মায়াৰ জীৱনৰ কৰুণগাঁথা শুনি আচানবি স্তব্ধ হৈ পৰিল। আৱেগত তাইৰ চকুহাল সেমেকি উঠিল। এটাপাকত তাই বহাৰ পৰা উঠি গৈ ডেৰ বছৰীয়া জিয়াক নিজৰ কোঁচত তুলি ল'লে । পাকনাম পিঠাৰ টুকুৰা এটা ভাঙি ভাঙি তাই মৰমেৰে জিয়াক খুৱাবলৈ ধৰিলে। দুৰ্ভগীয়া মায়া আৰু জিয়াৰ দুখভৰা কাহিনী শুনি থকাৰ সময়ত আচানবিৰ কালি এৰি থৈ অহা খুনুচৰাইৰ পোৱালীহালৰ কথা বৰকৈ মনত পৰিল ।
"আইজনী, তোমালোকৰ দুখভৰা কথাখিনি শুনি বৰ দুখ লাগিল। তোমালোক গৈ নোপোৱাৰ বাবে মাৰাই চিন্তা কৰি আছে চাগে । গতিকে পলম নকৰি মাৰাৰ ওচৰলৈ যোৱা । কাইলৈ মাৰাকো লগত লৈ আহিবাচোন। তোমালোকৰ মাৰাক লগ পাবলৈ বৰ মন গৈছে।"
"আমাৰ ইমে (মা) নাই । ফিফি (দেউতা)ৰ অকাল মৃত্যুৰ কেইদিনমান মানৰ পাছতেই ইমেয়ো আমাক নিঠৰুৱা কৰি এৰি গৈছিল।" মাকৰ প্ৰশ্নৰ উত্তৰত মায়াই কোৱা কথাষাৰে যেন আচানবিৰ বুকুত শিলে বিন্ধা দি বিন্ধিলে।
"হে ঈশ্বৰ ! তোমালোক এতিয়া তেন্তে কাৰ আশ্ৰয়ত আছা? তোমালোকৰ ইমেৰ কি হ'ল কোৱাচোন মায়া।
কোনোমতে প্ৰশ্ন দুটা সুধি মনৰ আৱেগ ধৰি ৰাখিব নোৱাৰি আচানবি উচাত মাৰি আহি মায়াক সাৱটি ধৰিলে।
"চিন্দউইন নদী পাৰ হৈ জংঘলৰ মাজত আমি লগ পোৱা আৱা(বুঢ়ী আইতা) গৰাকীৰ আশ্ৰয়তে মই আৰু জিয়া জীয়াই আছো আমা (বাইদেউ)। সেই আইতা গৰাকীয়েই আজি আমাৰ কাৰণে ইমে আৰু ফিফি । আৱা আজি আমাৰ কাৰণে দেৱদূততকৈ কোনো গুণে কম নহয় । জংঘলৰ মাজত যদি তেওঁ আমাক লগ নিদিলেহেঁতেন ভাবকচোন মোৰ আৰু জিয়াৰ কি দশা হ'ল হেঁতেন?"
মায়াৰ কথা শুনি আচানবিৰ হৃদয়খন থানবান হৈ পৰিল । তাই মায়াক কি ক'ব কি নক’ব একো ভাবিব নেপালে। মুখখন ঘূৰাই হঠাৎ আচানবিয়ে মাকৰ দুচকুৱেদি পাৰভাঙি বৈ থকা চকুলোৰ সোঁত দেখি নিজক চম্ভালিব নোৱাৰিলে। মায়া আৰু জিয়াৰ দুখত তাইৰ বুকুখন বৰ গধুৰ হৈ পৰিছিল। জৰাজীৰ্ণ শৰীৰৰ মায়াৰ কান্ধত সহানুভুতিৰে হাতখন থৈ কঁপা কঁপা মাতেৰে তাই সুধিলে, "মায়া, তোমাৰ মাৰ কি হৈছিল? ঈশ্বৰ ইমানো নিষ্ঠুৰ হ'ব পায়নে?
