যীশু- কুমুদ ঘোষ

©Admin
0
'নায়ক'-ৰ উত্তম কুমাৰ
নে 'ইউলিচিচ' হাতত তুলি লোৱা মেৰিলিন মনৰো?
'অপুৰ সংসাৰ'-ৰ শৰ্মিলা ঠাকুৰ
নে 'পথেৰ পাঁচালী'-ৰ ডাঙৰ চকুৱা অপু? 
বেদনাৰ পৱিত্ৰ অঙঠাত দগ্ধ এজন বিষণ্ণ মানুহ
নে প্ৰথম চাকৰি পোৱাৰ আনন্দত উচ্ছল তৰুণ?
কোন? কোন? কোন? 
পৃথিবীৰ সবাতোকৈ সুন্দৰ মানুহ কোন? 
এই প্ৰশ্নৰ উত্তৰত
বৃদ্ধ বৰগছজোপাই ক'লে
যিজন মানুহে ক্ষমা কৰিব পাৰে তেওঁ।


মূলঃ অংশুমান কৰ (বাংলা) 
অসমীয়া অনুবাদঃ কুমুদ ঘোষ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)