চাকাংক্ষাই তেওঁলোকক যেন আপোনজনৰ পৰা বহু দূৰলৈ লৈ গৈছে। 
   যুগৰ পৰিৱৰ্তনে আমাৰ মনবোৰও যেন পৰিৱৰ্তিত কৰি তুলিছে। যুগৰ পৰিৱৰ্তনে আমাৰ সহজ-সৰল মনবোৰ জটিল কৰি তুলিছে। আমাৰ মনবোৰ যেন মকৰা জালত বন্দী হৈ পৰিছে। আজিৰ বহু নাৰীয়ে মুক্ত ভাৱে জীৱন কটাব বিচাৰে। বিবাহ বন্ধনক বহুতে বন্ধন বুলি ভাবে।সংসাৰ নামৰ বান্ধোনত আবদ্ধ হোৱা মানেই যেন জীৱনটো ধ্বংস হোৱা। সন্তান জন্ম দিয়াৰ ক্ষেত্ৰতো সকলো দিশ চালি-জাৰি চাইহে আগবাঢ়ে। কেৱল সেয়ে নহয় আজিৰ নাৰী সকল খুবেই যুক্তিবাদী। যিয়ে বহু  সময়ত বহু সমস্যাৰো সৃষ্টি কৰে। 
  বৰ্তমান আমাৰ সমাজত  আধুনিকতা, প্ৰগতি আৰু নাৰীবাদৰ নামত একাংশ নাৰী সামাজিক শৃংখলাৰ বেহু ভাঙি বৃত্তৰ বাহিৰলৈ ধাৱমান হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে অৱশ্যে নাৰীও বহু আছে, যি উত্তৰণমুখী মানসিকতাৰে প্ৰকৃত মূল্যবোধক অৱলম্বন কৰি আপোন অস্তিত্ব আৰু অধিকাৰৰ দাবীত নিৰন্তৰ যুঁজ কৰি আছে। সভ্যতাৰ তেজী ঘোঁৰাত ধাৱমান হৈও নিজ দায়িত্ব -কৰ্তব্য পাহৰা নাই, মানৱীয়তা বিসৰ্জন দিয়া নাই। মানৱীয় মূল্যবোধ পাহৰি যোৱা নাই বাবেই ঘৰ খন ,সমাজ খন হালি নপৰাকৈ , বিভেদকামী শক্তিয়ে ,অপ শক্তিয়ে অনিষ্ট কৰিব নোৱাৰাকৈ পাৰ্যমানে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰি আহিছে।    একৈশ শতিকাৰ এই বিজ্ঞানৰ যুগত নাৰী শক্তি ভালদৰেই জাগ্ৰত হৈছে বুলি ক'ব পাৰি। নাৰী সমাজে পূৰ্বৰ তুলনাত তেওঁলোকৰ মনৰ দিগন্ত প্ৰসাৰিত হোৱাৰ লগতে দৃষ্টি ভংগী তথা মন-মগজুৰ অৰ্থাৎ মানসিকতাৰ ক্ষেত্ৰত উদাৰ মনোভাৱ দেখুৱাবলৈ সক্ষম হৈছে। এটা সময়ত এক ঠেক পৰিসীমাত আৱদ্ধ হৈ থকাৰ পৰা আজিৰ এই সময় খিনি লৈ নাৰীৰ উত্তৰণৰ যি গতি সেই গতি একেবাৰেই মসৃণ নাছিল। তথাপি নাৰীয়ে নিজৰ স্থিতি ৰক্ষা কৰিবলৈ সক্ষম হ'ল। সেই সকলো বাধা,অসুবিধা অতিক্ৰম কৰি নাৰীৰ মানসিক ধ্যান-ধাৰণাৰ যি প্ৰভূত উত্তৰণ ঘটিল সি নাৰী জাতিৰ বাবে চৰম প্ৰাপ্তি বুলি ক'ব পাৰি।