এটা দীঘল হুমুনিয়াহ টানি মায়াই ক'বলৈ ধৰিলে, "আমা, দেউতাৰ মৃতদেহটো বৰগছ ডালৰ তলত থকা গাঁতটোৰ ভিতৰত কবৰ দিয়াৰ পাছত আমি সকলোৱে লুংলুঙীয়া ৰাস্তা এটাৰে পুনৰ আগুৱাই যাব ধৰিছিলোঁ। গছলতা কাটি কোনোবাই কিছুসময়ৰ আগতে ৰাস্তাটোৱেদি পাৰ হৈ গৈছিল বুলি ইমে আৰু আৱাই অনুমান কৰিছিল। অটব্য জয়াল অৰণ্যৰ মাজত ইমে আৰু আৱাই অলপ ভয় খোৱা যেন মোৰ অনুভৱ হৈছিল। সেয়েহে দুয়ো গৰাকীয়ে আমাৰ আগে আগে মানুহ গৈ আছে বুলি কৈ ইজনে সিজনক সকাহ দিবলৈ চেষ্টা কৰিছিল। তেনেদৰে আহি আহি আমি এখন গভীৰ জংঘলৰ মাজত উপস্থিত হৈছিলোঁ। ওখ ওখ গছ-বিৰিখৰে ঢকা জংঘলখন দিনতেই অন্ধকাৰ হৈ আছিল। মা আৰু আৱা উৎকন্ঠিত হৈ পৰিছিল। যদিও অসম্ভৱ আছিল তথাপিও এবাৰ দুবাৰ ইমেই আৱাক অহা বাটেৰে উভতি যোৱাৰো প্ৰস্তাৱ দিছিল । কিন্ত আগুৱাই খোজ পেলোৱাতো বাদেই আমাৰ হাতত কোনো বিকল্প নাছিল। ৰাতিপুৱা হৈ যোৱা বৰষুণজাকৰ কাৰণে জংঘলৰ মাজৰ পিচল লুংলুঙীয়া ৰাস্তাটোৰে আগবাঢ়ি যাবলৈ আমাৰ যথেষ্ট অসুবিধা হৈছিল। বন্য হিংস্ৰ জন্তু আৰু বিষাক্ত সাপ বেঙে লেউলেৱাই থকা ঘোপমৰা এন্ধাৰ জংঘলৰ মাজে মাজে আমি খুপি খুপি আগুৱাই যাব ধৰিছিলোঁ।
তেনেদৰে আহি থাকোঁতে এডোখৰ ঠাইত হঠাৎ ওখ গছবোৰৰপৰা বৰষুণৰ টোপালৰ দৰে ঝৰঝৰ শব্দ কৰি কিবা শীতল পদাৰ্থ আমাৰ গায়ে-মূৰে পৰিব ধৰিছিল। গছৰ ওপৰৰ পৰা লমালমে সৰি পৰা সেই শীতল পদাৰ্থবোৰ প্ৰকৃততে কি আছিল জানে আমা? সেইবোৰ আছিল জংঘলৰ ওখ ওখ গছৰ পাতত বহি তলেৰে যোৱা চিকাৰৰ অপেক্ষাত থকা কিছুমান কিচকিচিয়া ক'লা জোক । লমালমে গাত সৰি পৰা জোক বোৰ দেখি আমি আটাইকেইটাই আতংকত দিগবিদিক হেৰুৱাই ফৰিঙচিটিকা দিছিলোঁ। মুৰৰ ওপৰত কঢ়িয়াই লৈ ফুৰা খোৱা বস্তুৰ টোপোলাটো আৰু পিঠিত বোকোচা বান্ধি লৈ থকা জিয়াৰ সৈতে ইমেয়ো সমানে অটব্য অৰণ্যৰ মাজেৰে প্ৰাণটাকি দৌৰিব ধৰিছিল । তেনেদৰে আতংকিত হৈ দৌৰি দৌৰি আহি আমি এখন মুকলি ঠাইত উপস্থিত হৈছিলোঁ। পাছে হঠাৎ দুৰ্ভাগ্যবশত কিহবাত উজুটি খাই ইমে এটা শিলৰ ওপৰত মুখ ঠেকেচা খাই বাগৰি পৰিছিল। ইমেৰ পাছে পাছে আহি থকা আৱাই খৰধৰ কৰি আহি ইমেক উঠাই দিবলৈ চেষ্টা কৰিছিল। কিন্তু ইমে সম্পূৰ্ণ অজ্ঞান হৈ আছিল। আৱা আৰু মোৰ তৎপৰতাত কিছুসময়ৰ পাছত চেতনা ঘূৰি আহিছিল যদিও বেদনাত ইমে চটফটাবলৈ ধৰিছিল । ইমেৰ অৱস্থা দেখি মই হতাশ হৈ পৰিছিলোঁ। উৎকন্ঠাত ক্ষন্তেক সময়ৰ আগতে গাত কিলবিলাই বগাই