তাই আহিবনে - মিন্টু গোৱলা

©Admin
0

লাহে লাহে বেলিটি লহিয়ালে
চোতালৰ বকুলজোপাৰ তলত  বহি
 প্ৰেয়সী আহিব বুলি অপেক্ষাত আছোঁ।

বেলিটি ৰঙা হৈ পাহাৰৰ চুক
 এটাত সোমাই পৰিছে 

 কিন্তু ??

ইমান অপেক্ষাৰ পিছতো তাই নাহিল ।

তাই আহিব বুলি আশাক নিৰাশা
 নকৰি হেঁপাহৰে অপেক্ষাত আছোঁহি ,
তাইৰ কথাবোৰ ভাৱি।

 প্ৰিয় প্ৰেয়সীজনী  আহিলে 
বকুলজোপাৰ তলত দুয়ো 
নীৰৱে বহি পাতিলোঁ 
হেঁতেন বুকুৰ গোপন কথাবোৰ 

তাই আহিব বুলি 
অপেক্ষা কৰি আছোঁহি।

তাই আহিলে মোৰ বুকুখন 
 এখনি প্ৰেমৰ সাগৰ হৈ  বৈ যায় 
য'ত বৈ যায় মৰম, ভালপোৱা,আৱেগ, 
অনুভূতি,খং,অভিমান বোৰ ।

তাই আহিব নে ??
চোতালৰ বকুলজোপাৰ তলত ।
              ✍️ মিন্টু গোৱলা, 
             লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)