হীৰাফুলঃ মোৰ ভালপোৱাৰ হাতত - শ্যামল বৰা

©Admin
0
তোমাৰ বগা গোলাপ হেন গাৰ গোন্ধত
মাজনিশা হীৰাফুল ফুলে
ওমনি পৰিব খোজা এজাক সপোনৰ গানত
বহেমিয়ান জোনাকী নাচে,
নিয়ৰৰ কবিতা সৰি পৰে 
হেমন্তৰ একা বেঁকা বাটে ঘাটে…

পাৰভগা উচাহৰ ঢলে
এজাক কলপতীয়া বৰষুণ মাতে…
দুভৰি তিতে
দুচকুত তৰাফুল নাচে,
তোমাৰ বগা গোলাপ হেন গাৰ গোন্ধত
মাজনিশা হীৰাফুল ফুলে…

তুমি কোন ? কাচিয়লী সুৰুয নে স্নিগ্ধ জোন?
নে উভতনিৰ বাটত ভালপাব খোজা মোৰ এজাক ৰূপোৱালী সপোন?
ৰুণজুন ৰুণজুন…

জেতুলী পকা হাতেৰে এমুঠি ৰ’দ সামৰে
দুপৰ বেলা ডাকোৱালৰ জোলোঙাত 
তোমাৰ দুখুৰীয়া খবৰ এটা উলমি আহে…
তোমাৰ বগা গোলাপ হেন গাৰ গোন্ধত
মাজনিশা হীৰাফুল ফুলে…

তোমাৰ মেঘ কোমল চুলি আঁৰত
মোৰ আধালেখা কবিতাৰেই কথা,
তোমাৰ সজল গভীৰ বুকুৰ ভাঁজত
জনম জনমৰ ভাললগা বেথা,
আৰু হাজাৰটা যাযাবৰী নিশা….

সচাঁকৈ,
তোমাৰ বগা গোলাপ হেন গাৰ গোন্ধত
মাজনিশা হীৰাফুল ফুলে॥

শ্যামল বৰা
গৱেষক ছাত্ৰ
কটন বিশ্ববিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)