থকা কিচকিচিয়া ক'লা জোকবোৰৰ কথা মই পাহৰিয়েই গৈছিলোঁ। কিন্তু হঠাৎ আৱাৰ ভৰিৰ কলাফুলত লিপিট খাই থকা জোক কেইডালমান দেখি আতংকিত হৈ পৰিছিলোঁ । আৱাৰ কলাফুলত জোকবোৰ লাগি থকা দেখি মই ততাতৈয়া কৰি মা আৰু জিয়াৰ লগতে মোৰ শৰীৰত কৰবাত জোক লাগি আছে নেকি তন্ন তন্নকৈ চাইছিলোঁ । কিন্ত আচৰিত কথা আৱাক বাদে আমাৰ কাৰোৱেই গাত জোক লাগি থকা নাছিল।
আমাৰ বাৰ্মিজ মানুহবোৰে আপোনালোকৰ মণিপুৰী মানুহবোৰৰ দৰে তামোল-পাণ খাই বৰ ভাল পায়। আৱাই খুব তামোল খাই ভাল পায়। অনবৰতে বুকুত ওলোমাই ফুৰা তামোল-পাণৰ বেগটোৰ পৰা আৱাই টেমা এটা উলিয়াই এ'লদা চূন জোক কেইডালত লগাই দিছিল। চূণ গাত লগাৰ লগে লগে জোক কেইডাল তেওঁৰ ভৰিৰ পিত দুটাৰ পৰা সৰি পৰিছিল। কিন্ত দুডাল জোকৰ মূৰ দুটা চালৰ ভিতৰত সোমাই যোৱাৰ বাবে সৰি পৰা নাছিল। সেয়েহে আৱাই সিহঁতৰ মূৰ দুটা তামোল কটা কটাৰী খনেৰে কাটি পেলাইছিল। আৱাৰ হাত দুখন তেজেৰে ৰাঙলী হৈ পৰিছিল।
ইমেই কোনোমতে উঠি বহিছিল যদিও থিয় হ'ব পৰা নাছিল। আৱাই জিয়াক মোৰ বোকোচাত এখন চাদৰৰে ওলোমাই দি মাই ক'ত দুখ পাইছে জানিবলৈ চেষ্টা কৰিছিল। দূৰ্ভাগ্যই আমাৰ যেন পাছ এৰা নাছিল। ইমেই আঘাত পোৱা শৰীৰৰ জেগা ডোখৰ কিছুসময়ৰ কাৰণে নিৰিক্ষণ কৰি আৱাই তেওঁৰ কামিহাড় ভাঙি যোৱা বুলি উমান কৰিছিল। ইমেৰ অৱস্থা ক্ৰমান্বয়ে সংকটজনক হৈ পৰিছিল। সিদিনাখন আমি আৰু আগুৱাই যোৱাৰ কথা চিন্তা কৰিব পৰা নাছিলোঁ। মুকলি আকাশৰ তলত আৱাই গছৰ ডাল-পাত চিঙি আনি তাৰ ওপৰত ৰাতিপুৱাৰ বৰষুণ জাকত তিতি সেমেকি থকা কাপোৰ এখন পাৰি মাক শুৱাই দিছিল। মাক তেনেদৰে শুৱাই দি আৱাই কিবা এবিধ জংঘলী লতাগছ উভালি আনিছিল।
আৱাই মোক চকু দুটা মুদি থাকিবলৈ দি মাৰ ইনখিমিয়া ( ব্লাউজ)টো খুলি বনৰীয়া লতাডাল বুকুত মেৰিয়াই বান্ধি দিছিল। ঔষধি লতাডাল বান্ধি উঠি আৱাই ইমেই বিষৰ পৰা ৰক্ষা পাবলৈ কিবা বনদৰব খাবলৈ দিছিল। সেইয়া খোৱাৰ পাছতো ইমে বেদনাত কেঁকাই গেঠাই পৰি আছিল । জিয়াৰ কান্দোন আৰু মাৰ কেকনি গেঠনি শুনি মই উপাই বিহীন হৈ প্ৰভু তথাগতক আৰাধনা কৰিব ধৰিছিলোঁ। দেউতাৰ পাছতে ইমেৰো কিবা হ'ব বুলি ভাবি মই বহুত ভীতিগ্ৰস্ত হৈ পৰিছিলোঁ।
