বৃথা প্ৰয়াস-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
আঁউসীৰ জোনাকৰ ক্লান্ত সময়
নিৰিবিলি সময়ৰ অৱসাদেৰে ভৰা
চিৰস্থায়ী মৌনতাৰ সময়
ছায়াহীন জীৱনৰ প্ৰতিচ্ছবি।
জীৱনৰ মাদকতা নোহোৱা হৈছে
জীৱনৰ বিষাদবোৰে ধূসৰিত কৰিছে
দুচকুৰ অশ্ৰুৰ দলিছা পাৰি
পলকতে হেৰুৱা হিতাহিত জ্ঞানে
হৃদয়খনি নিথৰুৱা কৰিছে বাৰুকৈয়ে।
ঠিকনা হেৰুৱা পোহৰ বাটৰ
সন্ধান কৰা বহু বছৰেই পাৰ হৈ গ'ল
কিন্তু পোহৰৰ বাট বিচাৰিও
আন্ধাৰ বাটৰ দুৱাৰ মুকলি কৰি
অন্ধকাৰৰ মাজলৈ ঠেলি দিয়ে মোক।
নাজানো কিয় ইমান নিঃসংগ
কিয় নিঃস্তব্ধ সময়ৰ নূপূৰ বাজে
অভিমানী হৃদয়ৰ মাজত গুণ গুণ সুৰ হৈ 
সপোনবোৰো মৰহি যায় গোলাপপাহিৰ দৰে
আশাবোৰেও বাট হেৰুৱাই।
নিঃসংগতাৰ কাৰাগাৰৰ পৰা
নিজকে মুকলি কৰাৰ বৃথা প্ৰয়াস
নীৰৱতাৰ মাজত বিফলতাই
যেতিয়া মোক বন্দী কৰি ৰাখে
তেতিয়া যেন এক অজান শিহৰণে
মোৰ দুৰ্বল শৰীৰ কঁপাই তোলে
সঁচাকৈয়ে বৃথা প্ৰয়াস মোৰ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)