নীলা খামৰ চিঠি-কৰিস্মা কলিতা

@admin
0
প্রতি , 
অভিমানী ল'ৰাজনলৈ। চকুলৈ চাই কথা ক'ব নোৱাৰা ল'ৰাজনৰ খবৰ চাগে ভাল। আজি তোমাৰ কথা বৰকৈ মনত পৰাতহে কলমটো হাতত তুলি লৈছোঁ। অতীত যদি নাথাকিলহেঁতেন হয়তো স্মৃতিবোৰও নাথাকিলহেঁতেন। অতীতৰ স্মৃতিবোৰেও বৰকৈ আমনি কৰে জানা। তুমি খুব সুন্দৰ অভিনয় কৰিলা অ' মোৰ জীৱনৰ স'তে আৰু মই পাগলীয়ে তোমাৰ অভিনয়ক সচাঁ মৰম, ভালপোৱা বুলি ভাবি কল্পনা ৰাজ্যত উটি ভাহি আছিলোঁ। তোমাৰ অভিনয়ক শলাগিছোঁ। বিচৰা ধৰণে তুমি সুখী হোৱা। তোমাৰ সুখতে মই সুখী। দিন বাগৰি মাহ হ'ল আৰু আজি এটি বছৰ সম্পূর্ণ কৰি তুমি আঁতৰি যোৱা দিনবোৰ সময়বোৰ গণি আছোঁ। আবেলিবোৰ খুবেই বেদনাদায়ক জানা। দিনবোৰ যেন শ্মশানৰ একো একোটা পুতুলা। মই নাজানোঁ কোনটো জনমৰ ভুল আছিল মোৰ। আজি সেই অতীতৰ স্মৃতিবোৰলৈ বৰকৈ মনত পৰিছে। কিন্তু কি কৰিবা সময় বৰ নিষ্ঠুৰ। তুমি অবিহনে মই যেন এতিয়া এটা ডাঙৰ শূণ্য। তোমাক লৈ জীৱনৰ প্রতিটো সপোন দেখিছিলোঁ।‌ এতিয়া যে সকলোবোৰ নিৰৰ্থক। ধূলি হৈ চৌপাশে উৰি উৰি মোকে ডুবাও ডুবাও। অট্যহাস্য কৰে আজিৰ সময়ে। সোঁৱৰাই মোৰ সেই কালসন্ধিয়াবোৰক। সকলোবোৰ সপোন কলিতে ধূলিস্যাৎ হৈ পৰিল। অন্তৰেৰে দিয়া মৰমৰ ভাষাক তুমি বুজি নাপালা। সকলো সলনি হৈ গ'ল। কেৱল মই হে থমকি ৰ'লো। তুমি যেতিয়া আনৰ বুলি গম পাইছিলোঁ তেতিয়া হৃদয়ৰ ভাষাবোৰ হেঁৰাই গৈছিল। ক'ত জানোঁ শুনিছিলোঁ "প্রতিশ্রুতিয়েও প্রতাৰণা কৰে" কথাখিনি মোৰ বাবেই লিখিছিল চাগে। তোমাৰ এটি সৰু ভুলে পলকতে সকলো থানবান কৰি দিলে। যি কি নহওঁক। যি হ'ব লগা আছিল হৈ গ'ল। মই বা তুমি আমি ইজনে আনজনৰ বাবে নহয়। তুমি য'তে আছা সুখত থাকা কুশলে থাকা তাৰ বাবে ভগবানক সদায় প্ৰাৰ্থনা কৰিম।         
         
ইতি 
তুমি এৰি যোৱা অভিমানী,অবুজন ছোৱালীজনী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)