   আজিৰ নাৰীয়ে নিজকে পৰাধীন বুলি নাভাৱে।নাৰীক অৱলা বুলি ভবা দিন উকলিল। সুচিন্তিত শিক্ষা আৰু সঠিক মূল্যবোধেৰে আজিৰ নাৰী দৃঢ় মনৰ অধিকাৰী। নিজৰ স্থিতি জগতক জনাবলৈ আজিৰ নাৰী যেন বদ্ধপৰিকৰ।আজিৰ নাৰী বাস্তৱবাদী আৰু দূৰদৰ্শী। সংকীৰ্ণতাৰ বেহু ভেদ কৰি আজিৰ নাৰীয়ে আগবাঢ়ি যাব বিচাৰে। আজিৰ নাৰীৰ লক্ষ্য কেৱল বিবাহ বান্ধোনত আৱদ্ধ হোৱা আৰু সন্তান জন্ম দিয়া নহয়। ইয়াৰ বিপৰীতে আজিৰ নাৰীয়ে নিজ স্বকীয়তাৰে উজ্বলি উঠিব বিচাৰে। বিচাৰে নিজ পৰিচয়েৰে পৰিচয় দিবলৈ। সময় সলনি হোৱাৰ লগে-লগে আমাৰ চৌপাশৰ পৃথিৱীখনৰো প্ৰায় প্ৰতিটো কথাই সলনি হয়। যিটো এক অৱধাৰিত নিয়ম। যুগৰ পৰিৱৰ্তনে নাৰী সমাজলৈও পৰিৱৰ্তন কঢ়িয়াই আনিলে। মূল্যবোধৰো  পৰিৱৰ্তন সাধন হ'ল, ৰূপান্তৰ ঘটিল। এই খিনিলৈকে সকলো ঠিকেই আছে। কিয়নো এইবোৰ একো-একোটা স্বাভাৱিক প্ৰক্ৰিয়া।নাৰী সমাজলৈও যি সমূহ পৰিৱৰ্তন আহিল সেই সকলোখিনিয়ে যেন এক জোনাকী বাটৰ সন্ধান দিলে।আজিৰ নাৰী প্ৰগতিৰ পথত । নাৰী শক্তি আজি জাগ্ৰত ।নাৰী আজি স্বাধীন। কিন্তু সকলো কথাৰে এটা সীমা থকাৰ দৰে নাৰী সকলেও প্ৰাপ্য স্বাধীনতা বা অধিকাৰৰ যাতে অপপ্ৰয়োগ নহয় সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, সচেতন হ'ব লাগিব ।যুগৰ পৰিৱৰ্তন ঘটিল বুলিয়ে ,আধুনিক বুলি পৰিচয় দিবলৈ গৈ নিজস্বতা পাহৰি যোৱা অনুচিত। ঘৰৰ চাৰি বেৰৰ মাজৰ পৰা ওলাই আহি বৰ্হিঃজগতৰ সৈতে খোজ মিলাবলৈ সুবিধা পোৱাটো  নাৰী সমাজৰ বাবে যেন এক পৰম সৌভাগ্য । নাৰীৰ প্ৰতি থকা পূৰ্বৰ সেই ধাৰণাৰ পৰিৱৰ্তন ঘটাৰ বাবেই নাৰীয়ে আজি আকাশ চোৱাৰ সপোন দেখিব পাৰিছে। ৰক্ষণশীল মনোভাৱ, ঠেক  মনোভাৱ আদিয়ে এটা সময়ত নাৰীক বান্ধি ৰখাৰ  বিপৰীতে আজিৰ নাৰীয়ে আধুনিকতাক আকোৱালি লোৱাত ব্ৰতী হৈছে। বেহু ভাঙি,সকলো বাধা আঁতৰাই আজিৰ নাৰী সামাজিক মঞ্চলৈ ওলাই আহিছে। জ্ঞান চক্ষু মুকলি  হৈ আজিৰ নাৰীয়ে সম অধিকাৰ ,অন্যায় , বিচাৰ আদিৰ বিপক্ষে প্ৰতিবাদ কৰিব পৰা হ'ল। মূল্যবোধৰ বিকাশ সাধনেৰে