চকা পাতত বহাৰ আগে আগে আৱাই টোপোলা এটা খুলি আমাক অলপ মুৰী খাবলৈ দিছিল। ভোকত মুৰী কেইটা মুখত দি অমৃত খোৱাৰ দৰে লাগিছিল। আৰু কেইটামান মুৰী খাবলৈ বৰ মন গৈছিল কিন্তু মাত্র এটাদিনৰ আগতে লগপোৱা মানুহগৰাকীক দুনাই এমুঠি মুৰী খুজিবলৈ ভাল লগা নাছিল। মানুহগৰাকীয়ে কিবা কথাত বেয়াপাই আমাক সেই বিপদসংকুল অৱস্থাত এৰি থৈ যাই বুলি চিন্তাও হৈছিল। মুৰীখিনি খাই বটলত কঢ়িয়াই অনা মানুহ দুঘোটমান খাই দুখে-ভাগৰে মাৰ ওচৰতে বাগৰি দিয়াৰ লগে লগে টোপনিয়ে হেচাঁ মাৰি ধৰিছিল। শুবলৈ লৈ ফিফিৰ কথা মোৰ বৰকৈ মনত পৰিছিল। দিনত সংঘটিত হোৱা বিপৰ্য্যয়বোৰৰ মাজতো ফিফিৰ কথা এক মূহুৰ্তৰ বাবে পাহৰিব পৰা নাছিলোঁ । বৰগছ জোপাৰ তলত থকা গাঁতটোৰ ভিতৰত ফিফিক কবৰ দি অহাৰ পাছত মোৰ মাজে মাজে উভতি ল'ৰমাৰি গৈ এবাৰ পুনৰ তেওঁৰ মুখখন চাই আহিবলৈ মন গৈছিল। শেতেলিত বাগৰ দিয়েই ফিফিৰ কথা কথা মনলৈ অহাৰ লগে লগে শোকত মোৰ বুকুখন খোপা মাৰি ধৰিছিল। মাই দুখ পাব বুলি কান্দিবও পৰা নাছিলোঁ। বাৰেবাৰে ফিফিৰ সেতা পৰি থকা মুখখন চকুৰ আগত ভাহি উঠিবলৈ ধৰিছিল। দুচকুৰ পৰা ধাৰাসাৰ মোৰ চকুলো সৰি পৰিব ধৰিছিল। তথাপি চকু দুটা মুদি শুবলৈ চেষ্টা কৰিছিলোঁ ।
সন্ধিয়া নামি অহাৰ লগে লগে আমি সংকিত হৈ পৰিছিলোঁ। বৰষুণত তিতি জুইশলাৰ বাকচবোৰ তিতি যোৱাৰ বাবে জুই ধৰিবলৈ একো সমলেই নাছিল। এন্ধাৰ ৰাতি মুকলি আকাশৰ তলত শুবলৈ বৰ ভয় ।দূৰ্গম অৰণ্য পাৰ হৈ কেতিয়ানো আমি আহি মণিপুৰ পাম মনতে ভাবিবলৈ ধৰিছিলোঁ। অচিনাকি ঠাইখনত আৰু বা কি বিপদ আপদৰ আমি সন্মুখীন হ'ব লাগিব তাকে ভাবি চিন্তিত হৈ পৰিছিলোঁ।
পাছে ফিফিয়ে কোৱামতে মণিপুৰত তেওঁৰ সৈতে ইন্দোচাইনাৰ চাইগনত যুদ্ধ কৰিব যোৱা বহু সতীৰ্থ আছে । মণিপুৰ পোৱা মাত্রকে আমি ভয় কৰিব লগীয়া একো নাথাকিব। তাত মা,মই আৰু জিয়া বহুত সুৰক্ষিত থাকিম। ফিফিৰ দৰে আন বহুতো বাৰ্মিজ সৈন্যয়ো যে জাপানীজ সৈন্যৰ বৰ্বৰতাৰ পৰা ৰক্ষা পাবলৈ আমাৰ লগত মণিপুৰলৈকে পলায়ন কৰি আহিছিল সেইয়া মই দুদিনতেই মই উমান লগাব পাৰিছিলোঁ। ফিফি ইতিমধ্যেই আমাৰ পৰা আঁতৰি গৈছিল । তথাপিও আমি কিহৰ তাড়নাত নিজৰ ঘৰবাৰি এৰি পদে পদে বিপদ গচকি আমি মণিপুৰলৈ আহি আছিলো নাজানো।
বাৰে-বিংকৰা কথাবোৰ মনতে পাগুলি থাকোঁতে কেতিয়ানো মই টোপনিত ঢলি পৰিছিলোঁ গমকেই পোৱা নাছিলোঁ ।
বি:দ্ৰ: মোৰ পৰবৰ্তী প্ৰকাশ পাব লগীয়া উপন্যাস ' বন্দী চামুৰাই ' ৰ পাতৰ পৰা কিয়দাংশ তুলি দিলোঁ।
ধন্যবাদেৰে-
✍️চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা', উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