জীৱনৰ নাট- হিয়াশ্ৰী শিৱম

©Admin
0
শতসহস্ৰ জীৱনৰ গুণা গঁঠা,
কাহিনী জীপাল কৰি 
প্ৰাতঃকালৰ ৰাঙলী 
সূৰুযৰ কিৰণে 
ৰাখিছে আৱৰি চৌদিশ।
জননী জন্মদাত্ৰী
আইৰ প্ৰাণৰ স্পন্দনত
সিৰাই সিৰাই বোৱাই আনে,
কত জীয়া কাহিনীৰ
তৰা ভৰা আকাশৰ
জোনাকী আভা।
প্ৰকৃতিৰ চন্দ্ৰালী ৰূপৰ 
 মাদকতা,কিছু
সুৰৰ স্বৰলিপি,
শব্দৰ জোঁট বান্ধি 
সৃষ্টি হয় সীমাৱদ্ধ 
কাব্যৰ এক 
শ্ৰুতিমধুৰ মালা।।

◾হিয়াশ্ৰী শিৱম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)