তুমি কুশলে আছানে আই- নিজৰা বৰ্মন ডেকা

©Admin
0
আজি দেখোন আই মোৰ তোমালৈ 
পৰিছে বৰকৈ মনত 
তুমি বাৰু কুশলে আছনে আই ? 
কাহানিবাই এৰি গ'লা তুমি 
অথাই সাগৰত পেলাই থৈ
অশান্ত মন তোমাৰ নুমলী জীৰ
বুজাম কেনেকৈ তোমাক
আছ যে গৈ দূৰৈৰ সীমনাত 
কাহানিও লগ নোপোৱাৰ পথত ।
সন্ধিয়া আকাশৰ তলত বহি
তোমাৰ সৈতে পঢ়া বৰকৈ পৰিছে মনত 
মুকলি প্ৰশ্ন মোৰ তোমালৈ
নপৰেনে মনত তোমাৰ
পেটমচা ছোৱালী জনীলৈ
জানানে বাৰু মোৰ চেনেহী আই
দুখৰ বিশাল সাগৰত
আছো মই কক্ বকাই ।
তুমি বাৰু কুশলে আছনে আই
তৰাভৰা আকাশত বিচাৰি ফুৰিছোঁ সদায়
আছা নেকি দূৰ দিগন্তৰ পৰা মোলৈ চাই ?
বুকুৰ অভিধানত লিখা আছে এটি শব্দ 'আই'
যাৰ মিঠা পৰশত ঠাই লয় হাজাৰ টা কবিতাই ।
নিজম নিশাৰ নিৰিবিলিত 
মোৰ বৰ ভয় হয় 
কিয়নো তোমাৰ বুকুৰ উম যে নাই।
কিয় জানো বৰকৈ আমনি কৰে
তোমাৰ সেমেকা চকুহালেৰে যেন নিগৰিছে
প্ৰচণ্ড বাৰিষাৰ দোকোল-টোকা বান
ভয় হয় মোৰ তুমি বাৰু কুশলে আছনে আই! 

নিজৰা বৰ্মন ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)