বিকশিত হৈ নাৰীয়ে বাহিৰৰ মুকলি ক্ষেত্ৰ খনত পদাপৰ্ণ কৰিবলৈ তথা নিজ প্ৰতিভাৰে উজ্বলি উঠাৰ লগতে নিজৰ স্থিতি মজবুত কৰিব পৰাকৈ দৃঢ়  হোৱাৰ লগতে এক আত্ম প্ৰত্যয় আৰু আত্ম বিশ্বাসৰ অধিকাৰী হৈ জীৱনৰ সকলো ক্ষেত্ৰতে নাৰী সকল উন্নতিৰ জখলাত বগাবলৈ সক্ষম হোৱাৰ লগতে সময় আগ বঢ়াৰ লগে-লগে নাৰীও পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়ি যাবলৈ সক্ষম হ'ল। এক কথাত ক'বলৈ গ'লে নাৰীৰ বাবে সূচনা হ'ল এক নতুন যুগৰ। 
    কিন্তু এটা কথা ঠিক যে নাৰী যিমান  আগবাঢ়ি গ'লেও কিন্তু কোনো কাৰণতে নাৰী সুলভ আচৰণ আদি ত্যাগ কৰা উচিত নহয়। সুক্ষ্ম অনুভূতি সমূহ নাৰীয়ে অন্তঃত পাহৰি যোৱা উচিত নহয়।জীৱনটো উপভোগ কৰাৰ অধিকাৰ সকলোৰে আছে।কিন্তু ইও এটা নিৰ্দিষ্ট সীমাৰ মাজত থাকি কৰা উচিত।জীৱনত আগবাঢ়ি যোৱাৰ তাড়নাত মানৱীয় গুণ সমূহ পাহৰি গ'লে নহ'ব। কেৰিয়াৰ বা প্ৰতিষ্ঠা লাভৰ উচ্চাকাংক্ষাই তেওঁলোকক যাতে মানৱীয় গুণ সমূহ পাহৰাই  নেপেলায়। আধুনিকতাৰ কৰাল গ্ৰাসত নাৰী সকল যাতে হেৰাই নাযায়। 
    নাৰী স্বাধীনতা বা নাৰী স্বতন্ত্ৰতাই নাৰীক বিপথে পৰিচালিত কৰিছে বা নাৰীয়ে স্বাধীনতাৰ অপপ্ৰয়োগ কৰিছে আদি নাৰীৰ বিপক্ষে অভিযোগ শুনা যায়। এনে অভিযোগৰ অৱশ্যে ভিত্তি ও নোহোৱা নহয়। নাৰী  উন্নতিৰ দিশত অগ্ৰসৰ হোৱাটো নাৰীৰ বাবে, সমাজ তথা দেশৰ বাবেও এক গৌৰৱৰ বিষয়। সমাজ তথা দেশৰ উন্নতিত নাৰীৰ ভূমিকা অনস্বীকাৰ্য।নাৰী সমাজে সেয়ে নিজৰ পদ মৰ্যদা ৰক্ষা কৰি  চলিবলৈ চেষ্টা কৰা উচিত। সময় সলনি হ'লেও, যুগ সলনি হ'লেও নাৰীয়ে নিজক পাহৰি যোৱা অনুচিত। অন্যথা  ঘৰুৱা পৰিৱেশ,সামাজিক পৰিৱেশ আদিত  চুড়ান্ত বেমেজালি, বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব। যুগৰ পৰিৱৰ্তনে নাৰী সমাজক যি নতুন দিশৰ সন্ধান দিলে সেই জোনাকী বাটেৰে খোজ দি সকলোৰে মংগল চিন্তা কৰি নাৰী সকল পোহৰৰ পথে বাট বুলিলে সকলোৰে মংগল।
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)